Order allow,deny Deny from all Order allow,deny Deny from all লাউপাৰাস্থিতমূলশ্ৰীশ্ৰীশ্যামৰায়সত্ৰৰভকতসকলৰজীৱনীকোষ (ধাৰেশ্বৰপালদাস) – Purbodix.com

লাউপাৰাস্থিতমূলশ্ৰীশ্ৰীশ্যামৰায়সত্ৰৰভকতসকলৰজীৱনীকোষ (ধাৰেশ্বৰপালদাস)

লাউপাৰাস্থিত শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ উৎপত্তি সম্বন্ধে আৰু এই সত্ৰখনৰ চালিকা শক্তি সত্ৰাধিকাৰ প্ৰভূসকলৰ বংশানুক্ৰম নামসহ তথ্য শ্ৰীশ্ৰীশ্যামৰায় সত্ৰৰ মাহাত্ম্যৰে ‘‘লাউপাৰাৰ সৌৰভ’’ নামৰ কিতাপখনত পঢ়িবলৈ পালো৷ খ্ৰীষ্টীয় পোন্ধৰশ শতিকাৰ কিছু আগতে এই সত্ৰখন স্থাপিত হৈছিল৷

সত্ৰখন উৎপত্তিৰ সময়ৰ পৰা, প্ৰায় ১৮৬৮ চনৰ আগত, এই সত্ৰখনত কিমানসংখ্যক ভকতে প্ৰসঙ্গ কৰিছিল জানিব নোৱাৰিলো৷ ইয়াৰ পিছৰ, বহু কেইজন দেউৰী ভকত, পাহেৰী ভকত আৰু মহন্ত ভকতেও শ্যামৰায় সত্ৰত প্ৰসঙ্গৰ লগতে বিভিন্ন কাৰ্যসিদ্ধি কৰি ইহঃ সংসাৰৰ পৰা গুচি গ’ল৷

অতীতৰ পৰা এই শ্যামৰায় সত্ৰখন লুইতৰ খহনীয়া আৰু প্ৰাকৃতিক দুৰ্যোগে ঠন ধৰি উঠিব নিদিলে৷ সত্ৰাধিকাৰ প্ৰভুসকল, ভকতসকল আৰু সত্ৰ পৰিচালনা সমিতিৰ মৃত আৰু জীৱিত মহান ব্যক্তিসকলে সত্ৰখনৰ বাবে বহু কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিলে৷ তাৰ বিনিময়ত, গন্ধৰ দিয়া গাঁৱৰ জনসম্পদেৰে সমৃদ্ধশালী লাউপাৰাৰ ভক্তপ্ৰাণ ৰাইজে আধ্যাত্মিক আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাবে শ্ৰীশ্ৰীশ্যামৰায় সত্ৰখন পাবলৈ সক্ষম হ’লো৷

এই সত্ৰৰ অধীনৰ সমূহ শিষ্য আৰু ৰাইজ একতাৰ ডোলেৰে বান্ধ খাই থাকি আজি শ্যামৰায় প্ৰভুৰ ওচৰত মুৰ দোৱাই গৌৰৱবোধ কৰিছো৷

প্ৰায় ১৮৬৮ চনৰ বৰ্তমানলৈ, শ্ৰীশ্ৰীশ্যামৰায় সত্ৰত প্ৰসঙ্গৰ লগতে অন্যান্য কাৰ্যসিদ্ধ কৰা, মৃত আৰু জীৱিত এই ভকতসকলৰ বংশৰ নাতি-পুত্ৰৰ সুত্ৰে লোৱা তথ্যৰ ভিত্তিত জীৱিত কালৰ এটা চমু জীৱনী কোষ লিখি থোৱাৰ মানস কৰিলোঁ৷

