Order allow,deny Deny from all Order allow,deny Deny from all মাক আৰু জীয়ৰীৰ সম্পৰ্ক (শেৱালি শৰ্মা বৰকটকী) – Purbodix.com

মাক আৰু জীয়ৰীৰ সম্পৰ্ক (শেৱালি শৰ্মা বৰকটকী)

পৃথিৱীৰ মধুৰ আৰু শ্ৰেষ্ঠতম….. শব্দটোৱেই হৈছে “মা” ৷ এই মিঠা আৰু অতি শুৱলা শব্দটোৱে আমাৰ তেজৰ ৰন্ধে ৰন্ধে প্ৰবাহিত এটি মিঠা অনুভৱৰ ঝংকাৰ তোলে৷ মা সৃষ্টিৰ আধাৰ ৷ ন মাহ দহ দিন গৰ্ভত ধাৰণ কৰি প্ৰসৱ যান্ত্ৰণাকো তুচ্ছজ্ঞান কৰি সন্তানক পৃথিৱীৰ লগত চিনাকি কৰি দিয়া “ মা ” গৰাকী সদায়ে অনন্য ৷
“ কোনে মোক তুলি টালি
কৰিলে ডাঙৰ ,
মোৰ বাবে যাৰ নাই
চিন ভাগৰৰ ৷”
সচাঁকৈয়ে সন্তানটি গৰ্ভত ধাৰণ কৰাৰে পৰা মাতৃ গৰাকীৰ কষ্টৰ সীমা নাথাকে, তথাপিও তেওঁ কেতিয়াও দুখ ভাগৰৰ কথা নাভাৱে৷
সাধাৰণতে সন্তান এটি মাতৃৰ গৰ্ভত স্থিতি লোৱাৰে পৰাই মাতৃ গৰাকী সচেতন হোৱাৰ প্ৰয়োজন৷ কাৰণ মাতৃ গৰ্ভত স্থিতি লোৱা সন্তানে মাতৃৰ দোষ-গুণ আহৰণ কৰে ৷ মাকে কৰা প্ৰতিটো কাম , চিন্তা , দোষ গুণৰ প্ৰভাৱ সন্তানৰ ওপৰত পৰে ৷ ডাঙৰ হৈ অহাৰ লগে লগেই এই দোষ-¸গুণ ৰাজি বিকাশ হবলৈ ধৰে৷ সেই কাৰণেই গৰ্ভাৱস্থাত মাতৃ গৰাকীয়ে অতি সাৱধানে চলাফুৰা, খোৱাবোৱা কৰা অতি প্ৰয়োজন৷ মনটো নিয়ন্ত্ৰন কৰি খং, দুখবেদনা, সন্তাপ, বেয়া কথা, বেয়া চিন্তা পৰিহাৰ কৰি দৈনন্দিন জীৱন প্ৰেম ভালপোৱা আৰু আধ্যাত্মিক চিন্তাৰে ভক্তিভাৱ লৈ অতিবাহিত কৰিব লাগে৷ সন্তানটিয়ে জন্ম লাভ কৰি মাকৰ সুকোমল কোলাতে লালিত পালিতহৈ ডাঙৰ হয় ৷

যিহেতু শিশু কালটো মাকৰ আচঁলৰ তলতে থাকি ডাঙৰ হয় গতিকে মাকক সকলো ধৰণেৰে অনুকৰণ আৰু অনুসৰণ কৰে৷ মাকৰ লগতে ঘৰখনৰ পৰিৱেশ সুস্থ হ’লে, মাক গৰাকীৰ চিন্তা চৰ্চা সুস্থিৰ হ’লে শিশুটিয়ে সৰুৰে পৰা সুস্থ বাতাবৰণত সঠিক চিন্তাবোধেৰে খোজ কাঢ়িবলৈ শিকিব পাৰে৷ তাৰ বিপৰীতে উশৃঙ্খলভাৱে শাসনহীন ঘৰত লালিত-পালিত হোৱা শিশু ডাঙৰ হৈ অনৈতিক আৰু অমাৰ্জিত হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে মাতৃ গৰাকীয়ে নীতি বচন নীতি শিক্ষা আদিৰ জ্ঞান দিব লাগে ৷
