Order allow,deny Deny from all Order allow,deny Deny from all সন্তানৰ সামগ্ৰিক বিকাশত অভিভাৱকৰ ভূমিকা (সাৰদা হাজৰিকা) – Purbodix.com

সন্তানৰ সামগ্ৰিক বিকাশত অভিভাৱকৰ ভূমিকা (সাৰদা হাজৰিকা)


সন্তান মানৱৰ যুগ্ম জীৱনৰ শ্ৰেষ্ঠ আশীৰ্বাদ৷ বৈবাহিক জীৱনৰ উজ্জ্বল স্বাক্ষৰ আৰু পাৰ্থিৱ জীৱনৰ সফলতম প্ৰতিশ্ৰুতি৷ সন্তানে এটা বংশক বিস্তাৰিত কৰি লৈ যায়৷ সন্তানৰ স্যেষ্ঠৱ, সমৃদ্ধি, কল্যাণ আৰু নিৰাপত্তাৰ ওপৰতে বংশ তথা জাতিৰ সমৃদ্ধি, কল্যাণ আৰু নিৰাপত্তা ঘাইকৈ নিৰ্ভৰ কৰে৷ অভিভাৱকজন হ’ল সন্তান এটিক সমাজত মানুহ হিচাপে গঢ়ি তোলাৰ উচিত দিশটোৰ একো একোজন পথ প্ৰদৰ্শক৷ সেয়েহে প্ৰত্যেকজন অভিভাৱকৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য হ’ল কেনেকৈ নিজেক সন্তানটিৰ সন্মুখত নিজৰ এক নিভাঁজ আৰু সুন্দৰ ব্যক্তিত্বৰ প্ৰতি২৬বি তুলি ধৰাটো৷ কাৰণ তেখেতৰ সেই ব্যক্তিত্বৰ প্ৰথম পৰিচায়ক হৈ ৰ’ব সন্তানটি, যি গঢ়িব ভৱিষ্যত প্ৰজন্মক একো একোজন আদৰ্শ ব্যক্তি হিচাপে৷
সন্তান জন্মলগ্নৰ পৰাই মাতৃৰ মৰমৰ উমত চন্দ্ৰকলাৰ দৰে একলা একলাকৈ বাঢ়িবলৈ আৰম্ভ কৰে৷ শৈশৱত সন্তানৰ মন হয় এলিখা নিলিখা কাগজৰ দৰে উকা৷ এই সময়ত সন্তান কল্পনাবিলাসী, অনুকৰণপ্ৰিয়, আত্মকেন্দ্ৰিক আৰু কৌতুহলী৷ সেয়ে অভিভাৱকে পৰিস্কাৰ পৰি২৬ন্ন হৈ থকা, নিজৰ বস্তুবোৰ পৰিপাটিকৈ ৰখা, কথা-বতৰা নম্ৰভাৱে ক’বলৈ, ডাঙৰক সন্মান আৰু সৰুক মৰম কৰি কাজিয়া-পেচাল নকৰিবলৈ শিক্ষা দিব লাগে৷ পিতৃ-মাতৃ উভয়ে সংযত আচৰণৰ আৰ্হি দেখুওৱাটো অতি বাঞ্চনীয়৷ মনোযোগ বিশ্লেষণ ক্ষমতা, স্মৃতি আদি মানসিক শক্তিসমূহ বাল্যকালত বৰ প্ৰবল হয়৷ সেয়ে অভিভাৱকে নৈতিক শিক্ষা দিবৰ বাবে ৰাম-লক্ষ্মণৰ ভাতৃপ্ৰেম, ঋষি-¸মুনিৰ সাধনা, যুধিষ্ঠিৰৰ সত্যবাদিতা, কৰ্ণ-অৰ্জুনৰ বীৰত্ব, একলব্য, ধ্ৰুব-প্ৰহ্লাদৰ সাধনা আৰু ভক্তিৰ কথা ক’ব লাগে তথা কিতাপ পঢ়াত উৎসাহ যোগাব লাগে৷
