বছৰৰ শেষৰ দিনত
আৰম্ভ হয় নতুন বছৰৰ দিন৷
প্ৰতিপল জীৱনৰ
হয়গৈ
অতীতৰ ৰং৷
এটা এটা বছৰ কোনফালেদি সৰকি যায়?
একেবাৰে হাড়ৰ মাজদি হয়তো/
চুলিবোৰৰ ওপৰেদি
ছালবোৰত ৰৈ যায় নেকি
তাৰ অলপ আঁচোৰ?
দাঁতবোৰৰ গুৰিত পৰি ৰয় নেকি
বহাগৰ কুঁহিপাতৰ সুবাস?
কোনফালেদি গুচি যায় বছৰটো?
মইটো একেখন চকীতেই বহি আছো
ৰ’দ সেকি সেকি৷
চকীখন অলপ পুৰণি হৈ পৰিল নেকি?
চকীখনৰ লগত ময়ো হৈ পৰিলো নেকি অলপ পুৰণি?
লৰিছে নেকি মোৰ হাড়ৰ গাঁঠি
লৰিছে নেকি চকীখনৰ খুটি
ৰ’দৰ উদৰতেই
ৰ’দৰ পিতৃ
সূৰ্য
অবিনাশী৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]