Order allow,deny Deny from all Order allow,deny Deny from all যশস্বী আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালক জাহ্নু বৰুৱাৰ শৈশৱ, কৈশোৰৰ পূজাৰ স্মৃতি (নিমানন্দ দাস) – Purbodix.com

যশস্বী আন্ত:ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিচালক জাহ্নু বৰুৱাৰ শৈশৱ, কৈশোৰৰ পূজাৰ স্মৃতি (নিমানন্দ দাস)

Jahnu Barua

পূৰ্বদিশ    ঃআজিৰ পূজা আৰু পূৰ্বৰ পূজাৰ উৎসৱ, আনন্দৰ বহু তফাৎ আছিল৷ আপোনাৰ জীৱনত তাহানিৰ দিনত পূজাৰ আনন্দ কেনেকুৱা আছিল জানিব বিচাৰিছো৷

জাহ্ন বৰুৱা            ঃবাগিছা এখন আছে- ঔফুলীয়া৷ সৰুতে মানে পূজা বুলিলে বহুত ফুৰ্তি আৰু৷ পূজা অহালৈ বাট চাই থাকো৷ তেনেকৈ বিহুলৈ বাট চাই থাকো৷ পূজাত বিশেষ আকৰ্ষণ আছিল৷ বাগিছাত দাঙৰ-দীঘল হৈছো; দেউতাই কাম কৰিছিল ঔফুলীয়া চাহ বাগিছাত৷ মৰাণৰ পৰা প্ৰায় দহ কিলোমিটাৰ মান হ’ব৷ অলপ ভিতৰফালে হ’ব৷ ঔফুলীয়া মানে তাত ঔটেঙাৰ গছ বুত আছিল৷ সাধাৰণতে ঔটেঙা গছত ফুল নুফুলে৷ ফুল ফুলা দেখা নাযায়৷ ঔফুলীয়া এনে এখন ঠাই য’ত নেকি ফুল দেখা যাৱ৷ গতিকে ঠাইখনৰ নাম সেইবাবে ঔফুলীয়া হ’ল৷ আৰু সেই ঔফুলীয়া চাহ বাগিছাত আমি ডাঙৰ-দীঘল হৈছিলো৷ মাহৰ মূৰত ছবি এখন দেখুৱায়৷ খোলা আকাশৰ তলত৷ সেইটো বিশেষ আকৰ্ষণ আছিল৷ আৰু পূজাৰ দিনত যেতিয়া পূজা আহে, তেতিয়া কেবাখনো ছবি ৩ দিন একেৰাহে দেখুৱায়৷ ৯ খন মান ছবি দেখুৱায়৷ কেতিয়াবা ৪ দিন দেখুৱায় ১২ খন মান ছবি৷

পূৰ্বদিশ    ঃঅসমীয়া নে হিন্দী ছবি?

জাট্ৰু বৰুৱা             ঃহিন্দী ছবি দেখুৱায়৷ অসমীয়াও দুখনমান থাকে৷ আৰু তালৈ বাট চাই থাকো৷ গোটেই ৰাতি খোলা আকাশৰ তলত৷ সকলোৱে এনজয় কৰে আৰু৷ ছবি হ’লেই হ’ল আৰু৷ বাগিছাত কৰ্মীবিলাকে হিন্দী ছবি বেছি এনজয় কৰে৷ হিন্দী কমাৰ্চিয়েল ছবি৷ সেইবিলাক ছবি চাবলৈ সকলোৱে আগ্ৰহেৰে বাট চাই থাকে৷ আৰু সেয়াই বিশেষ আকৰ্ষণ৷ আৰু পূজাতো হৈছে ছেকেণ্ডাৰী৷ মানে পূজাৰ গোসানীক, দুৰ্গাদেৱীক এবাৰ সেৱা কৰা যায়৷ চিনেমালৈহে আকৰ্ষণ বেছি৷ পূজা বুলিলে চিনেমাৰ আকৰ্ষণ আছিল৷

পূৰ্বদিশ    ঃতেতিয়া চিনেমা যে চাইছিল সেয়া এণ্টাৰটেইণ্টমেণ্টৰ প্ৰতি নে মেকিঙৰ প্ৰতি আকৰ্ষণ আছিল?

