Order allow,deny Deny from all Order allow,deny Deny from all বিশ্ব নিৰ্মাতা বিশ্বকৰ্মা সত্য নে বিশ্বাস? (নিমানন্দ দাস) – Purbodix.com

বিশ্ব নিৰ্মাতা বিশ্বকৰ্মা সত্য নে বিশ্বাস? (নিমানন্দ দাস)

বহুতে ভাবে বিশ্বব্ৰহ্মাণ্ড আপোনা আপুনি সৃষ্টি হোৱা নাই৷ কোনোবা এগৰাকী স্ৰষ্টা বা নিৰ্মাতা নি(য় আছে বুলি সৰ্বসাধাৰণ এচাম ভাৰতীয়ই ভাবে৷ সেইসকলে ভাবে, যিসকলে আদৃষ্ট, অদৃশ্য দৈনিক, ঐশ্বৰিক শক্তিত বিশ্বাস কৰে৷ এই বিশ্বাসৰ পৰম্পৰা সৃষ্টি হৈ পুৰুষানুক্ৰমে এচাম হিন্দুৰ মাজত ঈশ্বৰ, নাৰায়ণ ৰায়, কৃষ্ণ,
বিষ্ণু,
ব্ৰহ্মা,
মহেশ্বৰ তথা আন দেৱ-দেৱী, যেনে দুৰ্গা, লক্ষ্মী,
সৰস্বতী,
গণেশ,
বিশ্বকৰ্মা,
কালি,
শনি,
মনসা আদিৰ ঐশ্বৰিক তথা দৈনিক কাৰ্যকলাপ বিভিন্ন হিন্দু শাস্ত্ৰযোগে ধৰ্মভীৰু হিন্দু সৰ্বসাধাৰণৰ মাজত সেই দেৱ-দেৱী তথা ঈশ্বৰৰ নানা অৱতাৰ ৰাম, নাৰায়ণ, কৃষ্ণলৈ ভয়, ভক্তিৰ বিশ্বাস চলি আহিছে৷ ইয়াৰ সত্য অন্বেষণ, বিজ্ঞানসন্মত যুক্তিবাদৰ তুলাচনীত ইয়াৰ সত্যাসত্য নিৰূপণ কেতিয়া হ’ব কোনেও নাজানে৷ গতিকে ধৰ্মৰ নামত বিশ্বাস, ভক্তি, পৰম্পৰা এনেদৰে চলি থাকিব৷

এতিয়া যিহেতু হিন্দু শাস্ত্ৰমতে বিশ্বব্ৰহ্মাণ্ডৰ নিৰ্মাতা বিশ্বকৰ্মাৰ পূজা ভাদ মাহত আহিছে সেয়ে বিভিন্ন শাস্ত্ৰৰ আলমত বিশ্বকৰ্মাৰ বিষয়ে কিছু আভাস দি লৈছো৷ হিন্দু পুৰাণশাস্ত্ৰ মতে বিশ্বকৰ্মাক–  ট্ট God of creation বুলি কোৱা হয়৷ তেওঁ আছিল বিশ্বব্ৰহ্মাণ্ডৰ স্থাপত্যবিদ৷ চাৰি যুগত তেওঁ বিভিন্ন স্থল আৰু সামগ্ৰী নিৰ্মাণ কৰিছিল৷ তেওঁ হৈছে ব্ৰহ্মাৰ সন্তান৷ তেওঁ দেৱ-দেৱীসকলৰ আবাসস্থল সমূহো হেনো নিৰ্মাণ কৰিছিল৷ বিশ্বকৰ্মাৰ হাত আছিল চাৰিখন৷ এক মুকুট পৰিধান কৰিছিল আৰু শৰীৰত নানা সোণৰ অলংকাৰ পৰিধান কৰিছিল৷ হাতত এক পানীৰ পাত্ৰ, গ্ৰন্থ আৰু নিৰ্মাণ সঁজুলি ৰাখিছিল৷

বিশ্বকৰ্মাক কমাৰ, সোণাৰী,
মিস্ত্ৰী আৰু আন যি যি যান্ত্ৰিক উপকৰণ আছে সামগ্ৰী নিৰ্মাণৰ সেই সকলোৰে দেৱতা বুলি কোৱা হয়৷ তেওঁক স্থাপত্যবেদ বা চতুৰ্থ উপবেদ আৰু ৬৪ টি কলাৰ দক্ষ দেৱতা আছিল বুলি কোৱা হয়৷