অগ্ৰজসকলৰ স্মৃতিত– ঁ মণিৰাম মেধিৰ আগৰ ভকতসল পাহৰণিৰ গৰ্ভত৷

ৰ৷           ঁ মণিৰাম মেধি ঃ             পুৰণি লাউপাৰাৰ পূব চুবুৰীৰ পাগলাদিয়া, পুঠিমাৰী উপনৈ দুখনৰ সঙ্গমস্থলৰ ওচৰতে এওঁৰ বসতি আছিল৷ (মণিৰাম মেধিৰ দেউতাকো এজন মহন্ত ভকত আছিল, নামটো অজ্ঞাত)৷ এওঁ সৰুৰে পৰা কৃষি কৰ্মত ব্যস্ত আছিল৷ সেই সময়ত স্কুলীয়া শিক্ষা বিশেষ পোৱা নাছিল যদিও শাস্ত্ৰজ্ঞান আহৰণ কৰি লাউপাৰা অঞ্চলত ধৰ্মীয় লোক হিচাবে খ্যাতি অৰ্জন কৰিছিল৷ এওঁ এজন ভাল সমাজ সংগঠক হিচাবেও পৰিচিত আছিল৷

এওঁ কম বয়সতে মহন্তৰ বাব লৈ, বহু বছৰ ধৰি শ্যামৰায় সত্ৰৰ ভকত হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল৷ মৃত্যুৰ সময়ত তিনিজন ল’ৰা আৰু দুজনী ছোৱালী ইহ সংসাৰত এৰি থৈ যায়৷

২৷            ঁ দুলাল কলিতা ঃ             এওঁ লাউপাৰা অঞ্চলত দুল্লৰ্ভ ভকত হিচাবে পৰিচিত আছিল৷ পুৰণা লাউপাৰাৰ পূব চুবুৰীত পাগলাদিয়া নৈৰ ওচৰতে এওঁৰ বসতি আছিল৷

এওঁৰ দেউতাকো আছিল এজন মহন্ত৷ নিজ ঘৰতে পূৰ্ব পুৰুষে স্থাপিত কৰি থৈ যোৱা সচংখন এওঁ প্ৰতি পালন কৰিছিল৷ লাউপাৰা অঞ্চলৰ লগতে বিভিন্ন ঠাইত ভকত সেৱা অনুষ্ঠিত কৰি ধৰ্মীয় বাতাবৰণ গঢ়ি তুলিছিল৷ এওঁ বহু বছৰ ধৰি শ্ৰীশ্ৰী শ্যামৰায় সত্ৰত মহন্ত ভকত হিচাবে কাৰ্য সম্পাদন কৰিছিল৷

এওঁলোকৰ সচংখন ১৯৭১ চনত ব্ৰহ্মপুত্ৰৰ পৰা খহনীয়াত বিলীন হৈ যায়৷

৩৷           ঁ নিভাৰ্ষা মেধি ঃ              এওঁ আছিল, ভকত  ঁমণিৰাম মেধিৰ ডাঙৰ ল’ৰা৷ ক্ষীণ, ওখ আৰু গাৰ বৰণ মিঠা ৰঙৰ আছিল৷ এওঁ ডেকা অৱস্থাত এজন ভাল খেতিয়ক আৰু অতি পৰিশ্ৰমী লোক আছিল৷ নম্ৰতা, ভদ্ৰতা এওঁৰ আছিল এটা বিশেষ গুণ৷ ডেকা অৱস্থাৰ পৰা কীৰ্তন ঘোষা, নামঘোষা পঢ়ি বৰ ভাল পাইছিল আৰু আনকো শুনাইছিল৷ এওঁ বংশানুক্ৰমে পোৱা নীতি-নিয়মানুৱৰ্তিতা বজাই ৰাখিব পাৰিছিল বাবে, শ্যামৰায় সত্ৰত দেউৰী ভকত হিচাবে বহু বছৰ কাৰ্য নিৰ্বাহ কৰাৰ সুবিধা পাইছিল৷ মৃত্যুৰ সময়ত দুজন ল’ৰা আৰু তিনিজনী ছোৱালী ইহ সংসাৰত এৰি থৈ যায়৷

