
তোমাৰ ভুল আছিল নে মোৰ ভুল আছিল নাজোনো,
হৃদয়খন কিন্তু মোৰহে টুকুৰা টকুৰ হ’ল/ (ৰ)
তুমি মোৰ ইমান প্ৰয়োজন কেতিয়া হৈ গৈছিলা তাকো নাজানিলো৷
পুৱাবোৰ আৰম্ভ হৈছিল তোমাক লৈ
ৰাতিবোৰো শেষ হৈছিল তোমাক লৈ
অপেক্ষাবোৰৰ ফাঁকে ফাঁকেও তুমিয়েই আছিলা
গাঁঠি থকা শব্দবোৰৰ উচ্চাৰণতো তুমিয়েই আছিলা
খিল-খিল হাঁহিত তুমি
অভিমানত তুমি
কল্পনাৰ বাকৰিতো তুমিয়েই তুমি
অশান্ত মনটো শান্ত কৰাৰ মাধ্যমো তুমিয়েই আছিলা
এই যে ‘আছিলা’ তাতে তোমাক থলোঁ
তুমি যে ‘আছা’ সেইটো আৰু সংযোগ নকৰো (২)
মৌন তৰ্ক৷
শব্দই শব্দই ঘঁহনি নোখোৱাকৈয়ে হৈছিল নিতৌ এখন মৌন যুদ্ধ
কোনো হাৰি যোৱা নাছিল
কোনো জিকাও নাছিল
ভাল লগা নাছিল৷ (৩)
মোৰ মৃত্যুত তুমি দিবানে
এটা মৌন প’ষ্ট
এখন ফটো আৰু তাৰ তলত থাকিব
মোক আমনি কৰা পক্ষীজনী উৰি গুচি গ’ল অজান
দেশলৈ…
এহ কিনো বলকিছো
বিচ্ছেদৰ চাকনৈয়াত বিৰহী হৈ ঘুৰিছো
তুমিয়ো আছিলা
আছাতো নহয়
থাকক দিয়া৷ (৪)
[DISPLAY_ULTIMATE_SOCIAL_ICONS]