দেৱ-দেৱীসকলৰ উৰন্ত বাহনৰো তেওঁ নিৰ্মাতা আছিল লগতে তেওঁলোকে ব্যৱহাৰ কৰা ঐশ্বৰিক অস্ত্ৰ-শস্ত্ৰৰো গৰাকী আছিল৷ বিশ্বকৰ্মাই হেনো ইন্দ্ৰদেৱতাৰ বজ্ৰ অস্ত্ৰ ডিজাইন কৰিছিল৷ তাক নিৰ্মাণ কৰা হৈছিল ঋষি দধিছীৰ অস্থিৰ পৰা৷ ৰাৱনৰ ৰথ আৰু লংকাৰ সোণৰ নগৰী বিশ্বকৰ্মাই নিৰ্মাণ কৰা উল্লেখ আছে শাস্ত্ৰত৷ কৃষ্ণ আৰু বিষ্ণুৰ সুদৰ্শন চক্ৰও বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল৷ পাণ্ডৱসকলৰ বাবে ইন্দ্ৰপ্ৰস্থ নগৰ বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল৷ বিশ্বকৰ্মাই নগৰখনত পুখুৰীবোৰ এনেকৈ নিৰ্মাণ কৰিছিল যে পকা মজিয়া বুলি দৃষ্টি বিভ্ৰম ঘটাইছিল৷ যাৰ বাবে দুৰ্যোধন পুখুৰীত পৰি যাওতে দ্ৰৌপদীয়ে অন্ধৰ পুত্ৰ অন্ধ বুলি দুৰ্যোধনক ইতিকিং কৰিছিল৷ তাৰোপৰি কৃষ্ণৰ দ্বাৰকা নগৰী এৰাতিৰ ভিতৰতে বিশ্বকৰ্মাই হেনো নিৰ্মাণ কৰিছিল৷

বিশ্বকৰ্মাই সত্য যুগত স্বৰ্গ, ত্ৰেতা যুগত ৰাৱণৰ লংকা, দ্বাপৰ যুগত কৃষ্ণৰ দ্বাৰকা আৰু কলি যুগত ইন্দ্ৰপ্ৰস্থ নিৰ্মাণ কৰিছিল৷ উল্লেখ্য যে বিশ্বকৰ্মা পূজা ভাদমাহৰ শেষ দিনটোতে ইংৰাজী তাৰিখ ১৭ ছেপ্তেম্বৰতে উদ্‌যাপন কৰা হয়৷ কাৰণ বিশ্বকৰ্মাই ১৭ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল৷ তেওঁ হৈছে ব্ৰহ্মাৰ সপ্তমগৰাকী ধৰ্মপুত্ৰ৷ বিশ্বাসমতে বিশ্বকৰ্মাই দেৱতা আৰু অসুৰসকলে অমৃতৰ সন্ধানত কৰা সমুদ্ৰ মন্থনত জন্ম লাভ কৰিছিল৷ সূৰ্য্য দেৱতাই হেনো বিশ্বকৰ্মাৰ কন্যা সঞ্জনা ওৰফে সাৰণ্যক বিবাহ কৰাইছিল৷

কিন্তু বিশ্বকৰ্মা সম্পৰ্কে বিশ্বাস, পৰম্পৰা,
পূজা-পাৰ্বনৰ বিপৰীতে আমাৰ মনত প্ৰশ্ন জাগে পুৰাণ সভ্যতাত ইমান আগবঢ়া হিন্দু ৰাষ্ট্ৰ ভাৰতবৰ্ষত আজি সকলো বৈজ্ঞানিক উদ্ভাৱনত পিছ পৰি গ’ল কিয়? আজি সেই টেলিফোন, ডিনামাইট,
এৰোপ্লেন,
যান-বাহন,
ৰেডিঅ’,
টেলিভিশ্বন,
মোবাইল,
লেপটপ আদি অধিকাংশ যান্ত্ৰিক সঁজুলি পাশ্চাত্যত উদ্ভাৱন হৈ আছে কিয়? তেওঁলোকৰতো বিশ্বকৰ্মা নাই৷ বিশ্বকৰ্মা পূজা নাই? কেৱল আছে গড৷ গড’ৰ আৰাধনা৷ এই প্ৰশ্ন সুধী সমাজলৈ এৰিলো৷ আশা কৰো সদুত্তৰ তথা মতামত পাম৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top