
শিশু শ্ৰমিক/ বিশ্বৰ বহু ঠাইৰ এক দুখজনক ছবি৷ এই ছবিখনে শৈশৱ, শিক্ষা, ভৱিষ্যতৰ সুযোগ কাঢ়ি লৈ যায়৷ এটা পৰিসংখ্যাৰ পৰা দেখা গৈছে বিশ্বত প্ৰায় ১৬ কোটি শিশু শ্ৰমিক আছে৷ এই সকল শিশু শ্ৰমিকে খেলা-ধূলা বা স্কুললৈ যোৱাৰ পৰিবৰ্তে বিভিন্ন ঘৰুৱা কাম-কাজ আৰু বিপদজনক কাৰখানাৰ কামত জড়িত হৈ আছে৷ শিশু শ্ৰমিক বুলি ক’লে কেৱল ল’ৰা ছোৱালীয়ে কাম-কাজত অপৈণত বয়সত জড়িত হোৱা কথাই নহয়৷ শিশুৰ স্বাস্থ্য, সুৰক্ষা, শিক্ষাৰ ক্ষতি কৰি ভৱিষ্যতৰ সম্পূৰ্ণ সম্ভাৱনাক বাধা দিয়ে৷
আন্তৰ্জাতিক চুক্তিৰ দ্বাৰা শিশু শ্ৰমিকক মানসিক, শাৰীৰিক, সামাজিক আৰু নৈতিকভাৱে বিপজ্জনক আৰু ক্ষতিকাৰক আখ্যা দিয়া হৈছে৷ লঘু দুই এটা কাম বাদ দি নিয়োগৰ বাবে শিশুৰন্যুনতম বয়স পোন্ধৰ বছৰ ধাৰ্য কৰা হৈছে৷ আফ্ৰিকা আৰু এছিয়াৰ কিছুমান অঞ্চলত বিশ্বৰ অন্য দেশৰ তুলনাত শিশু শ্ৰমিকৰ হাৰ অধিক৷
শিশু শ্ৰমিকৰ অস্তিত্বৰ এটা ডাঙৰ কাৰণ হৈছে দৰিদ্ৰতা৷ জীয়াই থকাৰ মৌলিক প্ৰয়োজন কেইটা পূৰাবলৈ সক্ষম নোহোৱা পৰিয়ালৰ ল’ৰা-ছোৱালীক প্ৰায়ে কামলৈ পঠিওৱা হয়৷ দুৰ্ভাগ্যজনক যদিও কাম কৰাটোৱে কেতিয়াবা জীয়াই থকাৰ একমাত্ৰ উপায় হৈ পৰে৷ কোনো পিতৃ-মাতৃয়ে নিজৰ সন্তানক সৰুতেই উপাৰ্জনৰ কামত লগাব নিবিচাৰে কিন্তু হতাশজনক পৰিস্থিতি আৰু জীয়াই থকাৰ তাড়নাই তেওঁলোকক সদায় বাধ্য কৰে৷ দুখীয়া বা অৰ্থনৈতিকভাৱে অনগ্ৰসৰ ঠাইত প্ৰাপ্তবয়স্ক হ’লে চাকৰি বা কাম বিচাৰি পোৱাটো টান৷ তেতিয়া পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীক কামলৈ ঠেলি দিয়ে৷ ফলত উপাৰ্জনৰ পথটো সহজ হৈ পৰে৷ তাৎপৰ্যপূৰ্ণ যে দৰিদ্ৰ পৰিয়ালসমূহে নিজৰ সন্তানক ঘৰৰ পৰা এটা উণ্ণত জীৱনৰ আশাত কামলৈ পঠাই দিয়ে৷ ভাল শিক্ষা, খাদ্য আৰু নিৰাপত্তাৰ দৰে প্ৰলোভনজনক প্ৰতিশ্ৰুতিৰে একাংশই শিশুসকলক লৈ গৈ অতিৰিক্ত কামৰ বোজা জাপি দিয়ে৷ কামৰ বোজা শিশুৰ শিক্ষা আৰু ব্যক্তিগত বিকাশত হেঙাৰ হৈ পৰে৷ বাস্তৱ দেখিও একাংশ অভিভাৱকে পইচা কেইটা নোপোৱাৰ শংকাত প্ৰতিবাদ নকৰে৷ দৰিদ্ৰ সীমাৰেখাত থকা