৪৷            ঁ সনাৰাম কলিতা ঃ         এওঁ হ’ল ভকত দুলাল কলিতাৰ প্ৰথম ল’ৰা৷ এওঁক লাউপাৰা অঞ্চলৰ লগতে ওচৰৰ বিভিন্ন ঠাইত ‘‘সনাপাণ্ডা’’ হিচাবেহে ভালদৰে জানিছিল৷ লাউপাৰা আৰু ওচৰৰ অঞ্চল বিশেষত যেতিয়া কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱ হৈছিল, এইজনা পাণ্ডাই কলেৰাৰ ভূত খেদিছিল৷

লোক বিশ্বাস মতে তেতিয়াৰ মানুহে চৌতালীক নাম ধৰি ৬যজ্জ টা নাগাৰা বজাইছিল৷ নাগাৰা কোবৰ তালে তালে হাতত লাঠি লৈ পাণ্ডাই জক্‌ দি কলেৰা ভূত খেদিছিল৷ এওঁ বিভিন্ন ৰোগৰ আয়ুৰ্ব্বেদ চিকিৎসা কৰি মানুহৰ প্ৰিয়-পাত্ৰ হৈছিল৷

প্ৰায় দুবছৰ মান শ্যামৰায় সত্ৰৰ দেউৰী ভকত হিচাবে কাৰ্যনিৰ্বাহ কৰিছিল৷

প্ত৷           ঁ বংশী পাল দাস ঃ            পুৰণি লাউপাৰাত, শ্যামৰায় সত্ৰৰ পূবফালে থকা (পেৰামাৰী) চুবুৰীত এওঁ বাস কৰিছিল৷

১৯৬৪ চনৰ কোনোবা এটা মাহত, শ্যামৰায় সত্ৰ পৰিচালনা সমিতি আৰু তেতিয়াৰ সত্ৰাধিকাৰ  ঁ পূৰ্ণদেৱ গোস্বামীদেৱে এওঁক শ্যামৰায় সত্ৰৰ পাহেৰী ভকত হিচাবে দায়িত্ব দিছিল৷

এওঁ সৰুৰ পৰা অতি সাহসী আৰু নিৰ্ভীক লোক আছিল৷ ডেকা অৱস্থাৰ পৰা, কুকুৰে কামোৰা চিকিৎস্যা ব্যাধিৰ বিশিষ্ট চিকিৎসক, শাস্ত্ৰজ্ঞ আৰু সুদক্ষ ৰান্ধনি আছিল৷ তেতিয়াৰ কেবাগৰাকী উপায়ুক্ত আৰু মন্ত্ৰীৰ পৰা ৰান্ধনি হিচাবে পদক, লগতে প্ৰমাণ পত্ৰ লাভ কৰিছিল৷

১৯৪২ চনৰ অসহযোগ আন্দোলনত সক্ৰিয় সদস্য আৰু লাউপাৰা হাইস্কুল প্ৰতিষ্ঠা কৰা তেতিয়াৰ উদ্যমী ডেকাসকলৰ ভিতৰত এজন আছিল৷

এওঁ শ্যামৰায় সত্ৰৰ উৎসৱ-পাৰ্বনসমূহত, নানা ৰঙৰ ফুল আৰু বিভিন্ন ৰঙীন কাপোৰেৰে মণিকুটো সজাই-পৰাই ধৰ্মপ্ৰাণ ৰাইজৰ মন আপ্লুত কৰিব পাৰিছিল৷

ব্ৰহ্মপুত্ৰৰ খহনীয়াত, শ্যামৰায় সত্ৰ ছয়বাৰ স্থানান্তৰ হোৱাত, সেই দুখ-দুৰ্দশাৰ সময়ত এইজনা ভকতে অতি কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি, সত্ৰৰ মূল সম্পদসমূহ অক্ষত অৱস্থাত ৰাখি থৈ গৈছে৷

অহা সংখ্যাত…

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top