সুস্মিতা অপৰূপা
শীত কালত ছাল শুকান হোৱা দেখা যায়৷ সেয়ে আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান টিপ্চ৷
শীতকালত ছালৰ ময়(ৰাইজাৰ লগোৱাতো অত্যন্ত জৰুৰী৷ গা ধুই আহিয়েই প্ৰথম মুখত ময়(ৰাইজাৰ লগাব লাগে৷ ময়(ৰাইজাৰে ছালত জলীয় বাষ্প দিয়ে, তেতিয়া ছালখন টানি ধৰা বা শুকান হোৱাৰ পৰা হাত সাৰিব পাৰি৷ যথেষ্ট ৰস খাওঁক৷ ঘৰুৱা দিহা বুলি ক’বলৈ গ’লে আপোনালোকে গাখীৰৰ সৰ লৈ মুখত মালিচ কৰিব পাৰে৷ ইয়ে ছালখন স্বাভাৱিক কৰি ৰক্ষা ৰখাত সহায় কৰে৷ শীতকালৰ বাবে এইটো এটা উত্তম উপায়৷ এইখিনি কৰক শীতকালত সুন্দৰ হৈ থাকক৷ লগতে সেউজীয়া শাক-পাচলি আৰু সতেজ ফলমূল খাবলৈ নাপাহৰিব৷
যদি গোৰোহা ফাঁটে কুহুমীয়া গৰম পানীৰে ভৰি ধূই ভৰি শুকুৱাই এক চামুচ ভেচলিন আৰু এক চামুচ নেমু ৰস মিলাই ভৰিৰ গোৰোহাত লগাওক এক ঘণ্টা বা গোটেই ৰাতিও ৰাখিব পাৰে৷ চাব আপোনাৰ গোৰোহা জিলিকি উঠিছে৷
এইদৰে যত্ন লওক আৰু ঘৰতে শীতকালতো সুন্দৰ হৈ থাকক৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]