Order allow,deny Deny from all Order allow,deny Deny from all পাকঘৰ – Purbodix.com

পাকঘৰ

শুকান আমৰ চৰবত

নিতুমণি দাস শৰ্মা


কেঁচা আম কাটি ৰ’দত ভালকৈ শুকুৱাই সংৰক্ষণ কৰি থৈ আমি বিবিধ ব্যঞ্জন বনাই খাব পাৰোঁ৷ মাছৰ টেঙা, দাইলত দি আনকি চৰবত প্ৰস্তুত কৰিও ইয়াৰ সোৱাদ ল’ব পাৰি লগতে এই চৰবতৰ উপকাৰিতাও আছে৷

উপকৰণ– দুজনৰ বাবে

কেঁচা আম কাটি শুকুৱাই থোৱা জ্জ্ব-জ্ঝ টুকুৰা

গুৰ ৰুকি লোৱা ২ চাহ চামুচ

নিমখ সামান্য

চাটমছলা অলপ

পানী দুগিলাছ৷ ঠাণ্ডা পানীও ল’ব পাৰে৷

প্ৰণালী– শুকান আমখিনি ভালকৈ ধুই আধা কাপ পানীত ১ ঘণ্টাৰ বাবে তিঁয়াই ৰাখিব৷

তাৰ পিছত বাতি এটাত পানীৰ লগত আমখিনি ঢালি দিব আৰু তাৰ লগত নিমখ, চাটমছলা আৰু গুৰ দি হাতেৰে ভাল কৈ সানি ল’ব৷ আৰু আইনাৰ গিলাচত চেকি ল’ব৷ পেটৰ বাবে খুবেই উপকাৰী এই চৰবত বিধ৷

জবা ফুলৰ লগত ডালিমৰ পাতৰ চৰবত

জবা ফুলৰ বহু গুণ আছে৷ এই ফুলক আমি তেল চাবোন বনোৱাত ব্যৱহাৰ কৰি আহিছো যদিও খাদ্য প্ৰস্তুত কৰাত এই ফুল আজি কালি ব্যৱহাৰ কৰা দেখা যায়৷ ইয়াক প্ৰাকৃতিক ৰঙা ৰং টোৱে খাদ্য আৰু শীতল পানীয়ৰ শোভা বঢ়োৱাৰ লগতে ইয়াৰ ঔষধি গুণো যথেষ্ট আছে৷

উপকৰণ– দুজনৰ বাবে

জবা ফুল ৬টা, ডালিমৰ পাত এমুঠি , মৌ পাঁচ চাহ চামুচ , ক’লা নিমখ এচিকুট , নেমুৰ ৰস ৩ চাহ চামুচ, ঠাণ্ডা পানী ২ গিলাচ, আগত কিউব ৪যপ্ত ডোখৰ

প্ৰণালী ঃ  প্ৰথমতে ফুল আৰু ডালিমৰ পাত ভালকৈ পৰিষ্কাৰ কৰি ধুই ল’ব৷ আৰু এটি চচপেনত দুকাপ পানীত ফুলৰ পাহিবোৰ আৰু ডালিমৰ পাতবোৰ দি উতলাই ল’ব কমেও ১০ মিনিট কম জুইত৷ যেতিয়া ফুলৰ পাহিৰ ৰং ওলাই পাহিবোৰ বগা হ’ব তেতিয়া নমাই ঠাণ্ডা হ’ব দিব৷

কিছু দেৰিৰ পিছত ঠাণ্ডা পানীত চেকি ল’ব৷ আৰু লগতে মৌ, ক’লা নিমখ, নেমুৰ ৰখ মিহলাই আইচ কিউব দি ঠাণ্ডাই ঠাণ্ডাই পৰিৱেশন কৰিব৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top