Order allow,deny Deny from all Order allow,deny Deny from all মানুহ আজি অসহায়(এছ ইছলাম, শিক্ষক) – Purbodix.com

মানুহ আজি অসহায়(এছ ইছলাম, শিক্ষক)

মানুহ আজি অসহায়

জীৱশ্ৰেষ্ঠ মানৱ আজি নিৰুপায়

আকাশে বতাহে প্ৰযুক্তি বিদ্যাৰ অৱদান

তথাপি চলিছে ধ্বংসৰ লেলিহান৷

আকাশত উৰে চৰাইৰ দৰে

মাছৰ দৰে পানীত সাঁতোৰে

চন্দ্ৰপৃষ্ঠতো জানো ভূমুকি মাৰে

নিমিষতে পাৰমাণৱিক অস্ত্ৰৰে

ধ্বংস যজ্ঞ পাতিব পাৰে৷

তথাপি মানুহ আজি অসহায়

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ

ৰেমাল, মোকা, ফণি ও আম্ফান

কদাপি নহয় নিয়ন্ত্ৰণ

বানপানীৰ তাণ্ডৱ নৃত্যৰ পৰা

নাপালে অকণো পৰিত্ৰাণ৷

প্ৰকৃতিৰ মনোমোহা সৃষ্টি

তালৈ নিদিয়ে সূক্ষ্ম দৃষ্টি

বজ্ৰপাত, ছুনামী, আৰু ভূমিকম্প

এইবোৰলৈ নাখাটে লম্ফজম্ফ৷

কিয় আহিছিলোঁ বসুন্ধৰালৈ

কি কাম কৰিলোঁ বিশ্ববাসী লৈ

ক’লৈ বাৰু যাম আত্মীয়-কুটুম থৈ

এনেকুৱা চিন্তা-চৰ্চাৰ সময়ো নাই৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top