Order allow,deny Deny from all Order allow,deny Deny from all শেৱালি ফুলৰ বৰ (ঊলক্ষীমা মহন্ত) – Purbodix.com

শেৱালি ফুলৰ বৰ (ঊলক্ষীমা মহন্ত)

উপকৰণ ঃ

ৰ কাপ শেৱালি ফুল

২কাপ বেচন

২টা পিয়াঁজ

২টা কেঁচা জলকীয়া

নিমখ অকণমান

জলকীয়া আৰু পিয়াঁজ কাটি সকলোখিনি এটা পাত্ৰত ভালকৈ মিহলাই ল’ব৷  তাৰ পিছত কেৰাহীত তেল দি ভালকৈ গৰম হ’বলৈ দিব৷ চামুচ বা হােতৰে ভাজি ২য৩ টাকৈ ৰঙচুৱা হ’লে নমাই থ’ব৷ গৰমে গৰমে ভাতৰ লগত বা আবেলি চাহৰ লগতো খাব পাৰি৷ বৰ ভাল খাবলৈ৷

গুজিয়া

২ কাপ মৈদা

৬ চামুচ ৰিফাইন তেল

ৰ কাপ চেনি

ৰ কাপ চুজি

ৰকাপ নাৰিকলৰ গুৰি৷

প্ৰথমে ময়দাখিনি ভালকৈ মঠি ল’ব৷ চুজিখিনিও ভাল দৰে ভাজি ল’ব৷ চেনি আৰু নাৰিকলৰ গুৰিখিনি বেলেগে ভাজিব৷  ভালকৈ ভজা হ’লে চুজিৰ সৈতে পুনৰ আধাকাপ পানী দি সুন্দৰ কৈ মিহলাই ল’ব যাতে চুজিখিনি সিজে আৰু কমেও ১০ দিন ভাল হৈ থাকে৷

তাৰপিছত মঠিথোৱা ময়দাখিনি গুটি কৰি লুচিৰ আকাৰত বেলি ল’ব৷  বেলিলৈ তাৰ ভিতৰত ভাজি থোৱা সংমিশ্ৰণখিনি অলপ অলপ ভৰাই দিব৷ আৰু যতনেৰে হেঁচা দি সুন্দৰ কৈ বনাব৷ তাৰপিছত কেৰাহীত তেল গৰম কৰি ৩য৪ টাকৈ কম জুইত ভাজি যাব৷ মচমচীয়া, আৰু ৰঙচুৱা হ’লে নমাই থব৷ বেলেগ কেৰাহীত ২য৩ কাপ চেনি আৰু পানী দি গৰম কৰি উতলাই উতলাই বেছি ডাঠ হ’লে ভাজি থোৱা কোৰমাখিনি তাত দি দিব৷ সাবধানে লৰাব যাতে নাভাগে৷  লাহে লাহে এটা এটাকৈ নমাই থব৷

চাহযকফিৰ লগত খাই চাবচোন, বৰ ভাল লাগে৷ পেট আৰু মন ভৰি যায়৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top