Order allow,deny Deny from all Order allow,deny Deny from all প্ৰৱাহিনী (ৱাহিদ আহমেদ) – Purbodix.com

প্ৰৱাহিনী (ৱাহিদ আহমেদ)

এই নদীখনৰ কাষত আহিলেই 

মনৰ দুখবোৰ 

বৰ পাতল হোৱা যেন লাগে, 

জানো তুমি ইয়াত নাই 

তথাপিও তোমাক বিচাৰি আহোঁ 

এই নদীৰ পাৰলৈ, 

তুমি কিয় নদী নোহোৱা! 

তুমি নদীখনৰ দৰে হোৱাচোন 

 

তুমি নদী হ’লেই 

তোমাৰ কাষলৈ আৰু বহু 

প্ৰেমিক আহিব 

যাৰ হৃদয়খন কাহানিবাই

প্ৰচণ্ড চাপত চাৰখাৰ হৈ গৈছে

তুমি নদী হৈ 

পানীৰ ধাৰত 

সেই দুখবোৰ ধুই নিবা… 

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top