Order allow,deny Deny from all Order allow,deny Deny from all যুৱ প্ৰজন্ম আৰু নিচাযুক্ত দ্ৰব্য(সংগীতা ৰাজবংশী) – Purbodix.com

যুৱ প্ৰজন্ম আৰু নিচাযুক্ত দ্ৰব্য(সংগীতা ৰাজবংশী)

বৰ্তমান যুৱ প্ৰজন্ম নিচাযুক্ত দ্ৰব্যৰ কৰালগ্ৰাসত৷ ই এক এনেকুৱা সামাজিক ব্যাধি যাক নিৰ্মূল কৰিবলৈ কোনো সংগঠন, চৰকাৰ প্ৰশাসনে অকলে অগ্ৰসৰ হ’ব নোৱাৰে৷ যিকোনো এই বিকাৰৰ আৰম্ভণি ক’ত প্ৰথমতে সেইটো পৰ্যবেক্ষণ কৰাটো অতিকে জৰুৰী৷ আমেৰিকাৰ মনোবিজ্ঞানী ষ্টেনলি হলে কৈশোৰ কালৰ এক বিজ্ঞানসন্মত অধ্যয়ন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ কৈশোৰ কালছোৱাক তেওঁ ১৬ বছৰৰ পৰা ২৫ বছৰ বয়সত পূৰ্ণ দৈহিক বিকাশ হোৱালৈকে বিবেচনা কৰিছে৷ বয়ঃসদ্ধি কালছোৱাক খলাবমা আৰু চাকনৈয়াৰে ভৰা সময় বুলি কোৱা হয়৷ এই বিষয়ে ষ্টেনলি হল নামৰ মনোবিজ্ঞানীজনে তেওঁৰ মূল গ্ৰন্থ Adolessence ত কৈছে যে ক্টIt is known as a period of great storm and strain, strom and strifeক্ট অৰ্থাৎ, কৈশোৰ কাল হৈছে- সাংঘাতিক ধুমুহা আৰু পীড়নৰ সময়৷ কৰ্মবিমুখ শিক্ষা-ব্যৱস্থা, নিবনুৱা সমস্যা, ৰাজনৈতিক অস্থিৰতা, সমাজৰ নৈতিক মানদণ্ডহীনতা আদিৰ দৰে অৱস্থা আৰু সমস্যাসমূহ কিশোৰ-কিশোৰীৰ এনে দেহ-মানসিক প্ৰয়োজনসমূহ বয়স্কসকলে সহানুভূতিৰে বিবেচনা কৰিবলৈ বহু সময়ত অসমৰ্থ হোৱা বাবে সমস্যাৰ জটিলতা বৃদ্ধি হৈ পৰে৷ এই সময়খিনি যুৱক-যুৱতী উভয়ে স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজেৰে পাৰ কৰিবলগীয়া হয়৷ আমি অভিভাৱক, শিক্ষক, ওচৰ-চুবুৰীয়া সকলোৱে তেওঁলোকৰ মনৰ কথা বুজিব চেষ্টা কৰিব লাগে৷ অন্যথা যুৱ-সমাজ অযথা কিছুমান বেয়া অভ্যাসৰ ফালে গতি কৰিব৷ সাম্প্ৰতিক কালত যুৱ-প্ৰজন্ম নিচাযুক্ত দ্ৰব্যৰ প্ৰতি বৰ বেয়াকৈ আসক্ত হোৱা দেখিবলৈ পোৱা যায়৷

