Order allow,deny Deny from all Order allow,deny Deny from all পূৰ্বদিশলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা – Purbodix.com

পূৰ্বদিশলৈ মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

 ‘পূৰ্বদিশ’ৰ সোণালী যাত্ৰাত যোৱা চ্ছ জুন তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি এক বিশদ আলোচনাত মিলিত হয় পূৰ্বদিশৰ মুখ্য উপদেষ্টা আকিব জাভেদ ডাঙৰীয়াই, প্ৰকাশকদ্বয় অৰূপ কাকতি, পল্লৱ মহন্ত, কাৰ্যবাহী সম্পাদিকা তন্দ্ৰালী মূৰ্ছনা, আই টি হেড সৌৰভ ঘোষ,
বিজ্ঞাপন প্ৰচাৰক পূজা ভূঞা আৰু সদস্যা সাগৰিকা বৰা৷ এখন আলোচনী পূৰ্ণ ৰূপত জিলিকি উঠাৰ সপোন বাস্তবায়িত কৰিবলৈ হ’লে লাগিব বিজ্ঞজনৰ পৰামৰ্শ আৰু শুভকামনা৷ কোভিদ মহামাৰীৰ শংকাপূৰ্ণ সময়ত বিভিন্ন প্ৰত্যাহ৩ানৰ সন্মুখীন হ’লেও
‘পূৰ্বদিশ’ৰ প্ৰতিটো সংখ্যা অতি সুন্দৰভাবে প্ৰকাশ কৰি সাহিত্যৰ ভঁড়াল পোহৰমুখী কৰি ৰখাৰ পদক্ষেপক শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে আদৰণি জনায়৷ সমাজ, সাহিত্য-সংস্কৃতিৰ বিভিন্ন বিষয়বস্তুৰে ভৰপূৰ আলোচনীখনৰ  পাঠক আৰু লেখক -লেখিকাৰ সহাঁৰি অভূতপূৰ্ব৷ ই প্ৰকৃতাৰ্থত আলোচনীখনৰ প্ৰতিটো খোজ সবল কৰি তুলিছে৷ ইউটিউব, ফেচবুক, হোৱাটছ এপৰ প্ৰচুৰ ব্যৱহাৰৰ ফলত ছপা মাধ্যম বহুক্ষেত্ৰত পিছ পৰি ৰোৱাৰ সন্ধিক্ষণত ‘পূৰ্বদিশ’ আলোচনীৰ জন্ম যেন এক আশাৰ ৰেঙণি৷ তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছে পাঠক আৰু লেখকৰ যুগলবন্দীত প্ৰকৃততে এজন বিজ্ঞ ব্যক্তি জ্যোৰ্তিময় হয়৷

মুখ্যমন্ত্ৰী
মহোদয়ৰ লগতে পূৰ্বদিশ গোষ্ঠীয়ে সাক্ষাৎ কৰে শ্ৰদ্ধাৰ কৃষি মন্ত্ৰী অতুল বৰা,
অসম চৰকাৰৰ মহাধিবক্তা, অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত লন শইকীয়া আৰু ইউ, এছ,
টি এমৰ অধ্যক্ষয সচিব প্ৰধান শ্ৰীযুত মহবুবুল হক ডাঙৰীয়াক৷ উল্লেখযোগ্য যে আলোচনীখনৰ দ্ৰুততৰ প্ৰসাৰ আৰু জনপ্ৰিয়তাৰ দিশত গতি কৰাৰ আন এটা কাৰণ হৈছে ইয়াৰ ছপা মাধ্যম আৰ বৈদ্যুতিক মাধ্যমৰ প্ৰকাশৰ বাবে৷ www.purbodix.com চাৰ্জ কৰিলে পূৰ্বদিশ আলোচনীৰ বৰ্তমানলৈ প্ৰকাশ হোৱা প্ৰতিটো বিষয়বস্তু ম’বাইল অথবা কম্পিউটাৰত পঢ়িবলৈ পাব৷ পূৰ্বদিশৰ ফেচবুক পেজত কাৰ্যৱলী নিৰীক্ষণ কৰি পাঠকে লেখা পঠিয়াই সুন্দৰ মন্তব্যৰে শুভকামনা যাচিছে৷ অসমৰ অগণন লোক বাহিৰৰ ৰাজ্য নতুবা দেশত চাকৰি সূত্ৰে থকাৰ বাবে বৈদ্যুতিক মাধ্যমত ‘পূৰ্বদিশ’ আলোচনীখন পঢ়াৰ সুবিধা কৰা হৈছে৷ অতি আনন্দৰ বিষয় যে আমেৰিকাৰ বাসিন্দা গীতাজ্ঞলী বৰুৱাই এই মধ্যমেৰে আলোচনীখন পঢ়ি ‘‘আমেৰিকাৰ ডায়েৰি’’ নামৰ এটা নিয়মীয়া লেখা ‘‘পূৰ্বদিশ’’লৈ প্ৰেৰণ কৰাত সম্পাদনা সমিতি যেন সাৰ্থক হৈছে৷ ন-পুৰণি ভাল লেখক-লেখিকাৰ সাহিত্যৰে জিলিকি উঠিছে ‘পূৰ্বদিশ’৷ অনাগত দিনত ‘পূৰ্বদিশ’ৰ বিষয়ববীয়া সকলে সমাজৰ আগশাৰীৰ বৰেণ্য ব্যক্তিসকলক সাক্ষাৎ কৰি আলোচনীখনৰ সৰ্বাংগীন উত্তৰণৰ বাবে পৰামৰ্শ গ্ৰহণ কৰিব৷ বৰ অসমৰ বিভিন্ন জাতি-জনজাতি সাহিত্য-সংস্কৃতিৰ দাপোণ স্বৰূপ ‘পূৰ্বদিশ’ আলোচনীখন বিশ্বমুখী কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে প্ৰকাশক তথা সম্পাদনা সমিতিখনে৷ এইখিনিতে মুখ্য উপদেষ্টা৷ আকিব জাভেদ ডাঙৰীয়াৰ সহযোগিতাই আলোচনীখনক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ আনহাতে পূৰ্বদিশৰ প্ৰতি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মহোদয়ে দিয়া সদৰ্থক সহাঁৰি আৰু শুভেচ্ছাই হ’ব আমাৰ যাত্ৰা পথৰ বিজয় তিলক৷ লেখক আৰু পাঠকৰ শুভকামনা শিৰত লৈ ‘পূৰ্বদিশ’ৰ এই অন্তহীন যাত্ৰাত সময় সাক্ষী হৈ ৰ’ব৷ মহামাৰী আতংক নিঃশেষ হ’লে পূৰ্বদিশে আয়োজন কৰিব এক বৰ্ণাঢ্য কাৰ্যসূচী৷ মাথো সুদিন আহিবলৈ আটায়ে কৰিছে এক বগলীমুখীয়া প্ৰতীক্ষা৷ ঈশ্বৰলৈ মিনতি, মানৱৰ জয় হওঁক৷ সেউজী ধৰণী পুনৰ জীপাল হৈ ৰওঁক৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top