Order allow,deny Deny from all Order allow,deny Deny from all সত্ৰীয়া আৰু ওডিছীৰ নৃত্য পটিয়সী(তন্মনা চৌধুৰী) – Purbodix.com

সত্ৰীয়া আৰু ওডিছীৰ নৃত্য পটিয়সী(তন্মনা চৌধুৰী)

তন্মনা চৌধুৰী হৈছে সুপৰিচিত সত্ৰীয়া আৰু ওডিছী নৃত্য পটিয়সী, সংগীত নাটক একাডেমী বঁটা প্ৰাপক গুৰু প্ৰয়াত গৰিমা হাজৰিকাৰ জ্যেষ্ঠ শিষ্যা৷ তেওঁ অখিল ভাৰতীয় মহাবিদ্যালয়ৰ পৰা বিশাৰদ ডিগ্ৰাধাৰী৷

তেওঁ গুৱাহাটীত অনুষ্ঠিত বশিষ্ঠ উৎসৱৰ লগতে অসমৰ কেইবাঠাইত আৰু ৰাজ্যৰ বাহিৰতো ইজেদ চিচি কলকাতা, পুট্টাপাৰ্থেত চাই বাবা উৎসৱ, উৰিষ্যাৰ কোণাৰ্ক মহোৎসৱ, কলকাতা স্বৰ্ণ নৃত্য প্ৰতিভা, যোধপুৰ নৃত্য প্ৰতিভা, পাটনা অক্টেভ মহোৎসৱ, শিলিগুৰিৰ গুৰু প্ৰণতি নৃত্যানুষ্ঠান পৰিৱেশন কৰে৷ নৃত্য সংৰচনা (গুৱাহাটী), শুৱালকুছি নৃত্য মহোৎসৱতো নৃত্য পৰিৱেশন কৰে৷

সত্ৰীয়া আৰু ওডিছী নৃত্যৰ লগতে তেওঁ তেওঁৰ গুৰুৰ পৰিচালনাত কেবাখনো নৃত্য নাটকত অভিনয়ো কৰিছে৷ তদুপৰি তেওঁ গুৰু ৰাজা, মৌমাখি আৰু ভালুক, অসমৰ এখন গাঁৱৰ ছবি আৰু পুলক গগৈ পৰিচালিত ‘মমতাজ’ নামৰ এখন ছবিত সহ নৃত্য পৰিচালক ৰূপেও কাম কৰিছে৷

সম্প্ৰতি মিতালি কলা কেন্দ্ৰত ওডিছী আৰু সত্ৰীয়াৰ উপৰিও তন্মনাই গুৰুৰ পৰিচালনাত কেবাখনো নৃত্য নাটিকাত অভিনয় কৰিছে৷ তেনে কেইটিমান উল্লেখযোগ্য প্ৰযোজনা হৈছে– ‘ৰাজা’, ‘মৌমাখি আৰু ভালুক’, ‘অসমীয়া এখন গাঁৱৰ ছবি’ আদি৷ তেওঁ অসমীয়া ছবি ‘মমতাজ’ত সহকাৰী নৃত্য নিৰ্দেশকৰূপেও কাম কৰিছে৷

বৰ্তমান তেওঁ মিতালী কলা কেন্দ্ৰৰ মূৰব্বীৰূপে এই বেনাৰৰ অধীনত ‘কামৰূপ কামাখ্যা’, ‘নৱ চেতনা’, ‘দ্ৰৌপদী কী আত্ম কথায়ে’, ‘দষানন’, ‘মহিষাসুৰ মৰ্দিনী’, ‘অগ্নি পৰীক্ষা’ আৰু ‘বিবিধা মে একতা’ আদি কেবাখনো চুটি নাটক পৰিচালনা কৰিছে৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top