
২০২০ চনৰ দৰেই ২০২১ চনটোত বছৰটোৰ প্ৰায় মাজভাগলৈ গোটেই বিশ্বৰ বাবে শাপিত সময়ত পৰিণত হৈছে মহামাৰী কৰোনাৰ ফলত প্ৰায় সকলো দেশতেই লকডাউন চলা বাবে৷ অসমো ইয়াৰ ব্যতিক্ৰম নহয়৷ লকডাউনৰ সময়ছোৱাত অসমীয়া কিতাপৰ অনলাইন বিক্ৰী, হোম ডেলিভাৰী আদি ব্যৱস্থাৰ আৰম্ভণি হৈছিল আৰু বিক্ৰীও আশাপ্ৰদ হোৱা বুলি শুনা গৈছিল৷ কিন্তু লকডাউনৰ সামৰণিৰ পিছত সেই বিক্ৰীৰ পৰিমাণ স্বাভাৱিকতেই কমি আহিছে৷ লকডাউনে অসমীয়া পাঠকৰ অধ্যয়ন আৰু ক্ৰয়ৰ মানসিকতাক কেনেদৰে প্ৰভাৱিত কৰিছে, সেই বিষয়ে এক গভীৰ অধ্যয়ন হোৱাৰ প্ৰয়োজন আছিল আৰু সেই অধ্যয়নে অসমৰ প্ৰকাশন ব্যৱসায়ক নতুন গতি দিয়াত সহায় কৰিলেহেঁতেন৷ কিতাপৰ বিক্ৰী আৰু প্ৰকাশে সাহিত্যক কিছু ধৰণে সহায় কৰিব ঠিকেই, কিন্তু অকল কিতাপৰ বিক্ৰী মানেই যে সাহিত্যৰ বিকাশ নহয়, সেই কথাটোও উপলব্ধি কৰাৰ প্ৰয়োজন আছে৷
এইক্ষেত্ৰত পূৰ্বদিশকে ধৰি কেইখনমান আলোচনীৰ মানদণ্ড দিনকদিনে উন্নত হৈ অহাতো, অসমীয়া সাহিত্যৰ বাবে এক আশাপ্ৰদ খবৰ৷ সকলো ধৰণৰ দোকান-পোহাৰ খোলা হেতুকে কিতাপ ভালপোৱাসকলৰ প্ৰয়োজনলৈ চাই নীতি-নিয়ম মানি গ্ৰন্থমেলাৰ আয়োজন কৰা হোৱাটো, গ্ৰন্থপ্ৰেমীৰ বাবে এটা অন্যতম সুখবৰ হৈ পৰিছে৷ অকল কিতাপ বিক্ৰী কৰি প্ৰকাশক আৰু দোকানীসকলে লাভ কৰক, অকল সেই দৃষ্টিকোণেৰে নহয়, বন্ধ হৈ থকা গ্ৰন্থপ্ৰেমীসকলৰ মনবোৰক আনন্দ দিয়াৰ বাবেও এই গ্ৰন্থমেলাৰ প্ৰয়োজন আছে৷ ক’ভিড প্ৰট’কল মানি চৰকাৰী উদ্যোগত এই গ্ৰন্থমেলা আয়োজন হয়তো বিশাল নহ’ব, কিন্তু এনে আয়োজনে কিতাপ অনুৰাগীসকলক অনুপ্ৰাণিত কৰিব৷ এই গ্ৰন্থমেলা কিছু পৰিমাণে আৱয়বিক আৰু বাকীখিনি অনলাইন ব্যৱস্থাতো হ’ব পাৰে৷ চৰকাৰে নকৰিলেও গ্ৰন্থ প্ৰকাশক আৰু ব্যৱসায়ীসকলৰ যি বিশাল সংগঠন আছে, তেওঁলোকেই এই দায়িত্ব পালন কৰা উচিত৷ যি কিতাপৰ ব্যৱসায়েই তেওঁলোকৰ জীৱিকা, সেই ব্যৱসায়ৰ নতুন নতুন দিশ আৰু নতুন নতুন সম্ভাৱনা আৱিষ্কাৰ কৰাটো তেওঁলোকৰ অন্যতম দায়িত্ব৷ সংগীত-নাটক-চিনেমা আদিৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে বিভিন্ন সংবাদ মাধ্যমে যেনেদৰে সহায় কৰে, সেই সহায় বা পৃষ্ঠপোষকতা অসমীয়া কিতাপে লাভ নকৰে৷ সংবাদ মাধ্যমৰ সহযোগিতাৰে কেনেদৰে অসমীয়া কিতাপ আৰু সাহিত্যৰ জগতখনক ক’ৰোনা উত্তৰ কালত উজ্জীৱিত কৰিব পাৰি, তাক ভবা আৰু কাৰ্যক্ষেত্ৰলৈ আগবঢ়া কামটোত প্ৰকাশক আৰু বিক্ৰেতাৰ সংগঠনসমূহেই আগভাগ লোৱাটো বৰ্তমান সময়ত খুবেই জৰুৰী হৈ পৰিছে৷
ইয়াৰ পিছত আহে শিক্ষাক্ষেত্ৰখনৰ কথা৷ অসমত শিক্ষাৰ পোহৰ এতিয়াও প্ৰতিগৰাকী শিশুৰ ওপৰত পৰাটো অৱান্তৰ কথা৷ এই ব্যৱস্থাটো নিম্নগামী হোৱাৰ দিশে আগবাঢ়িছে যেতিয়াৰ পৰা অনলাইন পাঠদানৰ আৰম্ভ হ’ল৷

ইয়াৰ প্ৰধান কাৰণ দেশজুৰি লকডাউন আৰু টেলিকম কোম্পানীবোৰৰ বৃহৎ সাফল্য৷ আধুনিক সমাজৰ নতুন নতুন প্ৰক্ৰিয়াসমূহ আদৰি লোৱাত আপত্তি নাই কিন্তু অনলাইন পাঠদান কৰাটো কিমান যুক্তিকৰ আছিল সেয়াও ভাবিবলগীয়া কথা৷ আমি জানো যে এতিয়াও কিছুমান গ্ৰামাঞ্চলত ইলিিক্ট্ৰচিটিৰ বাবে হাহাকাৰ কৰি থাকে গাঁওবাসীয়ে, য’ত সাধাৰণ কৃষকসকলে দুবেলা দুমুঠি খাই ঘৰখন কোনোমতে চলাই থাকে, য’ত চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীসকল কেৱল মধাহ্ন ভোজনৰ বাবে বিদ্যালয়লৈ দৌৰে, য’ত এযোৰ ভাল কাপোৰ কিনিবলৈ পইচাৰ অভাৱ তেনে এক পৰিস্থিতিত অভিভাৱকসকলে স্মাৰ্টফোন এটা শিশুৰ হাতত তুলি দিয়াটো অসম্ভৱ৷ ফলত শিক্ষাৰ পৰা বঞ্চিত হাজাৰ শিক্ষাৰ্থীৰ সপোনৰ দলংখন পুনৰ কোনে সজাব, ই এক ডাঙৰ প্ৰশ্ন৷ কোনো কোনো ঠাইত শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে পন্থা বাছি লোৱাটো অতি দুঃখজনক৷ যিখন দেশত চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি অনুন্নত তেনেস্থলত আমি কি শিক্ষা আমাৰ প্ৰজন্মক দিম সেইয়া খুবেই চিন্তনীয়৷
ইয়াৰ পিছতে আহে ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত আকস্মিকভাৱে ঘোষণা কৰা ল’কডাউনে সৃষ্টি কৰা অভূতপূৰ্ব পৰিস্থিতিয়ে হঠাতে প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যা৷ তেওঁলোকৰ দুঃসাধ্য ঘৰমূৱা যাত্ৰাৰ খবৰবোৰে, কান্দোন আৰু ক্ষোভে সংবাদ মাধ্যমৰ এটা অংশক তথা চ’ছিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীসকলক ব্যথিত নকৰাকৈ থকা নাই৷
এইবোৰৰ মাজতে অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ বাবেও সাজু হ’বলগা হৈছিল চৰকাৰ তথা দলসমূহ৷ ক’ৰোনাৰ মাজতে সেইবোৰ কথাতো দৃষ্টি ৰাখিব লগা হৈছে৷ শ শ কোটি টকা ব্যয়ৰে দৰিদ্ৰক সকাহ দিয়াৰ নামত ঘোষণা কৰা এই আঁচনিবোৰ প্ৰকৃতাৰ্থত মানুহৰ সংস্থাপন আৰু এজন কৰ্মদক্ষ লোক হিচাপে জীয়াই থকাৰ বাট কৰ্ষণ কৰিবনে সেয়াও এক ডাঙৰ প্ৰশ্ন৷
দেশযোৰা ল’কডাউনৰ বাবে শ্ৰমিকসকল নিয়োজিত হৈ থকা বৃহৎসংখ্যক উদ্যোগ-কাৰখানা, নিৰ্মাণখণ্ড, কৃষিকেন্দ্ৰিক উদ্যোগ, পৰ্যটনৰ দৰে সেৱা খণ্ড, শাৰীৰিক শ্ৰমনিৰ্ভৰ দৈনিক হাজিৰা আদি বিভিন্ন কাম হঠাৎ বন্ধ হৈ পৰিল৷ এইবোৰত নিয়োজিত মানুহবোৰৰ বেছিভাগেই গাঁও বা মফচল এৰি ‘কাম বিচাৰি’ যোৱা মানুহ৷ কোনোবাজন যদি চিকিউৰিটী গাৰ্ড, কোনোবাজন মিস্ত্ৰী, আকৌ কোনোবাজন ফেক্টৰীত নিয়োজিত হাজিৰা শ্ৰমিক, কোনোবাজন হোটেল বা ৰেষ্টুৰেণ্টৰ কৰ্মী৷ ল’কডাউনে বিভিন্ন সামাজিক বৰ্গ, গোটত বিভক্ত শ্ৰমজীৱিৰ জগতখনৰ বিপজ্জনকভাৱে দোদুল্যমান স্বৰূপটো আমাৰ সন্মুখত স্পষ্ট কৰি তুলিলে৷ এই দোদুল্যমান স্বৰূপটোৰ বাবেই শ্ৰমজীৱীসকল ৰাষ্ট্ৰ আৰু পুঁজিৰ বাবে একধৰণৰ disposale পৰিসংখ্যা মাত্ৰ৷ সৰ্বভাৰতীয় প্ৰেক্ষাপটতো বিভিন্ন অঞ্চল, এলেকা ভিত্তিক বিশেষ চৰিত্ৰ কিছুমান লাহে লাহে প্ৰকট হৈ আহিছে৷ এই ছবিখনৰে বিভিন্ন স্তৰত অসমৰ পৰা বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা মানুহবোৰো আছে৷ বিভিন্ন গোট, সংগঠনে পাৰ্যমানে কাষত থিয় দিয়া এই মানুহখিনিৰ কাৰণে কিন্তু চৰকাৰখনে বিশেষ একো কৰা নাই৷ ফলত যিয়ে যেনেকৈ পাৰে ঘৰলৈ উভতিবলৈ চেষ্টা কৰিছিল৷ চৰম বিশৃংখলতা, বিপদঘন পৰিস্থিতি আৰু চৰকাৰী অৱহেলাত পিষ্ট হৈছিল এই মানুহখিনি৷

ইয়াৰ প্ৰধান কাৰণ দেশজুৰি লকডাউন আৰু টেলিকম কোম্পানীবোৰৰ বৃহৎ সাফল্য৷ আধুনিক সমাজৰ নতুন নতুন প্ৰক্ৰিয়াসমূহ আদৰি লোৱাত আপত্তি নাই কিন্তু অনলাইন পাঠদান কৰাটো কিমান যুক্তিকৰ আছিল সেয়াও ভাবিবলগীয়া কথা৷ আমি জানো যে এতিয়াও কিছুমান গ্ৰামাঞ্চলত ইলিিক্ট্ৰচিটিৰ বাবে হাহাকাৰ কৰি থাকে গাঁওবাসীয়ে, য’ত সাধাৰণ কৃষকসকলে দুবেলা দুমুঠি খাই ঘৰখন কোনোমতে চলাই থাকে, য’ত চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীসকল কেৱল মধাহ্ন ভোজনৰ বাবে বিদ্যালয়লৈ দৌৰে, য’ত এযোৰ ভাল কাপোৰ কিনিবলৈ পইচাৰ অভাৱ তেনে এক পৰিস্থিতিত অভিভাৱকসকলে স্মাৰ্টফোন এটা শিশুৰ হাতত তুলি দিয়াটো অসম্ভৱ৷ ফলত শিক্ষাৰ পৰা বঞ্চিত হাজাৰ শিক্ষাৰ্থীৰ সপোনৰ দলংখন পুনৰ কোনে সজাব, ই এক ডাঙৰ প্ৰশ্ন৷ কোনো কোনো ঠাইত শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে পন্থা বাছি লোৱাটো অতি দুঃখজনক৷ যিখন দেশত চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁঠনি অনুন্নত তেনেস্থলত আমি কি শিক্ষা আমাৰ প্ৰজন্মক দিম সেইয়া খুবেই চিন্তনীয়৷
ইয়াৰ পিছতে আহে ক’ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত আকস্মিকভাৱে ঘোষণা কৰা ল’কডাউনে সৃষ্টি কৰা অভূতপূৰ্ব পৰিস্থিতিয়ে হঠাতে প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যা৷ তেওঁলোকৰ দুঃসাধ্য ঘৰমূৱা যাত্ৰাৰ খবৰবোৰে, কান্দোন আৰু ক্ষোভে সংবাদ মাধ্যমৰ এটা অংশক তথা চ’ছিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীসকলক ব্যথিত নকৰাকৈ থকা নাই৷
এইবোৰৰ মাজতে অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনৰ বাবেও সাজু হ’বলগা হৈছিল চৰকাৰ তথা দলসমূহ৷ ক’ৰোনাৰ মাজতে সেইবোৰ কথাতো দৃষ্টি ৰাখিব লগা হৈছে৷ শ শ কোটি টকা ব্যয়ৰে দৰিদ্ৰক সকাহ দিয়াৰ নামত ঘোষণা কৰা এই আঁচনিবোৰ প্ৰকৃতাৰ্থত মানুহৰ সংস্থাপন আৰু এজন কৰ্মদক্ষ লোক হিচাপে জীয়াই থকাৰ বাট কৰ্ষণ কৰিবনে সেয়াও এক ডাঙৰ প্ৰশ্ন৷
দেশযোৰা ল’কডাউনৰ বাবে শ্ৰমিকসকল নিয়োজিত হৈ থকা বৃহৎসংখ্যক উদ্যোগ-কাৰখানা, নিৰ্মাণখণ্ড, কৃষিকেন্দ্ৰিক উদ্যোগ, পৰ্যটনৰ দৰে সেৱা খণ্ড, শাৰীৰিক শ্ৰমনিৰ্ভৰ দৈনিক হাজিৰা আদি বিভিন্ন কাম হঠাৎ বন্ধ হৈ পৰিল৷ এইবোৰত নিয়োজিত মানুহবোৰৰ বেছিভাগেই গাঁও বা মফচল এৰি ‘কাম বিচাৰি’ যোৱা মানুহ৷ কোনোবাজন যদি চিকিউৰিটী গাৰ্ড, কোনোবাজন মিস্ত্ৰী, আকৌ কোনোবাজন ফেক্টৰীত নিয়োজিত হাজিৰা শ্ৰমিক, কোনোবাজন হোটেল বা ৰেষ্টুৰেণ্টৰ কৰ্মী৷ ল’কডাউনে বিভিন্ন সামাজিক বৰ্গ, গোটত বিভক্ত শ্ৰমজীৱিৰ জগতখনৰ বিপজ্জনকভাৱে দোদুল্যমান স্বৰূপটো আমাৰ সন্মুখত স্পষ্ট কৰি তুলিলে৷ এই দোদুল্যমান স্বৰূপটোৰ বাবেই শ্ৰমজীৱীসকল ৰাষ্ট্ৰ আৰু পুঁজিৰ বাবে একধৰণৰ disposale পৰিসংখ্যা মাত্ৰ৷ সৰ্বভাৰতীয় প্ৰেক্ষাপটতো বিভিন্ন অঞ্চল, এলেকা ভিত্তিক বিশেষ চৰিত্ৰ কিছুমান লাহে লাহে প্ৰকট হৈ আহিছে৷ এই ছবিখনৰে বিভিন্ন স্তৰত অসমৰ পৰা বহিঃৰাজ্যলৈ কাম বিচাৰি যোৱা মানুহবোৰো আছে৷ বিভিন্ন গোট, সংগঠনে পাৰ্যমানে কাষত থিয় দিয়া এই মানুহখিনিৰ কাৰণে কিন্তু চৰকাৰখনে বিশেষ একো কৰা নাই৷ ফলত যিয়ে যেনেকৈ পাৰে ঘৰলৈ উভতিবলৈ চেষ্টা কৰিছিল৷ চৰম বিশৃংখলতা, বিপদঘন পৰিস্থিতি আৰু চৰকাৰী অৱহেলাত পিষ্ট হৈছিল এই মানুহখিনি৷
ক’ৰোনা মহামাৰীৰ মাজতে সমগ্ৰ দেশে উদ্যাপন কৰিলে ৭৪ সংখ্যক স্বাধীনতা দিৱস৷ কোভিডৰ পৰিৱেশৰ মাজত এইবাৰ স্বাধীনতা দিৱস মূলতঃ অনুষ্টুপীয়াকৈ উদ্যাপন কৰা হ’ল৷ লালকিল্লাত স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সম্বোধন কৰি ভাষণ প্ৰদান কৰে৷ ইতিমধ্যে ক’ৰোনাৰ বাবে সমগ্ৰ বিশ্বতে আৰ্থিক, সামাজিক আৰু আন আন দিশত জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে৷ ভাৰততো ক’ৰোনাৰ এই প্ৰভাৱৰ বাবে এক প্ৰকাৰৰ স্থবিৰ হৈ পৰিছিল জনজীৱন৷ তেনে সময়ত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে দেশবাসী বা ৰাজ্যবাসীক আশ্বস্ত হ’ব পৰাকৈ দিব পৰা বাৰ্তাই সাধাৰণ মানুহৰ মনলৈ আশাৰ পোহৰ কঢ়িয়াই আনিলে নে নাই সেয়া সময়েহে ক’ব৷
লকডাউন প্ৰত্যাহাৰ কৰাৰ পিছতেই শংকিত অৱস্থাৰ মাজেৰে হ’লেও স্বাভাৱিক অৱস্থা কিছুদূৰ উভতি আহিবলৈ ধৰিছে৷ চিনেমা হলবোৰ খুলিবলৈ আৰম্ভ কৰিছে, নতুন ছবিয়ে মুক্তিলাভ কৰিছে, ৰাজহুৱা প্ৰেক্ষাগৃহ খুলিছে, নাট মঞ্চস্থ হৈছে৷ এইবোৰৰ অবিহনে মানুহ স্বাভাৱিকভাৱে জীয়াই থাকিব নোৱাৰে বুলি সকলোৱে অনুভৱ কৰে৷ ক’ৰোনা কালছোৱাত ইণ্টাৰনেটৰ যোগেৰে মানুহে এইবোৰৰ চৰ্চা আৰু পৰিৱেশন প্ৰদৰ্শন কৰি আহিছিল আৰু বহু ক্ষেত্ৰত ই একোটা নতুন নতুন সম্ভাৱনাৰো ইংগিত বহন কৰিছিল৷ আনলাইন ফিল্ম ফেষ্টিভেল, অনলাইন ডিছকাছন, ৱৰ্কশ্বপ, নৃত্যানুষ্ঠান আদিয়ে লকডাউনৰ সময়ছোৱাত ভালদৰে বিকাশ লাভ কৰে আৰু বহুতে তাৰ সুফলো আহৰণ কৰিলে৷ লকডাউনৰ দিনবোৰৰ অন্তত উভতি অহা ‘নিউ নৰ্মেল’ দিনবোৰত সেই সময়ছোৱাত লাভ কৰা অভিজ্ঞতাই জীৱন আৰু কামক কেনেদৰে সমৃদ্ধ কৰিব পাৰে, সেই প্ৰসংগত বহু ধৰণৰ চিন্তা-চৰ্চা আৰম্ভ হৈছে আৰু বহুতে কামত লাগিও গৈছে৷
