Order allow,deny Deny from all Order allow,deny Deny from all মেলিট্‌ ফিংগাৰ( প্ৰাঞ্জল বৰা) – Purbodix.com

মেলিট্‌ ফিংগাৰ( প্ৰাঞ্জল বৰা)

মেলিট্‌ ফিংগাৰ বা Mallet Finger হ’ল আমাৰ হাতৰ আঙুলিৰ লগত জড়িত এটা condition অৰ্থাৎ এটা common হাতৰ আঙুলিৰ বিষৰ সমস্যা৷  “Mallet’’ অৰ্থাৎ “হাতুৰি৷’’ Mallet finger মানে হ’ল হাতুৰিৰ দৰে হাতৰ আঙুলিৰ এক Deformity বেকা অৱস্থা, যিটো আঙুলিৰ একেবাৰে তলৰ গাঁঠিটোত হয়৷ যদি আমি হাতৰ আঙুলিবোৰলৈ চাও, তিনিটা গাঁঠি বা joint দেখা পাওঁ৷ একেবাৰে ওপৰৰ MCP joint, মাজৰ PIP joint আৰু একেবাৰে শেষত অৰ্থাৎ আঙুলিৰ নখটো আৰম্ভ হোৱাৰ আগৰ গাঠিটো হল DIP বা Distal Interphalangeal Joint৷ কেতিয়াবা দেখা যায় জোৰকৈ বল এটা আঙুলিত লাগি যোৱা বা আনকোনো তেনে আঘাত আঙুলিৰ আগত লাগি যোৱাৰ ফলত DIP Jointটো আগলৈ হালি হাতৰ তলুৱাৰ ফালে ভাঁজ খাই যায় আৰু আঙুলিত বিষ হ’ব পাৰে৷ এই condition টোৱে হ’ল Mallet Finger৷ খেলুৱৈ সকলৰ মাজত বেছিকৈ হোৱা দেখা যায় বাবে এই condition টোক Baseball Finger বুলিও জনা যায়৷  আমাৰ হাতৰ আঙুলিবোৰৰ পিছফালেদি এডাল extension tendo আহি আঙুলিৰ একেবাৰে শেষৰ হাড়টুকুৰাত আহি fix হয়৷ এই tendon ডালে আঙুলিটো ওপৰলৈ উঠাত সহায় কৰে৷ যদিহে কিবা কাৰণে আঘাতত এই tendon ডাল কাটি যায় তেতিয়া আঘাত লগা আঙুলিটোত এই সমস্যা দেখা দিয়ে৷ আৰু যদি tendon ডাল লাগি থকা হাড়ডালত fracture হয় তেতিয়াও মেলিট্‌ ফিংগাৰৰ সমস্যাই দেখা দিয়ে৷ যাৰ ফলত আঙুলিৰ DIP joint ওপৰলৈ নুঠা হৈ তললৈ ভাজ খাই যায়৷

মেলিট্‌ ফিংগাৰৰ প্ৰধান কাৰণ ..

[ৰ] জোৰকৈ কোনো বস্তটোৰ আঘাত আঙুলিৰ আগত লাগিলে

[২] প্ৰধানকৈ Sports injury বা খেলত হোৱা injury

[৩]  Cricket, Basketball আদিত জোৰেৰে অহা বল catch ধৰাৰ ফলটো এনে আঘাত হ’ব পাৰে৷

[চ্ছ্ৰ] চুৰি বা আনকোনো জোঙা বস্তুৰ দ্বাৰা আঙুলিত কটা খালে৷

[প্ত] আঙুলিৰ পিছফালে আঘাত৷

লক্ষণ সমূহ..

[ৰ] আঙুলিৰ আগ বা DIP Joint আগলৈ ভাঁজ খায় আৰু আগলৈ গাঁঠিটো চিধা কৰিব নোৱাৰা

[২]  বিষ

[৩] নখৰ ওচৰত ৰঙা পৰা

[চ্ছ্ৰ]  ফুলি উঠা বা swelling

মেলিট্‌ ফিংগাৰৰ চিকিৎসা..

[ৰ] যদি তেনেধৰণৰ আঘাত লাগে, চিকিৎসকৰ ওচৰলৈ যোৱাৰ আগৰ সময়খিনিত যিমান পাৰে আঘাত পোৱা আঙুলিটো বুকুৰ ওচৰত ৰাখক৷

[২]  এনে আঘাতৰ পিছত আপুনি “ Mallet Finger Splint’’ ব্যৱহাৰ কৰিব লাগিব৷  ৬ ৰ পৰা জ্জ্ব সপ্তাহলৈ ২৪ ঘণ্টা নোখোলাকৈ এই splint ব্যৱহাৰ কৰিব লাগিব যি আঙুলিটোক চিধাকৈ fix কৰি ৰাখিব৷

[৩]  ১০ ৰ পৰা ২০ মিনিটকৈ দৈনিক icing কৰিব পাৰে৷

[চ্ছ্ৰ] Finger extension exercise, passive finger range of motion exercise, object pick up, Fist making বা মুঠি বন্ধা আদি physiotherapy department prctice কৰাই অতি কম সময়তে এই সমস্যাৰ পৰি আৰোগ্য লাভ কৰিব পাৰি৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top