Order allow,deny Deny from all Order allow,deny Deny from all বলটো যেতিয়া নাচি থাকে খেলপথাৰত (গায়ত্ৰী ফুকন) – Purbodix.com

বলটো যেতিয়া নাচি থাকে খেলপথাৰত (গায়ত্ৰী ফুকন)

বলটো যেতিয়া

নাচি থাকে

খেলপথাৰত

বিশেষ কায়দাৰে নচুৱাই

থকা সুঠাম কলাফুলবোৰৰ

প্ৰেমত ডুবে খেলপথাৰখন

বলটো হৈ পৰে

ধুনীয়া সপোন

সুঠাম ভৰিবোৰ প্ৰেম

বলটো হ’ব পাৰে

ক্ৰিকেটৰ

নতুবা ফুটবলৰ

নতুবা অন্য কিবা

নতুবা বলিউড

হলিউডৰ

ৰঙীন সপোন

 

বলটো হাতত লোৱাৰ পাছত

প্ৰেমিক ল’ৰাজনে দেখে

বলটো ইমান ফোপোলা

সুঠাম ভৰিবোৰ ক’ৰবাত হেৰাই গ’ল

বল এৰি

আকৌ উভতি যাব খুজিলে

সেউজীয়া বিচাৰি

আইৰ বুকুৰ সেউজীয়া

ল’ৰালিৰ টেঙা বলটো বিচাৰি

যিটো ফোপোলা নহয়৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top