Order allow,deny Deny from all Order allow,deny Deny from all পিয়ানো কিডছৰ বৰ্ষপূৰ্তি (ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ) – Purbodix.com

পিয়ানো কিডছৰ বৰ্ষপূৰ্তি (ৰূপকাৰ চিনে এণ্টাৰপ্ৰাইজ)


ৰাজ্যৰ আগশাৰীৰ সংগীত প্ৰতিষ্ঠান ‘পিয়ানো কিড্‌ছ’ৰ শতাধিক প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীয়ে যোৱা ৭ এপ্ৰিল তাৰিখে পিয়ানো বাদনৰ এক বৰ্ণাঢ্য অনুষ্ঠানেৰে প্ৰতিষ্ঠানটোৰ জ্জ্বম বৰ্ষপূৰ্তি গুৱাহাটীৰ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উদ্‌যাপন কৰে৷ ছাত্ৰ-ছাত্ৰীসকলৰ এই সংগীতানুষ্ঠান তথা পাৰদৰ্শিতাই সংগীত অনুৰাগীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে৷ প্ৰখ্যাত পিয়ানো বাদক কুশল কৃষ্ণ দেৱ গোস্বামীৰ পৰিকল্পনা আৰু পৰিচালনাৰে অনুষ্ঠিত সংগীতানুষ্ঠানটিৰ শিৰোনাম আছিল ‘নাইট অৱ দ্য লিটিল পিয়ানিষ্ট’৷ অনুষ্ঠানটি আৰম্ভ হৈছিল কুশল কৃষ্ণ দেৱ গোস্বামী দ্বাৰা স্বৰলিপি ৰূপান্তৰিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ বিৰচিত ‘মুক্তিত নিস্পৃহ যিটো’ বৰগীতটোৰ সুৰেৰে৷ পল্লৱী দাসৰ নেতৃত্বত প্ৰতিষ্ঠানটোৰ শিক্ষাথীৰ্সকলৰ দ্বাৰা ঝংকাৰিত হোৱা সুৰটোৱে সন্ধিয়াটো মোহনীয় কৰি তুলিছিল৷ কাৰ্যকৰী সভাপতি ড॰ দেৱব্ৰত খনিকৰ আৰু সভাপতি ড॰ ৰিপু কুমাৰ গগৈৰ আদৰণি ভাষণৰ পিছতে অনুষ্ঠিত হোৱা বন্তি প্ৰজ্বলন অনুষ্ঠানত বিশিষ্ট গায়ক, সুৰকাৰ স্বৰ্গীয় চাৰু গোঁহাই আৰু কুশল কৃষ্ণ দেৱগোস্বামীৰ প্ৰেৰণাৰ উৎস তেখেতৰ স্বৰ্গীয়া মাতৃ মামণি মহন্তৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়৷ বন্তি প্ৰজ্বলন অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ক্ৰমে চাৰু গোঁহাইৰ পত্নী শেৱালী গোঁহাই আৰু স্বৰ্গীয়া মামণি মহন্তৰ বোৱাৰী মনালিছা গোস্বামীয়ে৷ ইয়াৰ পিছতেই বিশিষ্ট কণ্ঠশিল্পী জে পি দাসে দুটি গীতেৰে তেখেতৰ বন্ধু প্ৰয়াত চাৰু গোঁহাইৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে৷ ইয়াৰ পিছতে আৰম্ভ হয় মূল কাৰ্যসূচী৷ অনুষ্ঠানত পিয়ানো কিডছৰ পাৰদৰ্শী ছাত্ৰ-ছাত্ৰীসকলে পিয়ানোৰ স্বৰেৰে প্ৰেক্ষাগৃহ গুঞ্জৰিত কৰি তোলে৷ তেওঁলোকৰ পিয়ানোত বাজি উঠিছিল ‘লুডৱিগ ভান বিথোভেনৰ ‘অ’ড টু জয়’, বিষ্ণু প্ৰসাদ ৰাভাৰ চিৰসেউজ ‘বিলতে হালিছে ধুনীয়া পদুমী’, জে পি দাসৰ জনপ্ৰিয় গীত ‘পৰিচয় বিহীন’, জুবিন গাৰ্গৰ ‘মায়াবিনী’, পৰম্পৰাগত বিয়া নাম, দ্বীপেন বৰুৱাৰ চিৰসেউজ গীত ‘কোনে আজি আবেলি’, জয়ন্ত হাজৰিকাৰ ‘তোমাৰ মৰমে মোৰ’, ড॰ ভূপেন হাজৰিকাৰ অমৰ সৃষ্টি ‘হে দোলা হে দোলা… বৰ বৰ মানুহৰ দোলা’, এটা বিহু সুৰ, জনপ্ৰিয় খ্ৰীষ্টমাছ গীত ‘জিংগল বেলছ’, নতুন শিক্ষাৰ্থীসকলৰ বাবে ‘পাজল চিৰিজ’, শেষত ‘অ’ মোৰ আপোনাৰ দেশ’ৰে অনুষ্ঠানটি সামৰণি মৰা হয়৷ ব্যতিক্ৰমীভাৱে শিক্ষাৰ্থীসকলে নিজেই এই অনুষ্ঠানৰ আঁত ধৰি দৰ্শকক আপ্লুত কৰিছিল৷


এই সমগ্ৰ অনুষ্ঠানটি পৰিচালনা কৰোঁতে ইমান বিপুল সংখ্যক ছাত্ৰ-ছাত্ৰী সু-শৃংখলভাৱে আগবঢ়াই লৈ যোৱাটো কুশল কৃষ্ণ দেৱ গোস্বামীৰ বাবে আছিল এটা বৃহৎ প্ৰত্যাহ্বান৷ যাক শিল্পীগৰাকীয়ে সুকলমে সম্পন্ন কৰাটো প্ৰতিভাত হৈছিল দৰ্শকসকলৰ সন্তুষ্টিপূৰ্ণ মুখত৷ শ্ৰী গোস্বামীক আয়োজক কমিটিয়ে সম্বৰ্দ্ধনা জনোৱাৰ লগতে মুখ্য অতিথিসকল ক্ৰমে প্ৰখ্যাত সংগীত পৰিচালক তথা কণ্ঠশিল্পী জে পি দাস, বিশিষ্ট কণ্ঠশিল্পী দ্বীপেন বৰুৱা, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শব্দযন্ত্ৰী যতীন শৰ্মাকো সম্বৰ্দ্ধনা জনায়৷
অসমবাসীৰ বাবে গৌৰৱৰ বিষয় যে গুৱাহাটীৰ ‘পিয়ানো কিড্‌ছ’ৰ প্ৰতিষ্ঠাপক গুৰু কুশল কৃষ্ণ দেৱ গোস্বামীয়ে ইতিমধ্যে অসমৰ বিয়া নাম, আই নাম, জ্যোতি সংগীত, বনগীত, বিষ্ণু ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত আতি থলুৱা প্ৰায় আঢ়ৈ শতাধিক গীতৰ পশ্চিমীয়া সুৰৰ চানেকি বা ষ্টাফ ন’টেশ্বনৰ কাম সম্পূৰ্ণ কৰিছে৷ যাৰ ফলত বিশ্বৰ যিকোনো চুকত থাকিও এইসমূহ অসমীয়া থলুৱা গীত যিকোনো দেশৰ শিল্পীয়ে পৰিৱেশন কৰাৰ প্ৰক্ৰিয়া সহজ হৈ উঠিছে৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *