Order allow,deny Deny from all Order allow,deny Deny from all শীতৰ আগমনত (ঊ কৰবী বৰ্মন কলিতা) – Purbodix.com

শীতৰ আগমনত (ঊ কৰবী বৰ্মন কলিতা)

পলমকৈ হ’লেও লাহে লাহে নামিছে শীত৷ ৰাজ্যত দেৰিকৈ হ’লেও ঠাণ্ডা অনুভৱ কৰিবলৈ লৈছে মানুহে৷ প্ৰকৃতিৰ নিয়ম যিহেতু৷ ঋতু পৰিৱৰ্তন হ’বই৷

এইবাৰ অৱশ্যে শীত বহু পলমকৈ আহিছে৷ বায়ু প্ৰদূষণৰ বাবে দায়ী জধে-মধে  নিৰ্মাণ কৰা বহু উদ্যোগ, কল-কাৰখানা, যাৰ বাবে গ্ল’বেল ৱাৰ্মিঙৰ সৃষ্টি হৈছে তাৰ বাবেই শীত আজি-কালি অতি পলমকৈ আহে৷ এসময়ত আমিবোৰে দুৰ্গা পূজাৰ সময়ত নতুনকৈ ক্ৰয় কৰা গৰম কাপোৰ অৰ্থাৎ জেকেট-ছুৱেটাৰ পিন্ধি পূজা চাবলৈ গৈছিলো৷  দেৱালীৰ সময়ত ঘৰৰ বাহিৰত বহি ফটকা ফুটাইছিলো৷ তেতিয়া নিয়ৰ পৰা অনুভৱ কৰিছিলো৷ এতিয়া সময়ৰ পৰিৱৰ্তন হৈছে৷ সকলো দিশতে৷ বছৰৰ শেষৰ ভাগলৈহে যেন সম্পূৰ্ণ ৰূপে শীত পৰা পৰিলক্ষিত হ’ব৷ হ’লেও শীতৰ মাদকতা ল’বলৈ যেন সকলো ব্যাকুল৷ শীত তেনেই মোহনীয় ৷ শীত মানেই কুঁৱলি, শীত মানেই শেৱালি৷

ছয়টা ঋতুৰ ভিতৰত বসন্ত আৰু শৰতকে প্ৰশস্ত বুলি ধৰা হয়৷ ঋতুৰাজ যদি বসন্ত, তেন্তে শৰৎ হৈছে শাৰদীয় ঋতুৰাণী৷ বেদনাক্লিষ্ট বৰ্ষা, বাৰিষাই বিধ্বস্ত কৰা কৃষকৰ মুখত হাঁহি বিৰিঙাই ধৰালৈ মিঠা শৰতৰ ঘটে আগমন৷ শৰতৰ প্ৰতিটো প্ৰভাতত নিয়ৰসিক্ত দূৱৰিৰ পৰশত মানুহৰ প্ৰাণত জাগি উঠে এক মিঠা হেঁপাহ৷ শৰতৰ আগমনে প্ৰকৃতিৰ বুকুত ন-ৰহণ সানে৷ গ্ৰীষ্ম বা বৰ্ষাৰ ৰৌদ্ৰোজ্জ্বল দিনৰ তাপমাত্ৰা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে৷ বায়ুমণ্ডল হৈ পৰে নাতিশীতোষ্ণ৷ সজীৱ হৈ উঠে দূৱৰিৰ দলিচা৷ পুৱাৰ ৰাঙলী সূৰুযে দূৱৰি বনৰ ওপৰত নিয়ৰৰ টোপালক মুকুতাৰে যেন খোপাহে সজায়৷

শৰৎ বুলিলেই মনলৈ আহে পদূলিমুখৰ শেৱালিজোপাৰ কথা৷ শেৱালি অবিহনে শৰৎ যেন ক’ৰবাত অসম্পূৰ্ণ৷ শৰৎ বুলিলেই মনলৈ আহে জুবিনৰ গীতৰ এটি কলি-

“দূৱৰিৰ দলিচা পাৰি

বাটে বাটে শেৱালি সিঁচি

পদূলি গৰকি তুমি

শৰৎ আনিবা…..৷ “

শৰতৰ প্ৰতিটো পুৱা তলসৰা শেৱালিয়ে হৃদয়ত জগাই তোলে আনন্দৰ জোঁৱাৰ৷ পুৱা উঠিয়েই এই qw দলিচাৰ দৰে সিঁচৰতি হৈ থকা শেৱালি ফুল বুটলাৰ আমেজেই সুকীয়া৷ শেৱালি ফুলৰ গোন্ধই সকলোৰে মনৰ কলুষতা আঁতৰাই এক নিকা পৰিৱেশৰ সৃষ্টি কৰে৷ শৰতৰ qw জোনাকৰ পোহৰে নিশাবোৰ কৰি তোলে অতি বিতোপন৷ শৰতৰ চন্দ্ৰাৱলী ৰাতি স্নিগ্ধ জোনাকৰ সুকোমল পোহৰত আইতাৰ সৈতে নাতি-নাতিনীহঁতে সাধুকথাৰ মেল পাতে৷

শৰতৰ লগত শেৱালিৰ যি নিবিড় সম্পৰ্ক, ঠিক তেনেকৈয়ে শৰতৰ লগত আহিনৰো সম্পৰ্ক যুগমীয়া৷ শৰৎ আৰম্ভ হোৱাৰ লগে লগে শ্যামলিমা প্ৰকৃতিৰ বুকুত কহুঁৱা বনবোৰ ফুলি বতাহত হালি জালি ৰূপহী অসমীৰ জেউতি চৰায়৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top