শৈশৱৰ প্ৰভাৱে যে পৰৱৰ্তী কালত চৰিত্ৰ গঠন কৰাত সহায় কৰে তাক আমি কেইবাজনো মহান লোকৰ দৃষ্টান্তৰ পৰা জানিব পাৰোঁ৷ মহাত্মা গান্ধীয়ে শৈশৱত শ্ৰৱণৰ পিতৃ-মাতৃৰ প্ৰতি থকা ভক্তি আৰু শুশ্ৰু¸ষাই, ৰজা হৰি(ন্দ্ৰই সত্যৰ কাৰণে সৰ্বস্ব ত্যাগ কৰা আদৰ্শই অভিভুত কৰিছিল৷ জৱাহৰলাল নেহেৰুৰ দেশপ্ৰেমৰ মূলতে আছিল তেওঁলোকৰ পৰিয়ালত থকা মুন্সী মোবাৰক আলি নামৰ এজন বৃদ্ধলোক৷ তেওঁৰ পৰা নেহেৰুৱে চিপাহী বিদ্ৰোহৰ কথা শুনি শৈশৱতে তেওঁৰ মনত দুৰ্বাৰ দেশপ্ৰেম জাগি উঠিছিল৷ তেওঁৰ শৈশৱ কালত হোৱা জাপান আৰু ৰাছিয়াৰ যুদ্ধত জাপানী বিলাক জয়ী হোৱা শুনি উৎসাহিত হৈ ভাবিছিল, ক্ষুদ্ৰ পৰুৱাৰো পৰ্বত খহাবপৰা শক্তি থাকে৷
বৰ্তমান সময়ত প্ৰকৃত অভিভাৱক হোৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান৷ কাৰণ আজিৰ সমাজত একক পৰিয়ালত দেখা যায়৷ যাৰ বাবে মাতৃগৰাকীয়ে সন্তানৰ সম্পূৰ্ণ দায়িত্ব ল’বলৈ যেন সময়ৰ অভাৱ৷ সেয়ে হাতত মোবাইল বা টিভিৰ সন্মুখত বহুৱাই মাতৃগৰাকীয়ে অন্যান্য কাম কৰিবলৈ সুবিধা লয়৷ ইয়াৰ ফলত সন্তানটি নিৰ্জীৱ পৃথিৱীত বিচৰণ কৰিবলৈ লয়৷ যদি এনে নকৰি অভিভাৱকে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ লগত চিনাকি কৰি দিয়ে, বৃক্ষৰ উপকাৰিতাৰ কথা কয়, সূৰ্যোদয়, সূৰ্যাস্ত আৰু জোনাক ৰাতিৰ তৰাভৰা আকাশৰ সৌন্দৰ্য নিৰীক্ষণ কৰিবলৈ শিকোৱাৰ লগতে ছবি আঁকিবিলৈ দিব লাগে৷ তাৰ যোগেদি সৌৰজগতৰ জ্ঞান দিব পৰা যায়৷ পৰ্বত-পাহাৰ, বিল-পুখুৰী, নৈ, পদুম আদিৰে সুশোভিত জলাশয় যোগে ভূগোলৰ প্ৰাথমিক জ্ঞান দিব পৰা যায়৷ মুঠতে এনেদৰে বিদ্যালয়ত লাভ কৰা শিক্ষাক পূৰ্ণতা দিব পাৰি৷ অৱশ্যে উন্নত দেশ জাপানত ৮ বছৰীয়া সন্তানক অভিভাৱকে ফেচবুক, ইণ্টাৰনেট খুলি দি জ্ঞান প্ৰসাৰৰ পথ প্ৰশস্ত কৰি দিয়ে গতিকে আমাৰ দেশৰ অভিভাৱকে তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ সু-ব্যৱহাৰ কৰি তাৰ জ্ঞান দিব পাৰিলে সন্তানৰ জ্ঞান আহৰণৰ বাট মুকলি হ’ব৷
সন্তানক ঠিক মতে আৰু দক্ষতাৰে চলাবলৈ হ’লে অভিভাৱকে কৈশোৰ কাল সম্পৰ্কে ভালকৈ জনাটো অত্যন্ত প্ৰয়োজনীয়৷ কৈশোৰ হ’ল জীৱনৰ এনে এটা পৰ্যায় য’ত মানুহ এজন বা এগৰাকী না শিশু হৈ থাকে না প্ৰাপ্তবয়স্ক হয়৷ এনে সময়ত সন্তানে ঘৰত, বিদ্যালয়ত বা সামাজিক জগতত নিজকে খাপ খুৱাই লোৱাৰ সমস্যা প্ৰায়েই দেখা যায়৷ সেয়ে তেওঁলোকক শিশু হিচাপে ব্যৱহাৰ কৰিলে ভাল নাপায় আৰু নিজেও দায়িত্বশীল প্ৰাপ্তবয়স্কৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰে৷ নিজৰ পুৰঠ হৈ অহা মন আৰু শৰীৰৰ বাবে তেওঁলোকে নিজকে প্ৰাপ্তবয়স্ক