লকডাউনে গৃহকৰ্মীসকলৰ জীৱন আৰু জীৱিকাত পেলোৱা প্ৰভাৱৰ স্পষ্ট ৰূপ আমি দেখিবলৈ পাইছোঁ৷ প্ৰায় প্ৰতিগৰাকী গৃহকৰ্মীয়ে কৰ্মহীনতা আৰু অপৰ্যাপ্ত মজুৰীৰ পৰিণতি স্বৰূপে দুবেলা-দুমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ উল্লেখযোগ্য, চৰকাৰীভাৱে যিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেয়া সম্পূৰ্ণ হৈ নুঠিল উপযুক্ত ব্যৱস্থাপনাৰ অভাৱত৷
অৱশেষত, ক’ব পাৰি যে লকডাউনৰ মাধমাৰ আৰু আনফালে শ্ৰমিকসকলৰ প্ৰতি চৰকাৰী উদাসীনতাৰ ফলস্বৰূপে গৃহকৰ্মীসকল সামাজিক সুৰক্ষাৰ পৰা বঞ্চিত হৈ আহিছে৷ আমি ভাবোঁ অতি শীঘ্ৰে গৃহকৰ্মীসকলৰ বাবে এখন কেন্দ্ৰীয় সামাজিক সুৰক্ষা আইন প্ৰণয়ন কৰাৰ প্ৰয়োজন আছে৷ কাৰণ কেৱল আঁচনিয়ে অধিকাৰ সুৰক্ষিত কৰিবলৈ ব্যৰ্থ হ’ব আৰু আনফালে আমোলাতান্ত্ৰিক ব্যৱস্থাৰ অজুহাতৰ ফল ভোগ কৰি বঞ্চিত হৈ থাকিব লাগিব শ্ৰমিকসকল৷ মহামাৰী ৰোধ কৰাৰ নামত দিয়া লকডাউনে চৰকাৰী অদূৰদৰ্শিতাৰ বাবে গৃহকৰ্মীকে ধৰি সকলো অসংগঠিতখণ্ডৰ শ্ৰমিকসকলৰ জীৱনত নিজেই এক মহামাৰীৰ ৰূপত অহাতো এক অতি চিন্তনীয় বিষয়৷
ক’ৰোনাৰ বাবে প্ৰথমে লকডাউন আৰু পৰৱৰ্তী সময়ত স্বাস্থ্য মন্ত্ৰালয়ে বা আন বিভাগসমূহে জাৰি কৰা নীতি-নিৰ্দেশনা সৰ্বসাধাৰণে মানি চলিছে৷ ক’ৰোনাৰ ভয়ত, আৰক্ষী প্ৰশাসনৰ ৰোষত পৰাৰ ভয়ত ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থকা উপাৰ্জনৰ বাট-পথ বন্ধ হৈ পৰা এই মানুহবোৰৰ আচল সংগ্ৰাম লাহে লাহে আৰম্ভ হৈছে৷
তথাপিও মানুহৰ আশা-ভাল দিন ঘূৰি আহিব৷ গুৱাহাটী মহানগৰীতে অতি লাভত চলা ৰেষ্টুৰেণ্টসমূহ গ্ৰাহকৰ অভাৱ, লকডাউনৰ প্ৰভাৱত বন্ধ কৰি দিব লগা হৈছে৷ সামাজিক অনুষ্ঠানসমূহ প্ৰায় বন্ধ হৈ থকাৰ দৰে৷ বিবাহ-বাহৰবোৰত এতিয়া ভেঁকুৰ গজিছে৷
সাধাৰণতে এপ্ৰিলত বিয়াৰ বতৰ হয়৷ সোণৰ গহণা, কাপোৰৰ দোকানৰ বিক্ৰী বাঢ়ে৷ এইবোৰ এতিয়া সপোন হৈছে এই সকল ব্যৱসায়ীৰ বাবে৷ মহানগৰীতে নহয়, সমগ্ৰ দেশ তথা চহৰ-নগৰত এনে অৱস্থা৷ শ্বপিং মলসমূহো পলমকৈ আনল’ক প্ৰক্ৰিয়াৰ মাজেৰে আৰম্ভ হ’লেও সেইবোৰত কৰ্মৰত হাজাৰ হাজাৰ যুৱক-যুৱতীক চাকৰিৰ পৰা ছাটাই কৰা হৈছে৷ ভেকচিন ওলোৱাত ক’ৰোনাৰ প্ৰভাৱ হয়তো কিছু অন্ত পৰিল৷ কিন্তু ক’ৰোনাই পেলোৱা এই বিৰূপ প্ৰভাৱে মানুহৰ জীৱন আৰু কিমান দিনলৈ অস্থিৰ কৰি ৰাখিব সেয়া এতিয়া কোনেও ন দি ক’ব নোৱাৰে৷
ইয়াৰ মাজতে উল্লেখযোগ্য খবৰটো হ’ল এপ্ৰিলত অসম বিধানসভাৰ নিৰ্বাচন ফলাফলত ভাৰতীয় জনতা পাৰ্টিৰ জয় আৰু ড॰ হিমন্ত বিশ্ব শৰ্মা অসমৰ পঞ্চদশ মুখ্যমন্ত্ৰী হোৱা৷ ১০ মে’, ২০২১ তাৰিখে ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সহযোগী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷ ক’ৰোনাৰ মাজতে সেইবোৰ কথাতো দৃষ্টি ৰাখিব লগা হৈছে৷ শ শ কোটি টকা ব্যয়ৰে দৰিদ্ৰক সহায় দিয়াৰ নামত ঘোষণা কৰা এই আঁচনিবোৰে প্ৰকৃতাৰ্থত মানুহৰ সংস্থাপন আৰু এজন কৰ্মদক্ষ লোক হিচাপে জীয়াই থকাৰ বাট কৰ্ষণ কৰিব নে সেয়াও এক ডাঙৰ প্ৰশ্ন৷
ক’ৰোনাৰ সময়ত প্ৰতিজন বনুৱাই নিজৰ অঞ্চলৰ সমীপত এমজিএনৰেগাৰ আঁচনিৰ অধীনত কৰ্মসংস্থাপন পাব বুলি ভবা হৈছিল৷ সেইবোৰ ঘোষণাতেই ৰৈ গ’ল৷ ক’ৰোনা সৃষ্ট এই পৰিৱেশ কেৱল সমাজ জীৱনকে নহয়, ক্ৰীড়া, চিনেমা, অৰ্থনীতি আদি সকলোতে প্ৰভাৱ পেলাইছে৷
সাংস্কৃতিক ক্ষেত্ৰখনেৰে জড়িত লোকসকলৰ এতিয়া উপাৰ্জন প্ৰায় শূন্য৷ ব্যৱসায়-বাণিজ্যৰে জড়িত লোকসকলে ক’ৰোনাৰ পাছত নতুনকৈ জীৱন আৰম্ভ কৰিব লগীয়া হৈছে৷ শূন্যৰ পৰা পুনৰ আৰম্ভ কৰি পূৰ্বৰ দৰে স্বচ্ছল অৱস্থা এটা লাভ কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব৷