বেছিভাগ লোকেই এটা ভাল জীৱনৰ আশাত টকা-পইচাৰ ঋণ লোৱাৰ প্ৰৱণতা ৰাখে৷ সময়ত ঋণ ঘূৰাই দিব নোৱাৰিলে তেওঁলোক ঋণ বন্ধনত পৰে৷ ঋণ পৰিশোধ কৰাৰ স্বাৰ্থত নিজৰ লগতে সন্তানকো শ্ৰমিক বা জামিন হিচাপে ব্যৱহাৰ কৰে৷ ইয়াৰ ফলত পৰিয়ালবোৰ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰিদ্ৰতাত আৱদ্ধ হৈ পৰে৷ আৰু শিশুসকলে স্কুললৈ যাবলৈ বা ভৱিষ্যত গঢ়িবলৈ নাপায়৷
ভাল শিক্ষাৰ সুবিধা নোপোৱাটো শিশু শ্ৰমৰ সৈতে জড়িত৷ কোনো কোনো অঞ্চলত বিদ্যালয় ঘৰৰ পৰা বহু দূৰত বা থাকিলেও ভাল শৈক্ষিক পৰিবেশ নাই৷ তদুপৰি ইউনিফৰ্ম, কিতাপ আদি আনুষাংগিক খৰচৰ ভয়তো বহু অভিভাৱকে সন্তানক শিক্ষালাভৰ পৰা বিৰত ৰাখে৷ চৰকাৰৰ শিশুৰ বাবে আচঁনি আছে যদিও দৰিদ্ৰ পৰিয়ালৰ কাণলৈ এইসমূহ আচঁনিৰ সবিশেষ নাযায়৷ অৰ্থাৎ জীয়াই থাকিবলৈ শিশু শ্ৰমিক তেওঁলোকৰ উপাৰ্জনৰ বাবে একমাত্ৰ বিকল্প হৈ পৰে৷ শিক্ষা লাভৰ শেষত সংস্থাপনৰ নি(য়তা নথকাৰ বাবেও বহুতো অভিভাৱকে সন্তানক স্কুললৈ পঠাব নোখোজে৷ কেতিয়াবা কিছুমান পৰম্পৰাগত প্ৰথাকো শিশু শ্ৰমিক সমস্যাৰ বাবে জগৰীয়া কৰিব পাৰি৷ সামাজিক বৈষম্য আৰু সাংস্কৃতিক নীতি-নিয়মেও শিশু শ্ৰমিকৰ সমস্যাক স্থায়ী কৰি ৰাখে৷ সন্তান ডাঙৰ হোৱাৰ লগে লগে পৰিয়ালক সহায় কৰাৰ বাবে যোগ্য বুলি ধৰা হয়৷ এনে বিশ্বাসৰ বাবেই শিশু শ্ৰমিকৰ হাৰ বাঢ়ি থাকে৷ নিৰক্ষৰ আৰু দৰিদ্ৰ অধিক সংখ্যক অভিভাৱকে নাজানে যে শিশু শ্ৰম শিশুৰ বাবে কিমান ভয়ংকৰ হ’ব পাৰে৷ শিশু শ্ৰম কেৱল এটা সম্প্ৰদায়ত গ্ৰহণ কৰা হয়৷ গতিকে ইয়াক স্বাভাৱিক বুলি ধৰি মানুহে প্ৰশ্নৰ অৱতাৰণা নকৰে৷

শিশুক সুৰক্ষা দিবলৈ আইন প্ৰণয়ন কৰা হৈছে যদিও ইয়াৰ ফলপ্ৰসূতা বুজাটো গুৰুত্বপূৰ্ণ৷ আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা চমুকৈ আইএলঅ’ৰ ন্যুনতম বয়সৰ চুক্তিযুক্ত নীতি আছে৷ এইবোৰে ল’ৰা ছোৱালীক সুৰক্ষা দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড নিৰ্ধাৰণ কৰে৷ ৰাষ্ট্ৰসংঘৰ ৰাইটচ অৱ চাইল্ডে (UNCRট্ৰ) শিশুক শোষণৰ পৰা ৰক্ষা কৰে৷ এই চুক্তিসমূহে