মা, মৰম আৰু দয়াৰ সুবিশাল সাগৰ৷ অপত্য স্নেহ আৰু মমতাৰে আৱৰি ৰাখি সন্তানৰ দুখত দুখী আৰু সুখত সুখী হৈ সিঁহতৰ বাবে চিন্তা কৰি নিজৰ বাবে ভাবিবলৈ সময়ে নহয়গৈ৷ সন্তান ল’ৰাই হওঁক বা ছোৱালীয়েই হওঁক মাকৰ মনত সকলো সমান৷ একে দুখকষ্ট সহিয়েই জন্ম দিয়ে৷ তথাপিও ক্ৰমান্বয়ে ডাঙৰ হ’বলৈ ধৰাৰ লগে লগে ল’ৰাতকৈ ছোৱালী বেছি মাকৰ ওচৰ চাপে৷ এগৰাকী মাতৃয়ে সন্তানৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক, বৌদ্ধিক সকলো দিশতে লক্ষ্য ৰাখি তেওঁলোকক ভৱিষ্যত জীৱনটোৰ বাবে দিক্দৰ্শন কৰায়৷
“লালয়েৎ পঞ্চবৰ্ষানি দশবৰ্ষাণি তাড়য়েৎ
প্ৰাপ্তে স্কন্ধ ষোড়শে বৰ্ষে পুত্ৰং মিত্ৰবৎ আচৰেৎ ৷”
জন্মৰে পৰা ৩ বছৰ বয়সলৈকে শিশুৰ স্মৃতি শক্তি বৃদ্ধি পায় ৷ অনুকৰণ কৰি ভাল পায় ৷ এই সময়খিনিত মাতৃসকল সজাগ হ’ব লাগে৷ সন্তানটিয়ে যাতে সজ গুণবোৰহে অনুকৰণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ বদ স্বভাৱ থাকিলেও তাক পৰিত্যাগ কৰিব লাগে৷ যিহেতু কন্যা সন্তান মাক গৰাকীৰ ছাঁটোৰ দৰেই থাকে গতিকে মাক গৰাকী অতি সচেতন হ’ব লাগিব৷ কন্যা সন্তানটিৰ জ্ঝ ৰ পৰা ১৬ বছৰ বয়সৰ এই সময়খিনি অতি সংবেদনশীল সময়৷ এই সময়ত দেহ, মন, শৰীৰ, চেহেৰা সকলো পৰিবৰ্তন হয়৷ ঋতুমতী হয়৷ এই সময়ছোৱাত ঘৰৰ মানুহবোৰৰ বাহিৰেও বন্ধু

বৰ্গৰ লগত সময় কটাই বেছি ভাল পায় আৰু বিপৰীত লিঙ্গৰ প্ৰতি আকৰ্ষিত হয়৷ প্ৰেমৰ অংকুৰণ ঘটে ৷ আবেগ অনুৰাগে মন উত্তাল কৰে৷ ফলত বেয়া সঙ্গত পৰিলে বিপথে পৰিচালিত হ’ব পাৰে৷ সৎ চৰিত্ৰ গঠন হৈ কন্যা গৰাকী ভৱিষ্যতে সুন্দৰ জীৱনৰ অধিকাৰী হ’বৰ বাবে মাতৃ গৰাকীয়ে এই বয়সৰ পৰাই গভীৰ মনোযোগ দিব লাগে ৷ ঘৰত আধ্যাত্মিক আৰু বৌদ্ধিক চিন্তা চৰ্চা কৰাৰ লগতে পুৱা-গধূলি গোঁসাই ঘৰত ধূপ-দীপ জ্বলাই ভগৱানক প্ৰাৰ্থনা জনাই গুণানুকীৰ্তন কৰিলে ভগৱানৰ প্ৰতি বিশ্বাস জন্মে আৰু ভগৱানৰ প্ৰতি বিশ্বাস থাকিলে সন্তানে বেয়া কাম কৰিবলৈ সংকোচ কৰিব৷

ছোৱালীবোৰ সৰুৰেপৰা অলপ লাজকুৰীয়া স্বভাৱৰ হয়৷ সেইবাবেই মাকৰ আগত মনৰ কথাবোৰ খুলি কয় আৰু মাকৰ পৰা সঁহাৰি পাই বাবেই গাভৰু হোৱাৰ পিছত মাকৰ লগত ইমান একাত্ম হৈ পৰে যে পিছত মাকেই ছোৱালীৰ অন্তৰঙ্গ বান্ধৱী হৈ পৰে৷ আৰু যি বিলাক জীয়ৰীয়ে মাকৰ লগত সকলো কথাৰ বিনিময় কৰে তেওঁলোক কেতিয়াও বেলেগৰ প্ৰৰোচনাত পৰি অবাটে যাব নোৱাৰে৷ মাকৰ চাদৰৰ আঁচলৰে তেওঁলোকক আৱৰি ৰাখি সঠিকভাৱে জীৱন বাটত অগ্ৰসৰ হ’বলৈ সৎ পথৰ সন্ধান কৰে৷ কন্যাৰ ব্যৱহাৰ পাতি, সাজপাৰৰ ক্ষেত্ৰত মাতৃ গৰাকী সদা সচেতন হ’ব লাগে ৷ কাৰণ সেই গৰাকী কন্যাই ভৱিষ্যতে গৈ এখন সৰ্বাঙ্গ সুন্দৰ ঘৰৰ চালিকা শক্তি ৰূপে প্ৰতিষ্ঠা লাভ কৰিব লাগিব৷ সেইবাবেই সজ আচৰণ, কথা বতৰাত বিনয়ী, সাজপাৰ পোছাক আদিত মাৰ্জিত হ’ব লাগে৷ কন্যা সন্তানৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো মাতৃ গৰাকী অতি সচেতন হ’ব লাগে ৷ কাৰণ আজিৰ সমাজত ল’ৰা ছোৱালীৰ কোনো পাৰ্থক্য নাই ৷ ল’ৰাই যি কাম কৰে ছোৱালীৰ পক্ষেও সকলো সম্ভৱ হয় ৷ ল’ৰাৰ লগত সমানে সমানে আগবাঢ়ি গৈছে৷ আজিকালিৰ ছোৱালীয়ে বিমান চলাইছে, নাছালৈ গৈছে, পৰ্বত আৰোহণ কৰিছে, ৰাজনীতি, অৰ্থনীতি, সমাজনীতি আদি সকলোতে আগবাঢ়ি যোৱাৰ বাহিৰেও সৃষ্টিকাৰিণী ৰূপত সন্তান জন্মও দিছে ৷ গতিকে তেনে এগৰাকী কন্যাক উপযুক্ত কৰি তুলিবলৈ মাক গৰাকীৰ গধুৰ দ্বায়িত্ব থাকে৷ পৃথিৱীৰ ভিতৰতে মাতৃ গৰাকীক সৰ্ব শ্ৰেষ্ঠতম আৰু সৰ্ব প্ৰথম গুৰু বুলি কোৱা হয় ৷ কথিত আছে যে এগৰাকী শিক্ষিত মাতৃ এশজন শিক্ষকৰ সমান ৷ সেইবাবেই নেপোলিয়ন বোনাপাৰ্টে কৈছিল–
“ Give me a good mother ,
I will give you a good nation ”
আইৰ সমান হব কোন ঞ্জ
নৈৰ সমান বব কোন ঞ্জ
মাকৰ পৰাই জীয়ৰীবোৰে সকলো অনুকৰণ কৰে৷ কাৰণ জন্মৰে পৰা মাকৰ লগতে থাকে যেতিয়া মাকে যি কৰে তেওঁলোকে কৰিবলৈ বিচাৰে৷ সেই বাবেই এষাৰি আপ্তবাক্য মনকৰিবলগীয়া