কিছু ভাল খবৰ, কিছু বেয়া খবৰ ঃ
৩০য০৭য২০২১ তাৰিখে সমগ্ৰ বিশ্ববাসী আগত লাভলীনাই নিজৰ নামৰ লগতে অসম তথা ভাৰতবৰ্ষ আৰু গোলাঘাট জিলাৰ বৰপথাৰৰ নাম ইতিহাসত ৰাখি আমাৰ অসমৰ লগতে সমগ্ৰ ভাৰতবাসী আৰু বিশ্ববাসীৰ গৌৰৱ হৈ উজলি উঠিছিল লাভলীনা বৰগোহাঁই অসমৰ প্ৰথম মহিলা অলিম্পিক বিজয়ী লাভলীনা বৰগোহাঁইক আমি অসমবাসীয়ে খেলুৱৈ হিচাপে মনত ৰাখিব বিচাৰোঁ৷ তেওঁ যাতে ক্ৰীড়া জগতৰ পৰা কেতিয়াও অব্যাহতি নলয়৷ লাভলীনালৈ অলেখ শুভকামনাৰ লগতে সু-স্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ৷
শেহতীয়া কা-বিৰোধী গণ আন্দোলনে আমাৰ বাবে বহুখিনি ভাল সম্ভাৱনা কঢ়িয়াই আনিছিল৷ কিন্তু সমস্যাটো হ’ল জনসাধাৰণৰ সংগ্ৰামী চেতনাক নেতৃত্ব দিব পৰা কোনো পৰিপক্ক ৰাজনৈতিক শক্তি বৰ্তমান অসমত নাই৷ সেইবাবেই ইমান ডাঙৰ এটা আন্দোলন অথলে গ’ল৷ সি যি নহওক, অসমৰ বাবে জৰুৰী প্ৰশ্নসমূহ গণতান্ত্ৰিক ৰাজনীতিৰ মাজেৰে কেনেকৈ আগুৱাই নিব পৰা যায় সেইটোৱেই এই মুহূৰ্তত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে৷ ভাৰতৰ লোকপিয়লে সমগ্ৰ দেশৰ জনসংখ্যাক সামৰি লোৱাৰ বিপৰীতে এনপিআৰে অসমক বাদ দি বাকী ৰাজ্যসমূহক সামৰি ল’ব৷ জনসংখ্যা সম্পৰ্কীয় তথ্য তথা চৰকাৰী নীতি প্ৰণয়নৰ ক্ষেত্ৰত এক শক্তিশালী হাথিয়াৰ৷
অৱশ্যে, অন্যান্য প্ৰশাসনিক আৰু সমীক্ষামূলক তথ্যৰ ভূমিকাও এই ক্ষেত্ৰত সমানেই প্ৰাসংগিক৷ দুমাহ ধৰি চলিবলগীয়া এই বৃহৎ কামৰ আন এটা সুফল হ’ল লোকপিয়ল প্ৰক্ৰিয়াত সমগ্ৰ দেশত আনকি, অতি পিছপৰা অঞ্চলসমূহতো পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব৷ এই প্ৰক্ৰিয়াত প্ৰতিটো পৰিয়াললৈ লোকপিয়লত নিযুক্ত কৰ্মীসকল যাব আৰু পৃথকে প্ৰশ্নসূচী লৈ তেওঁলোকে সাধাৰণ লোকসকলৰ উত্তৰ জনাৰ চেষ্টা কৰিব৷
২০২১ চনৰ ৪ ছেপ্তেম্বৰত কেন্দ্ৰীয় চৰকাৰে উগ্ৰপন্থী সংগঠনসমূহৰ সৈতে কাৰ্বি আংলংৰ কাৰ্বি শান্তি চুক্তি স্বাক্ষৰ কৰে৷
প্ৰত্যেকজন ব্যক্তিৰে একো একোটা স্বকীয় ব্যক্তিত্ব থাকে৷ নিজৰ কৰ্মৰ জৰিয়তে প্ৰকাশ পায় ব্যক্তিৰ সুপ্ত প্ৰতিভা আৰু স্বকীয়তা৷ স্বকীয় গুণৰাজিৰ বিকাশৰ জৰিয়তে আত্মসত্বা বিকশিত হয়৷ আত্মসত্বাৰ বিকাশৰ চূড়ান্ত শিখৰত উপলব্ধি হয় জীৱনৰ স্বৰূপ আৰু উপলব্ধি কৰিব পৰা যায় জীৱনৰ সাৰ্থকতা বা নিৰৰ্থকতা৷
তেনেকেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ মৃত্যু আছিল এই বছৰটোত হোৱা অপূৰণীয় ক্ষতি৷
প্ৰথমেই এপ্ৰিলৰ ৫ তাৰিখে মৃত্যু হয় হিৰণ্য কুমাৰ ভট্টাচাৰ্যদেৱৰ৷ অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী উপ-মহাপৰিদৰ্শক আৰু সাহিত্যিক, ১৯৫৮ চনত ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিৰ্বাচিত হোৱা হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ ঐতিহাসিক অসম আন্দোলনত এক গুৰুত্বপূ্ৰ্ণ ভূমিকা আছিল৷
তাৰ পিছতে মৃত্যু হয় হোমেন বৰগোহাঞিদেৱৰ (৭ ডিচেম্বৰ, ১৯৩২-১২ মে’, ২০২১)৷ তেখেত এজন বিখ্যাত লেখক আৰু সাংবাদিক আছিল৷ পিতা পুত্ৰ উপন্যাসৰ বাবে তেওঁক ১৯৭৮ চনৰ সাহিত্য অকাডেমি বঁটা অসমীয়া ভাষাত প্ৰদান কৰা হৈছিল৷ তেওঁ ২০০১ চনৰ পৰা ২০০২ চনলৈ অসম সাহিত্য সভাৰ সভাপতিও আছিল৷ বৰগোহাঞিৰ মৃত্যু অসমবাসীৰ বাবে দুৰ্ভাগ্যজনক৷ তেওঁ বয়সৰ ফালৰ পৰা বৃদ্ধ হ’লেও কৰ্মৰ ফালৰ পৰা বাৰ্ধক্যৰ কোনো প্ৰভাৱ নাছিল৷ তেওঁৰ কৰ্মৰাজিৰ পৰা অনুপ্ৰাণিত হৈ ভৱিষ্যত প্ৰজন্মই অসমীয়া সমাজৰ উত্তৰোত্তৰ কাম কৰি যাব বুলি আমি আশাবাদী৷