দেশসমূহক নিজাকৈ আইন সৃষ্টিৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰে৷ ভাৰতবৰ্ষত শিশু শ্ৰমিক আইন ভংগকাৰীসকলৰ বাবে কঠোৰ শাস্তি আছে৷ শিশুক নিযুক্ত কৰা নিয়োগকৰ্তাসকলক জৰিমনা আৰু জেলৰ সময় পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আদালতে থিৰাং কৰে৷ যদি পুনৰাবৃতিমূলক অপৰাধ হয় তেন্তে পেনাল্টি কঠিন হৈ পৰে৷ আনকি সন্তানক অবৈধভাৱে কাম কৰিবলৈ দিয়া অভিভাৱকো বিপদত পৰিব পাৰে৷ নিয়োগকৰ্তাক শিশু শ্ৰমিক বিচাৰি উলিওৱাত সহায় কৰা লোকসকলেও শাস্তিৰ সন্মুখীন হয়৷ তেনে লোকৰ জৰিমনা আৰু জেইল পৰ্যন্ত হ’ব পাৰে৷
ভাৰতবৰ্ষৰ শিশু শ্ৰমিক নিষেধাজ্ঞা আৰু নিয়ন্ত্ৰণ আইনখনৰ জৰিয়তে শিশুক কিছুমান বিপদ সংকুল বৃত্তিত নিয়োগ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ এই আইনসমূহ বলবৎকৰণৰ ক্ষেত্ৰত সুৰুঙা অৱশ্যেই আছে৷ দুৰ্নীতিয়ে বলবৎকৰণ দুৰ্বল কৰিব পাৰে৷ দুৰ্নীতি এক বৃহৎ সমস্যা৷ কিছুমান বিষয়াই হয়তো শিশু শ্ৰমিকৰ প্ৰতি অৱহেলা কৰিব পাৰে৷ আনকি ইয়াৰ পৰা তেওঁলোক লাভবানো হ’ব পাৰে৷ আইনপ্ৰয়োগকাৰীৰ এই অৱস্থাত বিষয়টোৰ বিৰুদ্ধে যোৱাটো প্ৰায় অসম্ভৱ হৈ উঠে৷ চৰকাৰী সংস্থাসমূহক শিশু শ্ৰমিকৰ বিৰুদ্ধে যুঁজিঁবলৈ ধন আৰু কৰ্মচাৰীৰ প্ৰয়োজন৷ কাৰখানা আৰু উৎপাদন স্থানসমূহ পৰীক্ষা কৰি নিশ্চিত হ’ব লাগে যে তেওঁলোকে শিশু শ্ৰমিক ব্যৱহাৰ কৰা নাই৷ আৰু সম্পদৰ অভাৱৰ বাবেই কৰ্মক্ষেত্ৰসমূহ নিৰীক্ষণ কৰাত বাধা আহিব পাৰে৷ পৰিণতিত কেতিয়াবা অৱহেলা আৰু কিছুমান নিয়োগকৰ্তাই নিয়মবোৰ আতঁৰাই দিয়াৰ উপায় বিচাৰি পায়৷ ফলত শিশুক সম্পূৰ্ণৰূপে সুৰক্ষা দিয়াত বাধা আহি পৰে৷

বিশ্বৰ বজাৰ আৰু সস্তীয়া সামগ্ৰীৰ চাহিদাই শিশু শ্ৰমিকক আগুৱাই নিয়ে৷ টকা সঞ্চয় কৰিবলৈ চেষ্টা কৰাটোৱেই মুল সমস্যা৷ সস্তীয়া শ্ৰম আৰু সামগ্ৰীৰ চাহিদাৰ কোম্পানীসমূহে কম মুল্যত সামগ্ৰী বিক্ৰী কৰিব বিচাৰে৷ ইয়াৰ ফলত কাৰখানাসমূহে খৰচ কমাবলৈ হেঁচাঁ প্ৰয়োগ কৰে৷ দুখৰ বিষয় যে ইয়াৰ ফলত শিশুকে ধৰি শ্ৰমিকসকলক প্ৰায়ে শোষণ কৰা হয়৷ সামগ্ৰীবোৰ ক’ৰ পৰা আহে আৰু কেনেকৈ তৈয়াৰ কৰা হয় সেয়া জনাটো সহজ নহয়৷ এই স্বচ্ছতাৰ অভাৱে শিশু শ্ৰমিকক যোগান শৃংখলত লুকাই থকাটো সহজ কৰি তোলে৷ ফলত কৰ্তৃপক্ষ জবাবদিহি হোৱাৰো সুৰুঙা নাথাকে৷
