Order allow,deny Deny from all Order allow,deny Deny from all শৰীৰৰ বাবে উত্তম পানীয়- ডিটক্স ৱাটাৰ – Purbodix.com

শৰীৰৰ বাবে উত্তম পানীয়- ডিটক্স ৱাটাৰ

(কৰবী বৰ্মন কলিতা)

উফ!  অশান্তিকৰ গৰমৰ দিনবোৰ দেখোন আহিলেই৷  লাহে লাহে বাঢ়ি অহা সূৰ্যৰ উষ্ণতাই আমাক ব্যতিব্যস্ত কৰিবলৈ ল’লেই দেখোন৷ গৰম দিনত সততে ছাল, ছুলি তথা আমাৰ শৰীৰটোৱে বৃহৎ কষ্ট অনুভৱ কৰে, নহয়নে বাৰু!

যিহেতু গৰম দিন নিচেই কাষ চাপি আহিছে, সেয়েহে আমি গৰমৰ দিনত নিজৰ শৰীৰটো যতনৰে কেনেকৈ ৰাখিম সেয়াও জানি থোৱা খুবেই প্ৰয়োজনীয়৷

গ্ৰীষ্মকালত অত্যধিক ঘাম ওলোৱাৰ ফলত, শৰীৰৰ পৰা বহু প্ৰকাৰৰ খনিজ পদাৰ্থ ওলায়৷ যাৰ ফলত ডিহাইড্ৰেচনৰ সমস্যাই দেখা দিয়ে৷ আমি নিজকে আভ্যন্তৰীণভাবেও ডিহাইড্ৰেচন পৰা বচাই ৰখাটো বৰ দৰকাৰী বিষয়৷

 হাইড্ৰেট হৈ থাকিব হ’লে আমি পানী খাব লাগিব৷ গৰম দিনত আমি তৃষ্ণা নিবাৰণ কৰিবলৈ পানী খাওঁ৷ কিন্তু পানী খালে আমাৰ শৰীৰক উপযুক্ত পৰিমাণে পাব লগা সামগ্ৰীসমূহ বা পদাৰ্থসমূহ উপলব্ধ নহয়৷ সঠিকভাৱে কাম কৰিবলৈ আপোনাৰ শৰীৰত সকলো সময়তে পৰ্যাপ্ত তৰল আৰু ইলেক্ট্ৰলাইট সঠিক পৰিমাণত থাকিব লাগে৷  আপুনি বজাৰত উপলব্ধ কিছুমান পানীয় ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে, সেইবোৰতকৈ উত্তম ঘৰতে সহজে তৈয়াৰ হোৱা প্ৰাকৃতিক পানীয় (ডিটক্স ৱাটাৰ) গ্ৰহণ কৰা উচিত৷ তেনে এবিধ ডিটক্স ৱাটাৰ আৰু এইবিধ পানীয় সহজতে তৈয়াৰ কৰা পদ্ধতি সম্পৰ্কে কিছু কথা জানি লওঁ আহক৷

  পানীৰ সৈতে তিয়হ যোগ কৰি তিয়হৰ ডিটক্স পানী তৈয়াৰ কৰি খাব পাৰিলে আমি গৰমত অত্যধিক লাভৱান হ’বলৈ পাৰোঁ৷ কাৰণ তিয়হে আমাক ভিতৰৰ পৰা হাইড্ৰেট কৰি ৰাখিব পাৰে৷

তিয়ঁহৰ ডিটক্স পানী পুষ্টিৰে সমৃদ্ধ, তিয়ঁহত ভিটামিন আৰু খনিজ যেনে ভিটামিন কে, ভিটামিন চি, পটাছিয়াম আৰু মেগনেছিয়াম থাকে৷

তিয়ঁহ ডিটক্স পানীয়ে শৰীৰৰ পি. এইচ. স্তৰ সন্তুলিত কৰাত সহায় কৰিব পাৰে৷

তিয়ঁহ ডিটক্স পানীয়ে প্ৰদাহ হ্ৰাস কৰিব পাৰে৷  ইয়াক তৈয়াৰ কৰাও খুৱেই সৰল৷ তিয়ঁহৰ ডিটক্স পানী তৈয়াৰ কৰিবলৈ, কেৱল তিয়ঁহ এটা টুকুৰা কৰিব আৰু ইয়াক পানীৰ সৈতে যোগ দিব৷ আপুনি যোগ কৰা সোৱাদৰ বাবে কিছুমান সতেজ পুদিনা পাত বা নেমুৰ টুকুৰাও যোগ দিব পাৰে৷ স্বাস্থ্যকৰ আৰু সতেজ পানীয়ৰ বাবে গোটেই দিনটো তিয়ঁহৰ ডিটক্স পানী আজিকালি বজাৰত উপলব্ধ সুন্দৰ সুন্দৰ আইনাৰ বটলত দিনটোৰ বাবে ৰাখি সময়ে- সময়ে সেৱন কৰি নিজকে হাইড্ৰেট কৰি ৰাখিব পাৰিব৷ উল্লেখ্য যে আজিকালিৰ স্বাস্থ্য সচেতন প্ৰতিজন ব্যক্তিয়েই ডিটক্স ৱাটাৰৰ সেৱন প্ৰচুৰ মাত্ৰাত কৰিবলৈ লৈছে ৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top