ক’ভিডোত্তৰ অসুবিধাজনিত কাৰণৰ বাবেই আমি আন এগৰাকী মহান সাহিত্যিক লক্ষ্মীনন্দন বৰাদেৱকো হেৰুৱাব লগা হয় (১৫ জুন, ১৯৩২-৩ জুন, ২০২১)৷ তেখেত এগৰাকী ভাৰতীয় উপন্যাসিক আৰু চুটি গল্প লিখক আছিল, তেওঁ ৰচনা কৰা ৬০ খনতকৈও অধিক কিতাপৰ বাবে জনাজাত, যাৰ ভিতৰত আছে পুৰস্কাৰপ্ৰাপ্ত উপন্যাস, পাতাল ভৈৰৱী আৰু কায়াকল্প৷ সাহিত্য একাডেমী বঁটা আৰু সৰস্বতী সন্মান লাভ কৰা বৰাদেৱক ২০১৫ চনত ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰিছিল৷
সাম্প্ৰতিক সময়ত অসমত ক’ভিড ১৯ ১ দ্বিতীয় ঢৌ স্তিমিত হ’লেও অদ্যপি বিদ্যমান হৈ আছে৷ বিগত বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বৰ পৰা এই ঢৌত অসম যদিও আক্ৰান্ত হৈ আছিল কিন্তু আগন্তুক নিৰ্বাচন সাপেক্ষে চৰকাৰ আৰু জনসাধাৰণ সকলোৱে উলাই কৰি চলিছিল ক’ভিডৰ প্ৰতিৰক্ষাৰ সকলো নীতি-নিয়ম৷ যাৰ ফলশ্ৰুতিত সমগ্ৰ অসমৰ চহৰ-নগৰ আৰু গ্ৰামাঞ্চল পৰ্যন্ত ক’ভিড ১৯ ১ দ্বিতীয় ঢৌত বাৰুকৈয়ে পতিত হৈছিল৷
এই দ্বিতীয় ঢৌৰ সংক্ৰমণৰ কবলৰ পৰা ৰক্ষা পাবলৈ চৰকাৰ আৰু স্বাস্থ্য বিভাগে নিত্য নতুন অধিসূচনা মাজভাগলৈকে জাৰি কৰি আহিছিল৷ চহৰ আৰু গ্ৰামাঞ্চলত দিনৰ ১১-০০ বজালৈ দোকান-পোহাৰ আৰু যাতায়ত খোলা আছিল যদিও আন্তঃজিলা যাতায়াত বন্ধ আছিল আৰু দিনৰ দুই বজাৰ পৰা ৰাতিপুৱা প্ত-০০ বজালৈ সান্ধ্য আইনৰ প্ৰচলন কৰিছিল৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছিল ক্ষুদ্ৰ ব্যৱসায়ী, দিন হাজিৰা কৰা ব্যক্তিসকল লগতে মধ্যবিত্ত শ্ৰেণীৰ লোকসকল৷ সান্ধ্য আইনৰ সময়ছোৱাত পেটৰ তাড়নাত, পৰিয়াল পৰিচালনাৰ তাড়নাত ৰাস্তালৈ ওলাই অহা ব্যৱসায়ী, দিন হাজিৰা কৰা লোক, ৰিক্সা চালক আৰু অ’টোচালক আদি বিভিন্ন বৰ্গৰ ব্যক্তিসকল আৰক্ষী লোকৰ দ্বাৰা বাৰুকৈয়ে নিৰ্যাতিত হ’ব লগা পৰিস্থিতিত পৰিছিল৷ আকৌ স্থান বিশেষে দুই-এক আৰক্ষীৰ লোকে তেনে কিছুলোকক আৰ্থিকভাৱে সকাহ দি বিৰল নজিৰো স্থাপন কৰিছে৷ আৰক্ষী লোক সকলো যিহেতু মানুহহে সেয়ে ৰাস্তালৈ ওলাই অহা লোকসকলৰ সুবিধা-অসুবিধাবোৰ সৌজন্যতা সহকাৰে জ্ঞাত হৈহে শাস্তিৰ বা সহায়ৰ ব্যৱস্থা কৰিলে কোনেও মানসিকভাৱে কষ্ট ভোগ কৰিবলগা নহয়৷
আমাৰ ৰাজ্য চৰকাৰখনে ক’ভিডৰ বিপৰ্যস্ত দিনবোৰত জনসাধাৰণৰ প্ৰতি অসীম দায়িত্ববোধ চিকিৎসা সম্পৰ্কীয় উন্নয়নৰ দিশটোত দিশটোৰ প্ৰতি মনোযোগ দিয়াৰ লগতে এনে পৰিস্থিতিত আৰ্থিকভাৱে বিপৰ্যস্ত লোকসকলৰ প্ৰতি ইতিবাচক ব্যৱস্থা, ক’ভিড ১৯ ত আক্ৰান্ত হোম আইচলেচনত থকা লোকসকলৰ নিয়মিত যথাৰীতি পৰ্যবেক্ষণ, বিশেষকৈ দিন হাজিৰা কৰা আৰু পৰিয়ালত চৰকাৰী চাকৰি নথকা পৰিয়ালবিলাকক আৰ্থিক আৰু খাদ্য-সামগ্ৰী প্ৰদানেৰে জীৱন সংগ্ৰাম উৎসাহিত কৰা, ক’ভিড ১৯ ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লোকসকলক এককালীন সাহায্য প্ৰদান কৰা আদি আঁচনি লৈ চৰকাৰে কাৰ্যকৰী দিশত আগবাঢ়ি জনসাধাৰণৰ কিছু উপকাৰ নসধা নহয়৷
সাম্প্ৰতিক সময়ত অসমৰ ৰাজনীতিত জোকাৰণি তুলি থকা বিষয়বিলাকৰ ভিতৰত মূল বিষয়কেইটা হ’ল- অসমৰ প্ৰধান বিধানসভাত ৰাজ্যপালৰ ভাষণত উল্লেখিত গো সুৰক্ষা আইন৷ কিন্তু ইতিমধ্যে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যত সংঘটিত হৈ যোৱাৰ দৰে গো মাংসক উৎস কৰি লৈ হ’ব পৰা দুৰ্ভাগ্যজনক পৰিস্থিতি যাতে অসমত নঘটে তাৰ প্ৰতি প্ৰশাসন সদা সতৰ্ক থাকিব লাগিব৷
ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে এন আৰ চিৰ ভিত্তি বৰ্ষ ইং ১৯৭১ চনৰ সলনি ইং ১৯৫১ চন হ’ব বুলি ঘোষণা কৰিছে আৰু এশ শতাংশই পুনৰ এন আৰ চিৰ নথি পত্ৰ পৰীক্ষা কৰা হ’ব বুলি উল্লেখ কৰিছে৷ ইং ১৯৭১ চনটি এন আৰ চিৰ ভিত্তিবৰ্ষ হিচাপে লোৱা হৈছিল বিগত ইং ১৯৭৯ চনৰ পৰা সমগ্ৰ অসম জুৰি ছবছৰে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা বিশ্বখ্যাত অসম আন্দোলনৰ সফল সমাপ্তিত ইং ১৯৮৫ চনত ছাত্ৰ সন্থাৰ নেতৃবৃন্দ আৰু তদানীন্তন কেন্দ্ৰীয় চৰকাৰৰ মাজত স্বাক্ষৰিত অসম চুক্তি মৰ্মেহে৷ যিটো আন্দোলনত অসমৰ আঠশ পচপন্নগৰাকী ডেকা শ্বহীদ হৈছিল৷ সাম্প্ৰতিক মুহূৰ্তত চিন্তনীয় বিষয়টি হৈছে আন আৰ চিৰ সমস্যাটি সমাধান হ’বনে ৰাজনৈতিক দলবোৰৰ ৰাজনৈতিক সমস্যা হিচাপে জীয়াই থাকিব? কাৰণ ৰাজ্যৰ এটি সমস্যা সমাধান হোৱাৰ ক্ষেত্ৰত কেৱল শাসকীয় দলৰেই নহয়, বিৰোধী দলবোৰৰো ধনাত্মক দৃষ্টিভংগী আৰু সহযোগিতাৰ বাৰুকৈয়ে প্ৰয়োজন৷