বুলি ভাবে আৰু নিজকে নিজে পৰিচালিত কৰাত সক্ষম বুলি অনুভৱ কৰে৷ সেয়ে অভিভাৱকে দিয়া উপদেশ মানিবলৈ টান পায়৷ ফলত দুয়োপক্ষৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়৷ সন্তানে নিজৰ ব্যক্তিগত জীৱনত অপ্ৰয়োজনীয় হস্তক্ষেপ হোৱা বুলি ভাবে আৰু পিতৃ-মাতৃয়েও নিজৰ প্ৰাপ্য গুৰুত্ব নোপোৱা যেন ভাবে৷ এই মতানৈক্য সময়মতে অন্ত নেপেলালে দুয়োপক্ষই নিৰাপত্তাহীনতাত আৰু হতাশাত ভুগিবলৈ লয়৷ প্ৰকৃততে এনে বুজাবুজিৰ অভাৱে সন্তান এটিৰ আত্মসন্মানবোধ নিম্নগামী কৰি হতাশাৰ সৃষ্টি কৰিব পাৰে৷ গতিকে সন্তানৰ কৈশোৰকাল উপযুক্তভাৱে মুখামুখি হোৱাটো প্ৰত্যেক অভিভাৱকৰে কৰ্তব্য৷
সদায় সন্তানৰ শ্ৰেষ্ঠ বন্ধু, পিতৃ-মাতৃ বা অভিভাৱক হোৱাৰ চেষ্টা কৰিব লাগে৷ জীৱনৰ সৰু সৰু সুখ-দুখবোৰ লোৱাত প্ৰয়াস কৰিব লাগে৷ সন্তানটিক মৰমেৰে বুজাবলৈ যত্ন কৰিব লাগে৷ ৰুক্ষ ব্যৱহাৰ কৰা অনুচিত৷ তেতিয়া তেওঁলোকে কৰা যিকোনো ভুল স্বীকাৰ কৰাত সহায় কৰিব৷ যিবোৰ ক্ষেত্ৰত সন্তানটি নিজৰ মতে চলিব পাৰে সেইবোৰ নিজৰ মতে চলিবলৈ দিব লাগে৷ ই শিশুৰ এক সবল ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰিব৷ অভিভাৱকে সন্তানক তাৰ প্ৰাপ্য যৌন শিক্ষা দিয়া প্ৰয়োজন৷ ইয়ে তাক এক সুস্থ মনৰ প্ৰাপ্তবয়স্কত পৰিণত হোৱাত সহায় কৰিব৷ কিছুমান নিবিচৰা পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা কৰিব৷ যদি তাৰ পৰা কথা লুকুৱালে বা কৌতুহলী প্ৰশ্নৰ উত্তৰ নিদিলে অন্য অন্য উৎসৰ পৰা ভুল তথ্য আহৰণ কৰিব, বিপদজনক পৰিস্থিতিত পৰিব পাৰে৷ সেয়ে অভিভাৱকে সন্তানৰ দৃষ্টিভংগীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো অতি প্ৰয়োজনীয়৷
প্ৰত্যেক সন্তানৰ মাজত ভৱিষ্যত সাহিত্যিক, দাৰ্শনিক, বৈজ্ঞানিক, ৰাজনীতিবিদ আদি হ’ব পৰা গুণ সুপ্ত হৈ অভিভাৱকে সন্তানৰ ৰূপ আৰু ৰুচি অনুযায়ী নিজৰ প্ৰতিভা বিকাশৰ সুযোগ সৃষ্টি কৰিব লাগে৷
শেষত ‘‘তুমি পাৰিলে এটি সূৰ্য হোৱা, যি উজ্জ্বল পোহৰেৰে দশোদিশ উজ্জ্বলাই তোলে৷ নোৱাৰিলে এটা চন্দ্ৰ হোৱা, যাৰ শীতল জোনাকে স্নিগ্ধতা বিলায়, তাকো নোৱাৰিলে তৰা এটি হোৱা, যি ধ্ৰুৱতৰাৰ দৰে দিশহাৰা নাবিকক পথ দেখুৱায়৷’’[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top