শৰতৰ শাৰদীয়
পুৱতি নিশা
অজানিতে সাৰ পাই গ’লো,
ভাঙি গ’ল ঘুমতি
পুলক ভৰা
মধুৰ মিঠা অনুভূতি৷
দুৱাৰ খুলি আগুৱাই গ’লো,
চোতালৰ দুৱৰিৰ পাতত পালোঁ
নিয়ৰৰ টোপা৷
সকলো লগ লাগি গাঁথিছে
মুকুতাৰ মালা৷৷
কাষ চাপি দেখিলো
শেৱালি পাহিবোৰ
আছে তলভৰি সৰি৷
আলফুলকৈ দুহাতেৰে
আজলি ভৰাই
পাহিবোৰ ল’লো বুটলি৷৷