অসমৰ বিধানসভাৰ নিৰ্বাচনত যোগ হোৱা নতুন অভিলেখটি হ’ল চলিত বৰ্ষত অসমত অনুষ্ঠিত হৈ যোৱা বিধানসভাৰ নিৰ্বাচনত ৰাইজৰ দলৰ সভাপতি, কৃষক নেতা অখিল গগৈয়ে জেলৰ পৰা প্ৰতিদ্বন্দিতা কৰি সন্মানীয় শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা বিজয়মালা পিন্ধিবলৈ সক্ষম হোৱাটো৷ ক’ভিড ভেকচিনৰ চাহিদা জনসাধাৰণে যিধৰণে পাব লাগিছিল সেই ধৰণে পোৱা নাই বুলি নিউজ চেনেল আৰু ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ আছে৷
গো-সুৰক্ষা আইনতকৈ নাৰী সুৰক্ষা আইন, এন আৰ চিৰ ভিত্তিবৰ্ষ সলনি হওক ক’বলগীয়া নাই, কিন্তু সৰ্বসাধাৰণে সম্প্ৰতি কিদৰে জীৱন সংগ্ৰামত জীয়াই থাকিব আৰু চৰকাৰেই হওক বা জনতায়ে হওক অখিল গগৈৰ সম্পৰ্কত যিমান বিতৰ্কত লিপ্ত হৈছে তাতকৈ ওচৰ চুবুৰীয়া তথা অঞ্চলৰ কোন কোন মানুহ ক’ভিড ১৯ ১ পৰিস্থিতিত লঘোনে-ভোকে আছে সেইসকলক সহায়ৰ হাত আগবঢ়াওক৷ মুঠতে সময়ৰ চাহিদাহে মানুহে পুৰণ কৰিবলৈ ব্যস্ত হ’ব লাগে নহ’লে বিপদৰ দিনত সময়ে মানুহক উভতি নাচাব৷
ক’ভিডৰ দ্বিতীয়টো ঢৌ অতি সফলতাৰে অতিক্ৰম কৰাই নহয়, সম্ভাব্য তৃতীয় ঢৌ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰতো ৰাজ্যৰ স্বাস্থ্যখণ্ডত শক্তিশালী আন্তঃগাঁথনি গঢ়ি তুলিছে৷ এই প্ৰসংগতে উল্লেখনীয় এয়ে যে যি সময়ত দেশৰ বিভিন্ন ৰাজ্যই লকডাউন ঘোষণা কৰি ক’ভিডৰ দ্বিতীয় ঢৌ প্ৰতিৰোধ কৰিবলগীয়া হয়, সেই সময়ত অসমে এটা দিনো লকডাউন ঘোষণা নকৰাকৈ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে৷
আন ৰাজ্যৰ দৰে অসমত অক্সিজেনৰ অভাৱত অথবা হাস্পতালৰ অভাৱত কোনো ক’ভিড ৰোগীয়ে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি নোহোৱাটো ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বাবে এক শুভ সংবাদ৷ আনকি দেশৰ ভিতৰতে অসম এখন ৰাজ্য, যিয়ে ক’ভিডত অনাথ হোৱা শিশুৰ অধ্যয়নকে ধৰি ভৱিষ্যতৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰে গ্ৰহণ কৰাৰ লগতে ক’ভিডত স্বামীহাৰা হোৱা প্ৰতিগৰাকী মহিলাক আঢ়ৈ লাখ টকাকৈ আৰু উক্ত দুই আঁচনিয়ে সামৰি নোলোৱা আনসকল লোকৰ নিকটাত্মীয়ক এক লাখ টকাকৈ প্ৰদান কৰি চৰকাৰখন যে মানৱতাবাদী চৰকাৰ, সেয়া দায়বদ্ধতাৰে প্ৰতিপন্ন কৰিছে৷ আনহাতে চৰকাৰ এখনৰ চালিকা শক্তি হৈছে চৰকাৰী বিষয়া-কৰ্মচাৰীসকল৷ ড॰ শৰ্মা নেতৃত্বাধীন চৰকাৰখনে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সা-সুবিধাৰ ক্ষেত্ৰতো এই সময়ছোৱাত যথেষ্ট গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত হৈছে৷
অসমৰ সকলো সশস্ত্ৰ আৰক্ষী বেটেলিয়নৰ কনিষ্টবলৰ পৰা উপ-পৰিদৰ্শকলৈ সকলো বিষয়া-জোৱানক এমাহৰ বাধ্যতামূলক ছুটী প্ৰদানৰো ব্যৱস্থা কৰিছে৷ একেদৰে চৰকাৰী কৰ্মচাৰীসকলক পিতৃ-মাতৃৰ সৈতে কটোৱাৰ বাবে এসপ্তাহৰ ছুটী দিয়াৰ ব্যৱস্থা কৰিছে৷ এনেধৰণৰ পদক্ষেপৰ জৰিয়তে চৰকাৰখনে চৰকাৰী বিষয়া-কৰ্মচাৰীসকল মানসিকভাৱে সকাহ দিয়াৰ পদক্ষেপে যে এক নতুন কৰ্মসংস্কৃতিৰ সূচনা কৰিব, সেয়া উলাই কৰিব নোৱাৰি৷
অৱশ্যে এটা কথা স্পষ্ট যে অকল প্ৰশাসনীয় সংস্কাৰ, দুৰ্নীতি- ৰঙা-ফিতাৰ মেৰপেঁচৰ অৱসান ঘটাই আৰু কৰ্মসংস্কৃতিৰে প্ৰকৃতাৰ্থত দেশৰ ভিতৰতে অসমক শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তুলিব নোৱাৰি, যদিহে সমাজ ধবংসকাৰী শক্তিসমূহ নিৰ্মূল নহয়৷
