বছৰি আহে ব’হাগ, আহে ৰঙালী
উখল-মাখল উতলে বিহুতলী৷
ব’হাগ মানে নতুন সাজ, মনে-প্ৰাণে
ৰঙালীয়ে বিলায় সুবাস, গানে গানে
ব’হাগে যেন কৈ যায়, থাকিবা মিলিজুলি
বছৰি আহে ব’হাগ, আহে ৰঙালী৷
বসন্ত প্ৰেমৰ ঋতু, জানা যুগে-যুগে
তথাপিও থাকোঁ আমি, কিয় ভাগে-ভাগে
প্ৰেম এৰি ঘৃণাৰ হাতৰ
ধৰোঁ কিয় আঙুলি
বছৰি আহে ব’হাগ, আহে ৰঙালী৷
ভুল নহয় ফুলালে ফুল, খোজে প্ৰতি
মিলাপ্ৰীতিত আগুৱালে, কোৱা কিনো ক্ষতি
হিংসা মানে ধ্বংস জানা
অহিংসতহে উৰুলি
বছৰি আহে ব’হাগ, আহে ৰঙালী৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]