শালত ফুলটো বাচিবলৈ লওঁতে জীয়েক লাটুৱে মাক মামনিক সিহঁতৰ ঘৰলৈ বৰদৈচিলা কেতিয়াকৈ আহিব সুধিলে৷ জীয়েকৰ কথাই মাকৰ তাঁত শালত ফুলটো আউল লগাই দিলে৷ আকৌ সুধিলে আজি বাৰু সন্ধিয়ালৈ আহিব নেকি মা? মাকে বৰদৈচিলালৈ বৰ ভয় কৰে৷ ঘৰখন থানবান হয় বুলি৷ যেনে তেনে বিহুলৈ মানুহজন আহি ঘৰটো ঠিক-ঠাক কৰিলে তাই আটোমটোকাৰিকৈ সজাই ল’ব৷ সন্ধিয়াৰ খবৰটো তাইৰ বাবে বৰদৈচিলা আছিল৷ বৰদৈচিলাই তাইৰ সংসাৰৰখন থান-বান কৰি দিলে৷ কফিনত অহা নিজৰ মনৰ মানুহজন দেখোন আজি জীৱনৰ বাবেই বৰদৈচিলা হৈ আহিল…৷ জীৱনটোৱেই শালৰ ফুলটোৰ দৰে আউল লাগিল….৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]