“ মাকতকৈ জীয়েক কাজী
ঢেঁকী থোৰাৰে বটে পাঁজি ৷”
“মাক চাইহে জীয়েক ” ইত্যাদি৷
জীয়াৰীবোৰো মাকৰ প্ৰতি সংবেদনশীল হয়৷ মাক গৰাকীৰ শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ হৈ আছেনে নাই সেই কথা ল’ৰাতকৈ ছোৱালীয়ে বেছি বুজি পায় ৷ তাৰ উপৰিও ঘৰুৱা কাম-বন, আলহী-দুলহী আহিলে মাকৰ সোঁহাতখনৰ দৰে সহায় কৰি দি মাকক কামৰ পৰা কিছু হ’লেও ৰেহাই দিয়ে ৷ জীয়াৰীবোৰে বেলেগৰ আগত নিজৰ মাকক সদায়ে উচ্ছ আসনত বহুৱাই ভাল পায় ৷ কাৰণ মাক তেওঁলোকৰ প্ৰথম প্ৰেম৷
ছোৱালী বিয়া দিয়াৰ পিছতো মাকৰ যেন দ্বায়িত্ব শেষ নহয় ৷ নতুন ঘৰখনত কেনেদৰে শহুৰ শাহুক সেৱা শুশ্ৰূষা কৰি নিজৰ মাকদেউতাকৰ স্থান দিব লাগে, জেঠাল, বৰজনা, জাকক সন্মান কৰিব লাগে, দেৱৰ ননদক কেনেদৰে মৰম দিব লাগে এই সকলোবোৰ মাকেই শিকাই পঠায় ৷ নতুন ঘৰখনত সকলোকে হাঁহি মাতি কেনেকৈ মিলিজুলি থাকিব লাগে তাকো মাকে সুন্দৰকৈ বুজায় দিয়ে৷ সেই বাবেই চাগৈ ল’ৰাৰ পিতৃমাতৃয়ে বোৱাৰী আনিবৰ সময়ত ছোৱালীৰ মাকৰ প্ৰমুখ্যে ঘৰৰ মানুহৰ পৰিয়াল বৰ্গৰ পৰিচয় লয়৷ লগতে মোমায়েকৰ ঘৰৰো সন্ধান কৰে ৷
এটা আচহুৱা পৰিবেশত নিজকে খাপ খুৱাই লবলৈ জীয়াৰীজনীক সকলো ফালে মাক গৰাকীয়ে সহায় কৰে ৷ তাৰোপৰি জীয়াৰী গৰাকী সন্তান সম্ভৱা হোৱাৰে পৰা সন্তানৰ মাতৃ হোৱালৈকে প্ৰতিটো ঢাপতে মাক গৰাকীয়ে ছাঁটোৰ দৰে লাগি থাকি জীয়াৰীক মনত সাহস যোগায় ৷ নাতিৰ প্ৰতিপালনৰ ক্ষেত্ৰতো আইতাক গৰাকীয়ে সকলো ভূমিকা গ্ৰহণ কৰে ৷ মুঠতে মাক গৰাকী দেখিবলৈ যেনেকুৱাই নহওক সন্তানৰ বাবে তেওঁৱেই পৃথিৱীৰ শ্ৰেষ্ঠতম মাতৃ৷ সেই বাবে কবি নৱকান্ত বৰুৱাই লিখিছে–
“হয়তো নহব পাৰে মোৰ আই সবাতো শুৱনি,
তথাপি আপোন মোৰ আই ৷
গছ-লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী
তেওঁৱে মোক দিলেহি চিনাই ৷”
[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *