গীতু হাজৰিকা
পূৰ্বদিশৰ মেজৰ পৰা

গীতু হাজৰিকা, সাম্প্ৰতিক সময়ৰ অসমৰ অন্যতম এগৰাকী জনপ্ৰিয় তথা সফল অভিনেত্ৰী৷ সৰ্বস্তৰৰ দৰ্শক-ৰাইজক নৃত্য আৰু অভিনয়ৰ যাদুৰে আকৰ্ষিত কৰি অহা এইগৰাকী দূৰন্ত প্ৰতিভাসম্পন্ন শিল্পীক যোৱা ১৮ ছেপ্তেম্বৰত মহানগৰীৰ চলচ্চিত্ৰ ক্ষেত্ৰৰ মন্দিৰ স্বৰূপ জ্যোতি চিত্ৰবনত জ্জম বাৰ্ষিক ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকা নেচনেল এৱাৰ্ড- ২০২২ ত প্ৰদান কৰা হয় এই বৰ্ষৰ দুটিকৈ ৰাষ্ট্ৰীয় সন্মান ‘‘নেবকছ কুইন’’ আৰু ‘‘নেকবছ অসম সুন্দৰী ২০২২’’ খিতাপ৷ এই বঁটা প্ৰদান কৰা হয় জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ দ্বাৰা৷ সহযোগ কৰে বিশিষ্ট কবি-সাহিত্যিক ড॰ হেমন্ত কুমাৰ দাসে৷ অনুষ্ঠানত গীতু হাজৰিকাই সাৱলীল এটি নৃত্য পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷ উল্লেখ্য যে শিল্পীগৰাকীয়ে ইতিমধ্যে জুবিন গাৰ্গৰ মায়াবী কণ্ঠত প্ৰাণ পোৱা ‘‘মৰম মৰম’’ শীৰ্ষক গীতটিত বিবেক বৰাৰ সৈতে সুন্দৰ অভিনয় কৰিছে৷ যিটো গীত বহুল প্ৰচাৰিত হৈ ইতিমধ্যে সৰ্বজন সমাদৃত হৈছে৷ চিন্ময় প্ৰডাকচনৰ বেনাৰত নৱ নীলিমৰ সৈতে সপোন এলবামৰ ‘‘বাৰে বাৰে ভাগে’’ গীতটিতো সুন্দৰ কাম কৰিছে গীতুৱে৷ এই গীতটিৰ কণ্ঠও জুবিন গাৰ্গৰ৷ একেদৰে ৰাজ শ্বেখৰৰ নৃত্য পৰিচালনাৰে ‘‘যদি মোৰ মনে বিচাৰে’’ গীতটিৰ ভিডিঅ’টোত সুন্দৰ কাম কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ একেলগে অভিনয় কৰিছে প্ৰতিভাৱান অভিনেতা নৱ নীলিমে৷ ‘‘ফ্লিম ফেয়াৰ ফেষ্টিভেল’’ত স্থান পোৱা ‘‘দ্য ষ্টৰী’’ মুখীখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰা গীতি হাজৰিকাৰ আছে দূৰন্ত প্ৰতিভা৷ ইয়াৰ পূৰ্বতে ‘‘মহীয়সী নাৰী’’, ‘‘নেবকছ ব’হাগ বিহুৱতী ২২’’,
‘‘নেবকেছ এস্প্ৰেছ’’, ‘‘নেবকছ অসম সুন্দৰী’’, ‘‘নেবকছ কুইন’’ আদি সন্মানেৰে সন্মানিত হৈছিল গীতু হাজৰিকা৷ অহা ৩০ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা National Diamond Globe Award ২০২২ক্ট ত নিৰ্বাচিত হৈছে ক্টBest Popular Actress ২০২২ক্ট ১ বঁটাৰ বাবে৷ অভিনন্দন গীতু হাজৰিকা৷