শিশু শ্ৰমিকৰ পৰিণতি কেতিয়াবা ভবাতকৈও ভয়ংকৰ হয়৷ কম বয়সতে কাম কৰিলে আঘাত আৰু অসুস্থতাৰ সৃষ্টি হয়৷ ক্লান্তি, পুষ্টিহীনতা আৰু মানসিক আঘাতে শিশুজনক আজীৱন প্ৰভাৱিত কৰিব পাৰে৷ শিশু নিৰ্যাতন বা অৱহেলাৰ লক্ষণৰ প্ৰতি সজাগ হ’ব লাগে৷ শিশু এটাক অনবৰতে ভাগৰুৱা যেন লাগিব পাৰে বা নিয়মিতভাৱে স্কুললৈ নাযাব পাৰে৷ শিশু শ্ৰমিকৰ সন্দেহ হ’লে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ বা চাইল্ডলাইন ইণ্ডিয়া ফাউণ্ডেচনৰ সৈতে যোগাযোগ কৰি শিশুটিৰ বিষয়ে তদন্ত কৰি শিশুটিক সহায় কৰিব পাৰি৷ শিশু শ্ৰমে সামগ্ৰিকভাৱে সমাজৰ ক্ষতি কৰে৷ নিৰক্ষৰতা আৰু দৰিদ্ৰতাৰ চক্ৰটো সমাজত স্থায়ী হোৱাত সহায় কৰে৷ উৎপাদনশীলতা আৰু অৰ্থনৈতিক বিকাশ হ্ৰাস পোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ ধনী আৰু দুখীয়াৰ মাজৰ ব্যৱধানৰ দূৰত্ব আহে৷ এক সমৃদ্ধিশালী অৰ্থনীতিৰ বাবে সুশিক্ষিত কৰ্মশক্তি অতি প্ৰয়োজনীয়৷
শিশু সকলেই দেশৰ ভৱিষ্যত৷ শিশু শ্ৰমিক বন্ধ কৰিবলৈ সকলোৰে সহযোগিতাৰ প্ৰয়োজন৷ আমি ন্যায্য শ্ৰম পদ্ধতি অনুসৰণ কৰা কোম্পানীসমূহক সহায় কৰিব পাৰো৷ ‘ফেয়াৰ ট্ৰেড’ৰ সামগ্ৰীৰ ওপৰত চকু ৰাখিব পাৰি৷ কোম্পানীসমূহক তেওঁলোকৰ নৈতিক উৎসৰ নীতিৰ বিষয়ে প্ৰশ্ন কৰিব লাগে৷ ইয়াৰ ফলত ব্যৱসায়ী সকলে শ্ৰমিকৰ লগত ভাল ব্যৱহাৰ কৰিবলৈ উৎসাহিত হয়৷ শিশু শ্ৰমিক বিষয়টোৰ প্ৰতি সজাগতাৰ সৃষ্টি কৰিব পাৰি৷ উল্লেখ্য, ব্ৰাজিলত শিক্ষা কাৰ্যসূচীয়ে শিশু শ্ৰমিকৰ হাৰ হ্ৰাস কৰাত সহায় কৰিছে৷ পৰিবৰ্তন সদায়েই সম্ভৱ৷ যুঁজি থকাটোহে গুৰুত্বপূৰ্ণ৷ নৈতিক ব্যৱসায়ক সমৰ্থন কৰি, শিক্ষাক প্ৰসাৰিত কৰি আৰু নীতি পৰিৱৰ্তনৰ পোষকতা কৰি সকলোৱে শিশুসকলক সুৰক্ষা দিয়াত সহায় কৰিব পাৰো৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]