ৰূপত ৰহণ সানি
নৱ উন্মেষৰ আগমনী বতৰা৷
বাটৰুৱাই ৰৈ ৰৈ উণায়,
কৰ্ণকুহৰত বাজি ৰয় চিনাকি এটি সুৰ৷
যিয়ে পৰিচয় কঢ়িয়াই আছে,
প্ৰজন্মৰ পৰা প্ৰজন্মলৈ৷
ঢোলৰ ছেৱৰ শব্দত, গিৰিপ গিৰিপ নাচোনৰ লহৰত
কিমান যে কাহিনী, অলিখিত অকথিত৷
কুলিৰ মাতত ব’হাগ আহিব৷
নাহৰ, কপৌ, কেতেকীয়ে খোপা শুৱনি কৰিব
আৰু আমি বান্ধ খাই ৰম আত্মৰসতে৷
সুৰটোৱে গুণগুণাই গাব
ব’হাগৰ গীত৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]