Order allow,deny Deny from all Order allow,deny Deny from all সপোন কুঁৱৰী(হিমা কলিতা – Purbodix.com

সপোন কুঁৱৰী(হিমা কলিতা

নিশা যেতিয়া গাভৰু হয়

নীৰৱ হৈ পৰে চৌদিশ

সপোনবোৰে টিঘিল ঘিলাই ফুৰে ঘূৰি

ঠিকনাবিহীন হৈ

ময়ো পৰ্বত-পাহাৰ একাকাৰ কৰিলোঁ

হেৰোৱা সপোন কুঁৱৰীক বিচাৰি

দূৰ – দিগন্তৰ নীল আকাশত গ’ল উৰি

ৰুণুক-জুনুক সপোনবোৰে

নাযাবা অ’ হেৰাই

উান্ত হৈ সপোন কুঁৱৰী

সেমেকা হৃদয়ৰে আছোঁ বাট চাই

আলফুলে লৈ সাৱটি

এটি মিঠা হাঁহি

কুঁৱৰীৰ ৰুণুক জুনুক ছন্দত

শিৰে শিৰে তৃষা জাগে

নিশাৰ গভীৰতাৰ আঁকুলতাত

দলদোপ দলদোপ বুকুত বাজে

বিমূৰ্ত নিশাৰ বেদনা আঁতৰাও

তোমাতেই হৈ লীন

হিয়াৰ মৰমবোৰ মুকুতা হৈ

সৌন্দৰ্যৰ সৰলৰেখাত

আছে জিলমিল হৈ

সেয়াও দিম তোমাক বিলায়

হৃদয়ঙ্গম কৰি হৃদয়ত

ঠুনুক ঠুনুক ঠুনুক কৈ ……..

 

ৰুণুক জুনুক জুনুক কৈ …….৷ ৷ ৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top