জাট্ৰু বৰুৱা             ঃসৰু কালৰ কথাটো৷ এণ্টাৰটেইণ্টমেণ্টটোৱে বেছি৷ বিনামূলীয়া আছিল সেইবোৰ৷

পূৰ্বদিশ    ঃ           পূজাৰ মিঠাই,
খেলনা সামগ্ৰী, মনোহাৰী সামগ্ৰী কিনিবলৈ তেতিয়াৰ দিনত টকা-পইচা কোনে দিছিল, ক’ৰপৰা সংগ্ৰহ কৰিছিল, দেউতাকে দিছিল?

জাট্ৰু বৰুৱা             ঃপূজা বুলি এটা উলহ-মালহ হয়৷ খেলাধুলা বিলাক কৰো৷ আৰু পূজাৰ বজাৰত খৰছ কৰিবলৈ সৰুতে পইচা পাইছিলো অলপমান পকেটমানি৷ দেউতা বা আইতাই দিছিল৷ সেইটোৱে ফূৰ্তি আৰু৷ গোটেই দিনতো বজাৰখন থাকে৷ বেছি তেনেকৈ একো নাথাকে৷ বেলুন-চেলুনবিলাক থাকে৷ ল’ৰাবিলাকৰ সিমান ফূৰ্তি নাই বেলুনত৷ খেলনা বন্দুক ফুটায়৷

পূৰ্বদিশ    ঃদুষ্টামি কৰা ঘটনা কিবা হৈছিল নেকি?

জাট্ৰু বৰুৱা             ঃএইবিলাকতো আছেই আৰু৷ কাজিয়া-চাজিয়া লগা-মেলা, ফূৰ্তি-ফাতাৰ্, চুপতা-চুপতি কৰা আৰু আমাৰ ঠাই এখন আছিল, ডাঙৰ ফিল্ড এখন৷ তালৈ যাওঁ ফুটবল শ্বিল্ড প্ৰতিযোগিতা হয়৷ তাত নানান ধৰণৰ খেল খেলিবলৈ পোৱা যায় আৰু৷ ডাঙৰ বিলাক নাহে, সৰু ল’ৰা-ছোৱালীবিলাক আহে৷

পূৰ্বদিশ    ঃএইবোৰ সৰু কালৰ কথা আছিল৷
Matured বয়সত কলেজলৈ গ’লে,
চিনেমা বিষয়ত পঢ়িবলৈ পুনেলৈ গ’ল তেতিয়া পূজাৰ আকৰ্ষণ কেনেকুৱা আছিল?

জাট্ৰু বৰুৱা             ঃপাছৰ বয়সৰ আকৰ্ষণটো নাথাকিলগৈ৷ কমি গ’ল মানে নোহোৱাই হ’ল৷ কলেজ লেভেল যেতিয়া পাইছো সেই গেদাৰিঙটোলৈ যাবলৈ লাজ লগা হ’ল৷

পূৰ্বদিশ    ঃনষ্টালজিয়া হিচাপে সেই পৰিৱেশলৈ যোৱা আগৰ পূজাৰ দিনৰ মাদকতা একেই আছেনে?

জাট্ৰু বৰুৱা             ঃকমি গ’ল৷ আৰু এটা কথা হৈছিল পূজাৰ আগে আগে৷ সেইটো ৰঙালী বিহুৰ আগে আগেও হৈছিল মানে নতুন নতুন কাপোৰ কিনিবলৈ পোৱা যায়৷ তেতিয়াৰ দিনত খুব ডাঙৰ কথা৷

পূৰ্বদিশ    ঃপূজা বুলি ক’লে দুৰ্গা পূজাই আছিল নে আৰু বেলেগ বেলেগ পূজাও আছিল?

জাট্ৰু বৰুৱা             ঃআৰু কালি পূজা হৈছিল৷ কালি পূজাতো দুদিনমান ছবি দেখুৱায়৷ একে জেগাতে হয়৷

পূৰ্বদিশ    ঃবহু দূৰলৈ নিশা পূজাৰ আনন্দ উপভোগ কৰিবলৈ গৈছিলনে?

