সৰুৰে পৰা সাংস্কৃতিক ক্ষেত্ৰখনতে কাম কৰাৰ প্ৰবল ইচ্ছা থকা মণিকা সিন্হাই চিত্ৰাংকণৰ দ্বাৰা প্ৰথম খোজ পেলায়৷ মডেলিং আৰু অভিনয় কৰাৰ প্ৰবল ইচ্ছা থকাৰ পাছতো এই ক্ষেত্ৰখনত কাম কৰাৰ প্ৰকৃত সুযোগ পোৱা নাছিল৷ মডেলিং আৰু অভিনয় কৰাৰ ইচ্ছা মনত বান্ধি ৰাখি নিজৰ কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰে৷ তাৰ পাছত তেওঁ চাকৰি কৰিবলৈ লয়৷ পৰৱৰ্তী সময়ত শ্ৰীপ্ৰতীম নাৰায়ণ সিন্হাৰ লগত বিবাহপাশত আৱদ্ধ হয়৷ বিয়াৰ পাছত মণিকাই মডেলিঙৰ ক্ষেত্ৰখনত প্ৰথম সুবিধাটো পায় যদিও বিয়াৰ পাছত নিজৰ ঘৰৰ মানুহখিনিৰ পৰা সহাঁৰি নাপাই যদিও প্ৰায় এবছৰৰ পাছত ঘৰৰ মানুহে মণিকাক মডেলিং আৰু অভিনয় কৰিবলৈ অনুমতি দিয়ে৷ তাৰপাছতহে তাই মডেলিং ক্ষেত্ৰত প্ৰথম খোজ পেলায়৷ কিন্তু প্ৰথম মডেলিং শ্ব’খনত বিফলতাৰ মুখে দেখে৷ তাৰ পাছত মণিকাই প্ৰশান্ত ঘোষৰ ওচৰত মডেলিঙৰ প্ৰশিক্ষণ লয় আৰু তাৰ পাছত পুনৰ মডেলিঙৰ ক্ষেত্ৰখনত কাম কৰিবলৈ আৰম্ভ কৰে৷ ২০১৮ ত MIG দ্বাৰা অনুস্থিত Mrs India International Global অনুষ্ঠানত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ বাবে
MIG ৰ দ্বাৰা অনুষ্ঠিত
Mrs International Global ২০১৮,
World Finale ত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ Direct entry পালে৷
পালে৷ ২০১৮ চনত মণিকাই মালয়েচিয়াত MIG ৰ দ্বাৰা অনুস্থিত হোৱা উক্ত প্ৰতিযোগিতাত Mrs International Global Energetic আৰু
Mrs International World Ambassador ২০১৮ শীৰ্ষক সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়৷ তাৰ পাছত মণিকা সিন্হাই কোনো দিন পাছলৈ উভতি চাব লগা হোৱা নাই৷ অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বহু মডেলিং শ্ব’ত বিচাৰক হিচাবে কাম কৰি অহাৰ লগতে বহুতো নতুন মডেলক মডেলিঙৰ প্ৰশিক্ষণো দি আহিছে৷ তাৰ পাছত মণিকাই অভিনয়ৰ ক্ষেত্ৰখনলৈ খোজ পেলায়৷ প্ৰথমে অবিনাশ সিন্হাৰ দ্বাৰা পৰিচালিত এটা মণিপুৰি মিউজিক ভিডিঅ’ত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়৷ তাৰ পাছত পুনৰ মনোজ সিন্হাৰ দ্বাৰা পৰিচালিত এটা হিন্দী মিউজিক ভিডিঅ’ত অভিনয় কৰে তাৰ লগতে মণিকাই বিভিন্ন কেলেণ্ডাৰ শ্ব’, বিজ্ঞাপন আদিতো কাম কৰি দৰ্শকৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পাছত মণিকাই ২০২১ চনত Miss/Mrs North-East India
International Global অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰে৷ ইয়াত মণিকাক Puhar Event গু Entertainment আৰু MIG-ৰ Sharon Too আৰু Timothy Gan য়ে বিশেষ ভাবে সহায় কৰিছিল৷
সৰুৰে পৰা মঞ্চত মডেলিং আৰু অভিনয় ক্ষেত্ৰখনত কাম কৰাৰ যি হেঁপাহ আছিল সেইয়া বিয়া হোৱাৰ পাছত বহু বাধা-বিঘিনি নেওচি বহু কষ্ট কৰি প্ৰথম অৱস্থাত বিফল হোৱাৰ পাছতো নিজৰ মনোবল নাভাঙি একক প্ৰচেষ্টাৰে আজি মণিকা সিন্হা মডেলিং জগতত নিজক প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে৷ মণিকা সিন্হা আৰু আগুৱাই যাওঁক তাকে আিম কামনা কৰো৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]