Order allow,deny Deny from all Order allow,deny Deny from all বাৰ লগ পোৱা হ’লে (মামণি গগৈ হাজৰিকা) – Purbodix.com

বাৰ লগ পোৱা হ’লে (মামণি গগৈ হাজৰিকা)

ভালপোৱাৰ জ্যামিতিত

তুমি মই দুডাল সমান্তৰাল সৰলৰেখা

কাহানিও মিলিত নোহোৱা…

 

তথাপি মনে কয়,

এবাৰ লগ পোৱা হ’লে…

 

প্ৰতিশ্ৰুতিৰ এজাক বৰষুণত তিতি-বুৰি

হৃদয়ত সিঁচি থোৱা বিশ্বাসৰ বীজবোৰ

জীপাল কৰিবলৈ,

এবাৰ লগ পোৱা হ’লে…

ফাগুনে লঠঙা কৰা ডালত বসন্তৰ সুহুৰিত

মনৰ ভিতৰত পুহি ৰখা

পূৰৈ ৰঙী সপোনটোৱে

বাগৰ সলাবলৈ,

সৰলৰৈখিক দূৰত্বেৰে জীৱনৰ গতি

 

তথাপি মনে কয়,

এবাৰ লগ পোৱা হ’লে..

এজোলোকা অভিমান লৈ

তোমাৰ ওঁঠৰ শব্দৰ ৰাগিত মাতাল হৈ

হৃদয়ে হৃদয়ে জুমি চাবলৈ…৷৷ 

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top