মাদক দ্ৰব্য বা নিচাযুক্ত দ্ৰব্য বুলি কওঁতে আমাৰ ভাৰতবৰ্ষত থোৰতে পোৱা মাদক দ্ৰব্যসমূহৰ ভিতৰত মদ, ভাং, কানি আৰু ধপাতে হ’ল সাধাৰণ মাদক দ্ৰব্য৷ অইন এবিধ মাৰাত্মক মাদক দ্ৰব্য হৈছে  ‘ড্ৰাগ’ যাৰ প্ৰচলনে সমাজখন অজান অন্ধকাৰৰ দিশে লৈ গৈ আছে৷ কোকেইন, ব্ৰাউন চুগাৰ আদি বিভিন্ন নামেৰে এই মাৰাত্মক দ্ৰব্যবিধ ভাৰতত প্ৰৱেশ কৰি যুৱ-সমাজক বিস্তৰ ক্ষতি সাধন কৰা দেখিবলৈ পোৱা যায়৷ মাদক দ্ৰব্যই কেতিয়াও কাৰো উপকাৰ কৰিব নোৱাৰে৷ এবাৰ এই দ্ৰব্যৰ অভ্যাস লাগিলে দিনক দিনে কেতিয়া মৃত্যুৰ দুৱাৰদলিলৈ গৈ থাকে নিচাসক্ত ব্যক্তিজনে উমানকে নাপায়৷ ইয়াক সেইবাবে ধীৰ গতিৰ বিষ (Slow Poison) বুলি কোৱা হয়৷ এজন সুস্থ সবল মানুহে যেতিয়া মদ্যপানৰ অভ্যাস গঢ়ি তোলে তেতিয়া তেওঁৰ মনৰ তাৰতম্য হোৱা দেখা যায় যেনে– স্মৃতি শক্তি, দৃষ্টি শক্তি, ধাৰণা শক্তি ক্ষীণ হোৱাৰ উপৰিও, হাওঁফাওঁ, হৃদযন্ত্ৰ, স্নায়ু দুৰ্বলতা আৰু ৰক্তচাপ বৃদ্ধি আদি ৰোগৰ সৃষ্টি কৰে৷ ইয়াৰ উপৰিও পাকস্থলী, প্লিহা, যকৃত, অন্ত্ৰ আদিত হোৱা কৰ্কট ৰোগ আৰু যকৃতত হোৱা ‘লিভাৰ চিৰোচিছ’ নামৰ কঠিন ৰোগ মদ্যপানৰ পৰা সৃষ্টি হোৱা দেখা যায়৷

দেখা গ’ল যে মাদক দ্ৰব্য শৰীৰৰ লগতে মানসিকভাৱেও বহুত ক্ষতিকাৰক কিয়নো যেতিয়া কিশোৰ এজন মদ্যপান কৰাত অভ্যাস গঢ়ি তুলিব তেতিয়া তাৰ কাৰণে অৰ্থৰ প্ৰয়োজন হয় আৰু ঘৰৰ পৰা এনেধৰণৰ কামৰ বাবে কেতিয়াও সঁহাৰি নিদিয়ে, সেয়ে সেইবিলাক লোক বা কিশোৰসকল অপৰাধ প্ৰৱণতাৰ চিকাৰ হয়৷ হত্যা, লুণ্ঠন, অপহৰণৰ দৰে ঘৃণনীয় কামত লিপ্ত হয়৷ ঘৰখনৰ লগতে সমাজখনকো কলংকিত কৰি নিজৰ স্বাৰ্থ সিদ্ধিত লিপ্ত থাকে৷ এতিয়া কথাটো হ’ল, তেওঁলোকক জগৰীয়া কৰি থাকিলে সমস্যা সমাধান হৈ নাযায় নতুবা গাঁৱে-ভূঁয়ে, চহৰে-নগৰে সজাগতা সভা পাতিও আমি এইবোৰ অতি সহজে নিৰ্মূল কৰিব নোৱাৰিম৷ তাৰ বাবে শিশুক প্ৰথম অৱস্থাৰে পৰাই আমি সৰ্বাংগীন বিকাশৰ ওপৰত জোৰ দিব লাগিব৷ আমি আটায়ে এইক্ষেত্ৰত দায়বদ্ধ হোৱাটো অত্যন্ত জৰুৰী৷ সকলোতকৈ দুখৰ বিষয় যে- স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত নিচাযুক্ত দ্ৰব্যৰ আসক্তি খুব বেছি পৰিমাণে দেখা যায়৷ সমীক্ষা অনুসৰি অসম ভাৰতবৰ্ষৰ দ্বিতীয় ৰাজ্য হিচাপে পৰিগণিত হৈছে৷ এতিয়া প্ৰশ্ন হ’ল– বহুলভাৱে প্ৰচলন হোৱা এই ভয়াৱহ ব্যাধি আমাৰ আধুনিক উন্নত শিক্ষিত সমাজখনৰ পৰা কেতিয়া নিৰ্মূল হ’ব? আমি সকলোৱে সজাগ হোৱাৰ সময় আহি পৰিছে৷ যদিহে আৰু বেছি হেমাহি কৰো তেতিয়াহ’লে প্ত-৬ বছৰৰ ভিতৰত অসম ভাৰতবৰ্ষৰ ভিতৰত  নিচাসক্ত ৰাজ্য হিচাপে এক নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হ’ব৷ যিখিনি লোক ইতিমধ্যে নিচাসক্ত তেওঁলোকৰ বাবে প্ৰথমতে কিছুমান নিদান আছে- যিবোৰ হ’ল চিকিৎসকৰ ওচৰ চাপি তেওঁলোকৰ সমস্যাৰ বিষয়ে অৱগত কৰিব লাগিব৷ চিকিৎসকে তেওঁলোকৰ সমস্যাসমূহ বুজি সু-পৰামৰ্শ আৰু চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি দিয়ে৷ সু-পৰামৰ্শ বা উপদেশক যাক চিকিৎসা বিজ্ঞানৰ ভাষাত ‘Councelling’ বুলি কোৱা হয়, তাৰ অত্যন্ত প্ৰয়োজন হয়৷ নিচাসক্ত ব্যক্তিজনৰ প্ৰায় ৩-৬ মাহৰ সাপ্তাহিক বা সপ্তাহত দুৱাব কাউঞ্চেলিঙৰ প্ৰয়োজন হয় আৰু কিছুমানৰ ক্ষেত্ৰত এবছৰ বা জীৱনজুৰি এই কাউঞ্চেলিঙৰ সহায় ল’ব লগা হয়৷

