Lorem ipsum dolor sit amet, consectetur adipiscing elit. Ut elit tellus, luctus nec ullamcorper mattis, pulvinar dapibus leo.
বিষয় ঃ গ্ৰাম্য পৰ্যটন আৰু জাঁজীমুখ
অৰূপজ্যোতি হাজৰিকা
প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদ দুয়োটাই উজ্জীৱিত কৰি আহিছে জাঁজীমুখে৷ ইয়াক আমি সুন্দৰ পৰিকল্পনাৰে শোভাৱৰ্দ্ধন আৰু আকৰ্ষণীয় কৰিব পৰা হ’লে অসমৰ পৰ্যটন ক্ষেত্ৰৰ নতুন সংযোগ হ’লহেঁতেন জাঁজীমুখ৷ ইয়াৰ প্ৰতিচ্ছবি শৰতৰ পৰা বসন্ত কাললৈকে উপভোগ কৰিব পাৰি৷ শৰতৰ আগমনৰ লগে লগে যেনেকৈ আকাশ-বতাহ, নৈ-নিজৰা, বাট-পথ নিৰ্মল হয়, ঠিক সেইদৰে জাঁজীমুখো উজ্বলি উঠে নিজা অতুলনীয় সৌন্দৰ্যৰে৷ এই সৌন্দৰ্য আনৰ লিখা পঢ়ি অনুভৱ কৰাতকৈ নিজেই এবাৰ গ’লেহে অনুভৱ কৰিব পাৰি৷ এই জাঁজীমুখ যোৰহাট জিলাৰ পূব প্ৰান্তত অৱস্থিত এটি জনবহল এলেকা৷ এই এলেকাতেই কেতেকী পক্ষী উদ্যান অৱস্থিত৷ যোৰহাটৰ পূব দিশত মুদৈজান তিনিআলিয়ে ২ কিলোমিটাৰ গ’লেই কেতেকী পক্ষী উদ্যোগ পাব৷ তাৰ পিছত জাঁজীমুখ৷
ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চল আৰু জাঁজী নৈ বৈ আহি এই মহাবাহুত মিলন হৈছে৷ বাৰিষা বানপানীয়ে ক্ষতি কৰিলেও শৰৎ কালৰ পৰা বসন্তকাললৈকে এই অঞ্চল ধান, শাক-পাচলি, ফলমূল, গাখীৰ, মাছ আদিৰে বানপীড়িত ৰাইজৰ মাজলৈ আশাৰ বতৰা কঢ়িয়াই আনে৷
পক্ষীৰ বসতি অঞ্চল হিচাপে খ্যাত ইয়াত মিছামাৰী, চেঙামাৰী, লাওজান, বৰবিল, দীঘলীবিল, শগুণ চাপৰি, হাতীশাল আদি বুৰঞ্জী প্ৰসিদ্ধ ঠাই আছে৷ এই জলাহ ঠাইবিলাক এতিয়ালৈকে পোৱাৰ তথ্য ভিত্তিত ৬৫ টা জলজ পক্ষী ১৪৯ টা পক্ষী প্ৰজাতিৰ অৱস্থিতি নিশ্চিত কৰা হৈছে৷ তাৰোপৰি ১০৪ বিঘ প্ৰজাতিৰ গছ, ১১২ টা প্ৰজাতি ঔষধি উদ্ভিদ, ৭৬ টা প্ৰজাতিৰ মাছ, ৩৯ টা প্ৰজাতিৰ পাচলি, ১৮ প্ৰজাতিৰ সাপ, শিহু, বিভিন্ন প্ৰজাতিৰ কাছ, ১৪ টা প্ৰজাতিৰ বন্যপ্ৰাণী বসতি স্থল হিচাপে থকাৰ প্ৰমাণ পোৱা গৈছে৷
শৰত আগমনৰ লগে লগে এই অঞ্চললৈ গৈ প্ৰকৃতিৰ মাদকতা লব পাৰি৷ বিশেষকৈ আবেলি বেলিকা আৰু সুন্দৰ হয় এই মাদকতা৷ কেতেকীত সঁচাকৈয়ে পক্ষীৰ কাকলি বেলা৷ বিভিন্ন চৰাই-চিৰিকতিৰ মাততে এই অঞ্চলৰ মানুহৰ পুৱা আৰু গধুলি হয়৷ নিৰীক্ষণ কৰিলে পেলিকান, ভেলা, মনিয়ৰী, তেলিয়াসাৰেং, হাড়গিলা, কুৰুৱা, বৰশৰালী, কুকুহা, বৰটোকোলা, কামচৰাই, ফুটুকী ঈগল, হঁয়কলী, শামুকভঙা, কাকলি হাঁহ, আকুহি বগা গঙ্গা চিলনী, চাকৈ চকোৱা, দেওৰাজ, বাৰলিঘোঁৰা, বিভিন্ন প্ৰজাতিৰ বগলী, পানী কাউৰী আদি দেখিবলৈ পাব৷ এদিনত সম্পূৰ্ণকৈ ঘূৰি শেষ কৰিব নোৱাৰে৷ এবাৰ গ’লে মনত সপোন আঁকি আকৌ এবাৰ অহাৰ পৰিকল্পনা কৰিব৷
বুৰঞ্জী প্ৰসিদ্ধ ঠাই, গৱেষণাৰ স্থল থকা, ভৱিষ্যতে চৰাই নিৰীক্ষণ কেন্দ্ৰ, পৰ্যটকৰ কেন্দ্ৰস্থলী, পিকনিক স্পট আদিৰ পূৰ্ণ সম্ভাৱনীয়তা এই জাঁজীমুখৰ কেতেকীৰ বেলা হওক কাকলি বেলা আৰু প্ৰকৃতিৰ প্ৰাচূৰ্যতা৷ সেয়েহে কৈছো পৃথিবৰ কোনো ঠাই বেয়া নহয়৷ বেয়া নহয় পৰিৱেশো৷ স্থানীয় লোকে ঘঁহি-পিহি সৰ্বাংগ সুন্দৰ কৰি ল’ব পাৰে৷ নৈপৰীয়া অঞ্চল হিচাপে অঞ্চলতো পৰ্যটন থলী, পিকনিক স্পট, নাও চলনৰ দৰে আৰ্কষণীয় আনন্দ আৰু উপভোগৰ ঠাই কৰি ল’ব পাৰে৷ যাৰ ফলত স্থানীয় নিবনুৱা সংস্থাপন হোৱাৰ লগতে সেই অঞ্চলৰ মানুহবোৰে আৰ্থ-সামাজিক দিশটো টনকিয়াল কৰি ল’ব পাৰে৷ সেই অঞ্চলতো গাখীৰৰ বাবে বিখ্যাত৷ গতিকে ইয়াত দুগ্ধ মহল গঢি.ব পৰা সম্পূৰ্ণ থল আছে৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]