এখন শীৰ্ণ নৈ আৰু তাৰে এটা মৰা সুঁতি
অৱস পানীকলত জিলিকে তাৰ কনমানি সাঁকোখনি
য’ত ওলমি আছে, চ’তৰ ৰাতিৰ পূৰ্ণিমাৰ জোনজনী।
আৰু সুঁতিৰ পাৰৰ ৰাজশ্বলা- নঙঠা নিৰ্লজ শিমলুজনী।
তাৰে এটা লঠঙা ডালত বহি ব’হাগৰ কুলিজনী
ব’হাগক ৰিঙিয়াই মাতে, গান গাই কুউউউউউউ
চ’তৰ মাজৰাতি–এৰাসুঁতিৰ নিবৰ পানীত জীৱন নামে।
জোনজনীয়ে কুলিটিক সোধে–
তইনো কাৰ মৰমত মৰিছ•
মোৰ-নে এই সঠঙা শিমলুৰ••
সদ্য ৰাজস্বলা মিচিকি হাঁহিৰে শিমলুৱে কয়।
মই যে ৰাণী–ফাগুনৰ ৰাণী।
কুলিজনী যে আলহী। ব’হাগৰ নামতী।
ওচৰৰ গাঁৱৰ ৰাংমিলিৰ ঐনিতম গোৱা–
ৰংমন–বিয়াৰ নামতী।
এৰাসুঁতিৰ নিঠৰ পানীত সৰি পৰে–
এপাহ তেজৰঙী ৰঙা শিমলু।
তাৰ ৰঙা ৰঙে ৰং সিঁচে–ছবি আঁকে
এক বিমূৰ্ত বসন্তৰ।
উন্মাদ যৌৱনা ব’হাগৰ।
[DISPLAY_ULTIMATE_SOCIAL_ICONS]