
চ’তৰ চেৰেকীয়ে আইৰ স’তে মিতিৰালি কৰাৰ দিনৰ পৰাই ব’হাগে মনত পোখা মেলিছিল৷ বাউলি বৰদৈচিলা জাক হিলদল ভাঙি মাকৰ ঘৰলৈ যোৱা পৰতো যেন আমাক ব’হাগ অহাৰ বতৰা দি গৈছিল৷ ফাগুনে লঠঙা কৰি যোৱা গছবোৰত কুঁহিপাতবোৰে পোখা মেলা পৰত মনত অহৰহ ব’হাগ ব’হাগ লগা অনুভৱ এটাই মনটোক ভৰাই তুলিছিল জেতুকা পাতৰ ৰংবোৰৰ দৰে৷
ড॰ ভূপেন হাজৰিকাদেেৱ কোৱাৰ দৰে-“ব’হাগ মাথোঁ এটি ঋতু নহয়যনহয় ই এটি মাহযঅসমীয়া মানুহৰ ই আয়ুসৰেখায গণজীৱনৰ ই সাহ৷’’
প্ৰতিজন অসমীয়াৰ হৃদয়ত ব’হাগ জীয়াই আছে৷ গোহালিত পিতায়ে মাহ-হালধিৰে গৰুকেইটা নোৱাওতে ধোৱাওতে, আইৰ চিনাকি আখলখনত তিলপিঠা-ঘিলাপিঠাবোৰ মোক খা, মোক খাকৈ ফুৰফুৰাই গোন্ধাই থাকোঁতে, আইতাই হেলেঙী বোৱাই তামোল খাই খাই বাৰীত এশ এবিধ শাক বিচাৰি ফুৰোতে, ককাদেউতাই সংক্ৰান্তিৰ দিনা গোঁসাই ঘৰৰ থাপনাত শৰাইখন সজাওতে, কণকণ ল’ৰা-ছোৱালী কেইটাই হুচৰি মাৰিবলৈ আহি পদূলি মুখত নঙলা খুলি যেতিয়া “কৃষ্ণাই মূৰতে বকুল ফুল এপাহিয নিয়ৰ পাই মুকলি হ’ল ঐ গোবিন্দায় ৰাম৷’’ বুলি গাইছিল সেই প্ৰতিটো মূহূৰ্ত্তত ব’হাগ আমাৰ মনত সাৰ পাই উঠিছিল৷ নাচনীৰ খোপাৰ কপৌফুল পাহত, আইৰ জপাৰ ফুলাম গামোচাখনত প্ৰতিবছৰে ব’হাগ যেন নকৈ সাৰ পাই উঠে ফুলে-ফলে জাতিষ্কাৰ হৈ৷
ব’হাগত আছে সম্প্ৰীতিৰ বান্ধোন৷ ব’হাগে ঢোলৰ বৰতিয়ে আঁতি আঁতি বন্ধাৰ দৰে সকলোকে বান্ধি পেলায় আদৰ-মৰম আৰু হেঁপাহেৰে৷ হুচৰিযোৰাৰ “এটা বাটিত নহৰুযএটা বাটিত পনৰুযএটা বাটিত খুতৰা শাকযমূৰৰ চুলি চিঙি আশীৰ্বাদ কৰিছোঁযগৃহস্থ কুশলে থাক বুলি দিয়া আশীৰ্বাদত বুকুখন ঠন ধৰি উঠে৷
আচলতে ব’হাগৰ ৰঙেৰে সকলো মতলীয়া হয়৷ ঢোল-পেঁপা-গগণাৰে প্ৰতিটো ব’হাগত গাঁৱ-চহৰ মুখৰিত হয়৷ প্ৰবাসী অসমীয়া সকলেও বিদেশত থাকিও ব’হাগ বিহু আৰু পৰম্পৰাবোৰক জীয়াই ৰখা বিভিন্ন সামাজিক মাধ্যমত পৰিলক্ষিত হয়৷ ব’হাগ আমাৰ প্ৰতিজন অসমীয়াৰ বুকুতে প্ৰতিপল জীয়াই আছে৷ সেয়েহে আমি জী আছো ব’হাগৰ ৰঙেৰে৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]