
তোমাক কাষত বিচাৰি
অলপ নিৰ্জনতাক গিলিলো
হৃদয়লৈকে শিপাই গ’ল
তুমিও আহিলা, বুকুও ভৰালা
মইহে হেৰাই গ’লো
বিলীনতাত অস্থিৰতাত
ৰাতিৰ নিজানত মাধৱ
ৰাধাৰূপিনী
হৃদয়ৰ ৰাধা সমস্ত সত্ত্বাত
অনুভৱ কৰি
কৃষ্ণ, ৰাধাৰূপিনী
বিৰহৰ আত্মীয়তা
ৰাধা – কৃষ্ণৰ সম্পূৰ্ণতা
তুমি আৰু মই
আৰু, একোকে নালাগে
মৰুভূমিৰ তপত বালিৰ মাজতো
প্ৰেমৰ মলয়া সুবাস বলিব
তুমি চাই দিলেই’
এখনি নদী বুকুলৈ বৈ আহিব…
[DISPLAY_ULTIMATE_SOCIAL_ICONS]