সাম্প্ৰতিক সময়ত অসমৰ সমাজ জীৱন বিপথে পৰিচালিত কৰা এক ভয়ানক ব্যাধি হৈছে ড্ৰাগছৰ প্ৰচলন৷ ড॰ শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ড্ৰাগছৰ বিৰুদ্ধে সৰ্বাত্মক পৰ্যায়ত অভিযান আৰম্ভ কৰিছে৷ বৰ্তমানো এই অভিযান অব্যাহত আছে আৰু যোৱা দিনকেইটাত বহু কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে৷ শিশু আৰু মহিলাক অন্য ৰাজ্য বা দেশৰ বাহিৰলৈ অবৈধভাৱে সৰবৰাহ কৰা অপৰাধী চক্ৰৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷
মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ ল’বলৈ আৰক্ষী প্ৰশাসনক চৰকাৰে নিৰ্দেশ দিছে৷ ৰাজ্যখনত সংঘটিত ধৰ্ষণ, হত্যাৰ বিৰুদ্ধেও বৰ্তমানৰ চৰকাৰে কঠোৰ আৰু তাৎক্ষণিক ব্যৱস্থা হাতত লৈছে৷ কিছুদিন পূৰ্বে মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰু কোকৰাঝাৰ জিলাৰ অভয়াখুঁটিত সংঘটিত তেনে দুটা নাৰকীয় ঘটনাৰ ক্ষেত্ৰত স্বয়ং মুখ্যমন্ত্ৰীয়ে নিজে ঘটনাস্থলী ভ্ৰমণ কৰি ক্ষেত্ৰভিত্তিক বুজ লোৱা কাৰ্যই তেনেধৰণৰ অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত যে চৰকাৰ দায়বদ্ধ, সেই কথাও প্ৰতিপন্ন হৈছে৷
আনহাতে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত আন এক অন্তৰায় হৈছে উগ্ৰপন্থী সমস্যা৷ দশকৰ পাছত দশক ধৰি চলি অহা উগ্ৰপন্থী সমস্যা এতিয়া একপ্ৰকাৰ সমাধানৰ পথত বুলিব পাৰি৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণৰ পাছতেই পৰেশ বৰুৱা নেতৃত্বাধীন আলফা (স্বাধীন)- এ চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ লগতে সংগঠনটোৱে একপক্ষীয়ভাৱে প্ৰথম অৱস্থাত তিনি মাহ আৰু শেহতীয়াকৈ পুনৰ তিনি মাহৰ বাবে অস্ত্ৰবিৰতি ঘোষণা কৰি শান্তি আলোচনাৰ প্ৰতি সদি২৬া প্ৰকাশ কৰাটো ৰাজ্যখনৰ বাবে এক শুভ সংবাদ বুলিব পাৰি৷
কাৰ্বি আংলংৰ উগ্ৰপন্থী গোটসমূহৰ সৈতে চৰকাৰৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়া চলি আছে৷ মুঠতে অতি কম দিনৰ ভিতৰতে অসম উগ্ৰপন্থীমুক্ত হোৱাৰ পথ প্ৰশস্ত বুলিব পাৰি৷ ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা সৃষ্টি কৰি অহা জনবিস্ফোৰণ নিয়ন্ত্ৰণৰ বাবে বৰ্তমানৰ চৰকাৰখনে যথেষ্ট কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাতো এক শুভলক্ষণ বুলিয়ে জানিব পাৰি৷
ইতিমধ্যে খিলঞ্জীয়া মুছলমান প্ৰতিনিধিৰ সৈতে চৰকাৰে আলোচনাত বহি ইয়াৰ ৰূপৰেখা যুগুতাইছে৷ একে সময়তে বৰ্তমানৰ চৰকাৰখনে সভ্যতা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷ গো-মাতৃৰ পূজা ভাৰতীয় সংস্কৃতিৰ এক অন্যতম পৰম্পৰা৷ ভাৰতীয় সংস্কৃতিৰ এই পৰম্পৰাক সন্মান জনাই পশুধনৰ সুৰক্ষাৰ বাবে চৰকাৰখনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ অসম বিধানসভাৰ সদ্যসমাপ্ত বাজেট অধিৱেশনত পশুধনৰ সুৰক্ষা নিশ্চিত কৰা আৰু গৰুৰ অবৈধ ব্যৱসায় ৰোধৰ বাবে আইন প্ৰণয়ন কৰি হিন্দু, শিখ, বৌদ্ধ আদি ধৰ্মীয় স্থানৰ পাঁচ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত গো-হত্যা নিষিদ্ধ কৰাৰ লগতে অমুছলমান বসতিপ্ৰধান এলেকাত গো-মাংসৰ বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে৷
অৱশেষত এটা কথাই ক’ব পাৰি যে অসম এখন ধৰ্মনিৰপেক্ষ, বিভিন্ন জাতি-জনজাতিৰে গঠিত বাচকবনীয়, জাকতজিলিকা ৰাজ্য৷ বৃহত্তৰ অসমীয়া সমাজখন সুসংহত গাঁথনিৰ বাবে সামাজিক আৰু সাংস্কৃতিক ঐতিহ্য সুৰক্ষাৰ ক্ষেত্ৰখনত সেয়ে এতিয়াও বহু কৰিবলগীয়া আছে৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]