এনেকুৱা নহয় যে আধুনিক যুগতহে ইয়াৰ নিদান আছে৷ পাৰস্পৰিক আয়ুৰ্বেদ শাস্ত্ৰত নিচাযুক্ত লোকৰ বাবে চিকিৎসাৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰা আছে৷ যোগাভ্যাস হ’ল এনেকুৱা এক অদ্ভুত চমৎকাৰী উপায় য’ত এজন ব্যক্তিয়ে দৈহিক, মানসিক দুয়োটা দিশতে ভাৰসাম্য বজাই ৰাখিব পাৰে৷ যোগাভ্যাসে শৰীৰ, মন, বিচাৰ আৰু ধৰ্ম, আত্মসংযম, একাত্মতা, বৰ্তমানৰ উপলব্ধি, মনোযোগ, দৃঢতা আদি উন্নত কৰি তোলে৷ সেয়েহে যোগ্য স্বাস্থ্য জীৱনৰ এক আশীৰ্বাদ আৰু লগতে নিজৰ লগত পৰিচয় কৰোৱাত অভূতপূৰ্ণ  অৱদান আগবঢ়ায়৷ মন কেতিয়াও বিচলিত নহয়, নিজৰ উদ্দেশ্য সদায় আগত ৰাখি জীৱনৰ মহান কামসমূহ কৰিবলৈ অগ্ৰসৰ হয়৷

আহক আমি সকলোৱে সংকল্পৱদ্ধ হওঁ- মাদক দ্ৰব্য এই সমাজাৰ পৰা, দেশৰ পৰা আৰু বিশ্বৰ পৰা শিপা উঘালি পেলাও৷ যুৱ-প্ৰজন্মক নিচা জাতীয় দ্ৰব্যৰ পৰা দূৰত ৰাখো, যুৱ-প্ৰজন্মৰ মাজত যোগ, প্ৰাণায়াম আৰু ধ্যানৰ মাজেৰে ইতিবাচক ভাবধাৰাৰ সূচনা কৰো…

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top