জাট্ৰু বৰুৱা             ঃনাই তেনেকৈ যোৱা নহয়৷ কাৰণ ঔফুলীয়াৰ দুৰ্গা পূজাত যিবোৰ ছবি দেখুৱায় তাতো সেইবোৰে দেখুৱায়৷

Jahnu Barua

 

সাক্ষাৎ গ্ৰহণ          ঃনিমানন্দ দাস

পূৰ্বদিশ    ঃআপোনাৰ শেহতীয়া চিনেমাৰ কাম-কাজৰ বিষয়ে জানিব বিচাৰিছো৷ ভাল খবৰ যে আপুনি লাচিত বৰফুকনক লৈ চিনেমা নিৰ্মাণৰ পৰিকল্পনা কৰিছে৷ সেই সম্পৰ্কে কেনেকুৱা অগ্ৰগতি লাভ কৰিছে?

জাট্ৰু বৰুৱা             ঃএইটো মোৰ জীৱনৰ বহুদিনীয়া সপোন এটা পুহি থকাৰ নিচিনা কথা৷ লাচিত বৰফুকনৰ বিষয়ে লগতে শৰাইঘাটৰ ৰণখনৰ বিষয়ে এখন চিনেমা নিৰ্মাণৰ হাবিয়াস আছে৷ এইটো অসমীয়া জাতিৰ বাবে বহু কাৰণত ডাঙৰ বিষয় এটা৷ কেৱল ই এখন যুদ্ধই নহয়, অসম,
অসমীয়াৰ ইতিহাসৰ ডাঙৰ শক্তি বুলি ক’ব পাৰি৷ সেই শক্তি শৰাইঘাটৰ ৰণতেই আছে৷ সেই যুঁজতেই লাচিতে বুজাই দিয়ে অসমীয়া জাতিটোৰ আভাস৷ যেতিয়া ছবি এখন কৰা যায়, সেই ছবিখন ৰাজ্যখনৰ মানুহখিনিয়ে চোৱাৰ উপৰি পৃথিৱীৰ নানা লোকে চাবলৈ পাব আৰু এখন ঐতিহাসিক যুদ্ধৰ বিষয়ে অসমৰ বুৰঞ্জীৰ বিষয়ে বহুতখিনি জানিব পাৰিব৷ আৰু আমাৰ জাতিটোৰ যিবিলাক ভাল গুণ আছে আমাৰ ভাল গৌৰৱময় ইতিহাস আছে, ভাল অতীত এটা আছে সেই কথা জানিব পাৰিব৷ সেয়ে এইটো আমাৰ কৰ্তব্য যে বাহিৰা পৃথিৱীখনক জনাব পাৰিব লাগে৷ মই যিহেতু এজন ফিল্মমেকাৰ৷ ফিল্ম এখন কৰিবলৈ পালে ভাল পাম৷ গতিকে বহুত বছৰৰ পৰা মই চেষ্টাত আছো৷ আৰু মই বুলিয়ে নহয়, অসম চৰকাৰেও মোক যোগাযোগ কৰিছে লাচিত বৰফুকন আৰু শৰাইঘাটৰ ৰণক লৈ ছবি এখন হওঁক৷ যিহেতু এনেকুৱা ছবি কৰিবলৈ যিটো স্কেলৰ দৰকাৰ, তাত বাজেট লৈ সমস্যা হয়৷ মানে এনে ছবি কৰিবলৈ যেনেকুৱা বাজেট দৰকাৰ, তেনে বাজেট চৰকাৰৰ ফালৰ পৰা আগবঢ়াবলৈ অসুবিধা হয়৷ গতিকে কামটো পেলাই থোৱা যায়৷ কেবাবাৰো তেনেকুৱা হ’ল আৰু চৰকাৰ বুলিয়ে নহয়, বাহিৰৰ কেবাজনো ব্যক্তিয়ে যোগাযোগ কৰিছিল আৰু কিছুমান বাহিৰৰ পাৰ্টীয়ে যোগাযোগ কৰিছিল৷ কিন্তু যেতিয়াই বাজেটৰ কথা আহে তেতিয়াই সাহস নকৰে৷ আৰু আমি লাচিত বৰফুকন আৰু শৰাইঘাটৰ ৰণক লৈ ছবি কৰিলে অন্য ছবি যেনে ধৰণে কৰা যায় তেনেধৰণে কৰিলে নহ’ব নহয়৷ ইতিহাসৰ সেই নিখুঁত ছবি চিনেমাখনত আহিব লাগিব৷ সেইটো ফুটাই তুলিবলৈ যাওঁতে খৰচ পাতিতো আছেই৷ মইতো পৰিচালকহে৷ আৰু লিখিব পাৰো৷ মোৰ কামখিনি মই কৰিব পাৰো৷ টকা-পইচাৰ ক্ষেত্ৰত কোনোবা যদি আগবাঢ়ি নাহে নহ’বই৷ অলপতে এগৰাকী প্ৰযোজক আহিলে, আগ্ৰহ দেখুৱাইছে আৰু ইফালৰ পৰা মই সাহস কৰিছো হ’বগৈ পাৰে বুলি৷ চৰকাৰৰ লগত এতিয়ালৈকে যোগাযোগ কৰা নাই৷ ব্যক্তিগত প্ৰযোজনাৰ কথাহে চলি আছে৷

