Order allow,deny Deny from all Order allow,deny Deny from all প্ৰিয়জনৰ সমীপেষু (ডঃ গায়ত্ৰী গোস্বামী) – Purbodix.com

প্ৰিয়জনৰ সমীপেষু (ডঃ গায়ত্ৰী গোস্বামী)

aতুমি মোৰ সঁজাল ধৰা ধানৰ সজীৱ ঠোৰ,

তুমি মোৰ সপোনৰ সীমাহীন সোপান,

তুমি মোৰ ৰণুৱা ঘোঁৰাৰ তেজাল গতি,

তুমি মোৰ শান্তিৰ সুললিত সুৰ,

তুমি মোৰ জীৱনৰ জীয়া জীয়া সময়,

তুমি মোৰ পৃথিৱীৰ চৰ্তহীন গান,

তুমি মোৰ হৃদয়ৰ স্বতঃস্ফূৰ্ত হেন্দোলনী,

তুমিয়েইতো অকবিত্মময় কবিতাৰ দূৰন্ত ৰহঘৰা

সেয়ে তুমিয়েই মোৰ পৃথিৱীৰ প্ৰোথিত, প্ৰত্যাশিত শ্ৰেষ্ঠ কবিতা৷ 

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top