Order allow,deny Deny from all Order allow,deny Deny from all ‘‘ফাগুন, তুমি মোৰ আজন্ম প্ৰেমিক’ (’ৰিণুমণি বৰুৱা) – Purbodix.com

‘‘ফাগুন, তুমি মোৰ আজন্ম প্ৰেমিক’ (’ৰিণুমণি বৰুৱা)

তোমাৰ অনুপম অনুভৱৰ মৃদু মধু সমীকৰণত 

আপোন পাহৰা কল্পনাৰে বৰ্ণিল জীৱনৰ আহে আহে

প্ৰাপ্তিৰ আবেগেৰে ৰছো মই জোনাক সৰা

উন্মাদ শীতাৰ্ত নিশাৰ শুষ্ক ওঁঠত মৌ বৰষাই

কোমল উদ্দিপীত অনুৰাগৰ এখন প্ৰেমৰ নদী

মাথো তোমাক পুনৰ লগ পোৱাৰ অজুহাতত৷

 

আছুতীয়া প্ৰেমৰ উন্মাদনাত হিয়াৰ গভীৰ উপত্যকাত

শিহৰিত অনুভৱৰ প্ৰতিশ্ৰুতিবোৰত অলিখিত

মায়া সানি জীপাল কৰি লিখিব খোজো মই

অপেক্ষাৰ জীৱন্ত নিজস্ব আমেজেৰে স্মৃতিৰ

মায়াৱী শব্দৰ অনুৰণনত বৰ্ণময় প্ৰেমৰ স্তৱক

কেৱল উন্মনা ফাগুনক লগ পোৱাৰ বাবেই৷৷

 

অসীমৰ সীমা ঠেলি মায়াৱী অনুভৱেৰে চিৰন্তন প্ৰেমৰ

কোমল উদ্দীপনাৰে সঁচা জীৱনৰ ৰং ছটিয়াই

জীৱন্ত সপোনবোৰত পলাশ, শিমলু, কিম্বা

মদাৰৰ তেজৰঙা ৰংবোৰে আবিৰ সানে

কেৱল উন্মনা ফাগুনৰ স্বপ্নময় আবেগৰ

ফল্গুধাৰাত সৃষ্টিৰ অবুজ মায়াৰ যেন

উমাল নিবিৰ আকুল প্ৰতিশ্ৰুতি

মাথোঁ পুনৰ লগ পোৱাৰ বাবেই

কাৰণ…

চিৰ যৌৱনা ফাগুন তুমি যে মোৰ

আজন্ম প্ৰেমিক…….. vv

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top