পূৰ্বদিশ    ঃচিত্ৰনাট্য ৰচনাৰ আগতে গৱেষণা পৰ্যায়তো চলি আছে নে চিত্ৰনাট্য ৰচনাৰ পৰ্যায় চলি আছে?

জাট্ৰু বৰুৱা             ঃগৱেষণা সম্পূৰ্ণ হৈ গ’ল৷ চিত্ৰনাট্য লিখি থকা হৈছে৷ চিত্ৰনাট্য মই নিজে লিখি আছো৷

পূৰ্বদিশ    ঃকলা নিৰ্দেশনা, ভি এফ এক্স, লোকেশ্বনৰ কথা আছে৷ আজিৰ গুৱাহাটী আৰু শৰাইঘাটতো লোকেশ্বন নিমিলেতো আন ক’ৰবাত বা অসমৰ বাহিৰত দৃশ্যগ্ৰহণ হ’ব নেকি?

জাট্ৰু বৰুৱা             ঃনাই অসমৰ লোকেশ্বনতে হ’ব৷ কল্পনা কৰি আছো৷ অসমৰ কলা-কুশলীৰ লগতে বাহিৰৰ কলা-কুশলীও থাকিব৷

পূৰ্বদিশ    ঃ Lead
Casting বোৰ চূড়ান্ত হৈছে নেকি?

জাট্ৰু বৰুৱা             ঃভাবি থকা হৈছে৷ চূড়ান্ত হোৱা নাই৷ এতিয়া চিত্ৰনাট্যৰ কাম চলি আছে৷ প্ৰথম পৰ্যায় সম্পূৰ্ণ হৈছে আৰু ছমাহমান লাগিব৷ কিছুমান Side by side কামবিলাক চলি আছে৷ এনেকুৱা ছবি কৰিলে বৰ সাৱধানেৰে আগবঢ়া হয় আৰু কনফিডেয়েন্সলি আগবঢ়া হয়৷

পূৰ্বদিশ    ঃআজিৰ অসমীয়াৰ মাজত যি জাতীয় চেতনাহীনতা, নেতৃত্বৰ সংকটে দেখা দিছে তাৰ প্ৰেক্ষাপটত লাচিত বৰফুকনৰ দেশপ্ৰেম, বীৰত্ব, সাহসী নেতৃত্বৰে শত্ৰুক পৰাভূত কৰিবলৈ যি দৃঢ়তা লাগে সেইবোৰ কথালৈ চালে চিনেমাখনৰ
 Main focal point এইবোৰেই হ’ব?
নহয়জানো৷

জাট্ৰু বৰুৱা             ঃহ’ব, সেইবোৰ কথাই ফুটাই তোলা হ’ব সামগ্ৰিকভাৱে৷

পূৰ্বদিশ    ঃধন্যবাদ আপোনাৰ ব্যস্ততাৰ মাজত ইমানখিনি বহুমূলীয়া সময় দিয়া বাবে৷

জাট্ৰু বৰুৱা             ঃমোৰো ভাল লাগিল কথা পাতি৷ পূৰ্বদিশৰ উদ্দেশ্য শক্তিশালী হওঁক৷ পাঠকে পূৰ্বদিশক ভালদৰে আঁকোৱালি লওঁক তাৰ বাবে শুভে২৬া জনাইছো৷

পূৰ্বদিশ    ঃধন্যবাদ৷

পূৰ্বদিশৰ হৈ সাক্ষাৎগ্ৰহণ ঃ নিমানন্দ দাস

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top