Order allow,deny Deny from all Order allow,deny Deny from all প্ৰেম – Purbodix.com

প্ৰেম

ইন্দিৰা দেৱী

মোৰ পৰা তেওঁৰ ঘৰলৈ দুখোজৰ বাট৷

ইহজনম পৰজনম উজাই উজাই

মই অক্লান্তা৷

সৰু সৰু শিপাবোৰে পোখা মেলি

শীৰ্ষমৃত্তিকাত পোত খাইছিলহে মাত্ৰ,

আকাশমুখী সেউজীয়া আগটোৰপৰা

বিহ্বলিত ঠাল-ঠেঙুলিবোৰে

আহল-বহলকৈ হাতবোৰ মেলি দিছিল৷

জিৰজিৰীয়া বতাহৰ সিৰসিৰনিত

উদভ্ৰান্ত হৈ দিকভ্ৰান্ত নহ’লেও,

উভতি চালে তেওঁৰ ছাঁটোত আজিও

মোৰেই প্ৰতিবিম্ব প্ৰতিবিম্বিত হয়৷

অপৰিসীমৰ সীমাত ৰৈ

ৰৌদ্ৰোজ্জ্বল পুৱাত সদ্যস্নাতা কোনো মহিমাময়ীৰ

আকুল আহ্বানত এদিন তেওঁ বিলীন হৈ গ’ল৷৷

মোলৈ এৰি থৈ গ’ল

ক্ষত-বিক্ষত ক্ষোভৰ দগমগীয়া জুইকুৰা৷

পুনৰ,

নেদেখাকৈয়ে তেওঁৰ গোপন প্ৰত্যাৱৰ্তন৷

উটি বুৰি ক’ৰবাত হেৰাই যোৱা

এতিয়া মই

এটা মৃত আত্মা৷৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top