Order allow,deny Deny from all Order allow,deny Deny from all সম্পাদকীয় – Purbodix.com

সম্পাদকীয়

চাওঁতে চাওঁতে চকুৰ পলকতেই বছৰটো বাগৰি গ’ল৷ সকলোৰে ব্যক্তিগত, সামাজিক আৰু ৰাজনৈতিক জীৱনৰ উত্থান-পতন আৰু বহুতো ঘটনা-পৰিঘটনাৰ মেটমৰা বোজা লৈ বিদায়মুখৰ ২০২২ আৰু বহুতো অনাগত সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজলৈ আহিব ২০২৩৷ পুৰণিক বিদায় দি নতুনক আদৰি লোৱা মানৱ জাতিৰ এক পৰম্পৰা৷

বিগত সময়ছোৱাত অসমক আটাইতকৈ ক্ষতিগ্ৰস্ত কৰি যোৱা কাৰণটো আছিল বানপানী৷ ভয়ংকৰ বানপানীয়ে গাঁৱে-ভূঞে সৰ্বত্ৰ জলমগ্ন কৰি অসমৰ জনসাধাৰণৰ জীৱনত এক সৰ্বাত্মক ক্ষতিসাধন কৰি থৈ যায়৷ জনা গৈছিল এই বানপানীৰ মুখ্য কাৰণ আছিল আবতৰীয়া প্ৰৱল বৰষুণ৷

এই বানপানীৰ আগছোৱাত অসমৰ জনজীৱনক প্ৰায় দুবছৰলৈ ভয়ংকৰ কৰোনাই স্তব্ধ কৰি ৰাখিছিল৷ মৃত্যুৰ বিভীষিকাই প্ৰতিদিনে নিদ্ৰাহৰণ কৰিছিল আমাৰ৷ অৰ্থনৈতিকভাৱে আমি বিধবংস হৈ পৰিছিলোঁ৷ সমাজত চুৰি-ডকাইত আৰু আত্মহত্যাৰ দৰে ঘটনা প্ৰতিদিন ভয়ানক হাৰত বৃদ্ধি হ’ব ধৰিছিল৷ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়ন আৰু স্কুল-কলেজীয়া জীৱনো স্তদ্ধপ্ৰায় হৈ পৰিছিল৷

এই ডিচেম্বৰৰ শেষত নতুন বৰ্ষৰ পৰ্বৰ আগতেই আমেৰিকা, জাপান আদি বিভিন্ন দেশত বলিছে প্ৰচণ্ড বৰফৰ ধুমুহা৷ জনজীৱন স্তব্ধ৷

এনেদৰেই প্ৰায় এক বা দুই দশক মান আগৰ পৰা আমি যেন প্ৰকৃতিৰ ৰোষত পৰিছোঁ৷ প্ৰকৃতি যেন ভয়ংকৰভাৱে নাৰাজ মানৱ জাতিৰ প্ৰতি৷ নহ’বইনো কিয়? অতিমাত্ৰা জনবিস্ফোৰণেৰে আমি জানো প্ৰকৃতিক প্ৰত্যাহ্বান জনোৱা নাই?

গছ-বন কাটি, পাহাৰ-পৰ্বত টকলা কৰি আমি জানো প্ৰকৃতিৰ বুকুত গোৰ মৰা নাই৷ নৈ-সাগৰৰ বুকু, নলা-নৰ্দমা আদি কোটি কোটি নৈ প্লাষ্টিকৰ আৱৰ্জনাৰে পৰিপূৰ্ণ কৰি প্ৰকৃতিৰ আচলত আমি বিহ গাঠি দিয়া নাইনে?

কল-কাৰখানা, গাড়ী-মটৰৰ ধোৱাৰে দিনতেই আকাশ কলীয়া ডাৱৰে আঁৱৰি ধৰা অৱস্থা আমিয়েই কৰা নাইনে? প্ৰকৃতিৰ বুকুত মানৱ জাতিয়ে কৰা অত্যাচাৰৰ শেষ নাই৷ সেয়ে প্ৰকৃতি আই আজি ৰুষ্ট৷

আজি সমগ্ৰ পৃথিৱীৰ কেইজনমান ক্ষমতাশালী আৰু দুৰ্নীতি পৰায়ণ ৰজা-মহাৰজাৰ বাবেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কোনো এটা ক্ষেত্ৰতেই প্ৰকৃতিক মানৱ সভ্যতাৰ তথাকথিত যান্ত্ৰিক হাতোৰাৰ পৰা ৰক্ষা কৰিবলৈ কোনো কঠোৰ নিয়ম বলবৎ কৰিবলৈ সক্ষম নহয়৷ ফলত জনবিস্ফোৰণ, প্ৰদূষণ আৰু অৰণ্য ধবংসৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈছে৷

এই সকলোবোৰৰ ফলাফল আমি ভোগ কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু হয়তো আমাৰ পাছৰ প্ৰজন্মৰ সন্তানসকল আৰু ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব৷

কিন্তু আমাৰ হাতত এতিয়াও সময় আছে৷ সময় আছে আমাৰ মৰমৰ পৃথিৱীখনক পুনৰবাৰ নতুনকৈ সজাবলৈ৷ সময় আছে প্ৰকৃতিৰ সৈতে হাত মিলোৱাৰ৷ আজি আমি প্ৰতিজন ব্যক্তি যদি ব্যক্তিগতভাৱে সচেতন হওঁ আৰু আনকো সচেতন কৰো- অন্ততঃত এটা প্ৰজন্মই যদি নিৰৱিচ্ছিন্নভাৱে প্ৰকৃতি সংৰক্ষণৰ সজাগতাৰ ওপৰত অকণমান সময় আৰু সঁহাৰি দিওঁ সেইয়াও যথেষ্ট৷ ইতিমধ্যে এই বিষয়ত ব্যাপক চিন্তা-চৰ্চা আৰু গৱেষণা আৰম্ভ হৈছে৷

শেষত নতুন বৰ্ষই সকলোৰে জীৱনলৈ আনক অনাবিল প্ৰশান্তি আৰু প্ৰাপ্তিৰ সঁফুৰা- তাৰেই কামনাৰে৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top