
মানৱ সমাজত দেখা দিয়া বিভিন্ন সামাজিক সমস্যাকে সামাজিক ব্যাধি বুলি অভিহিত কৰা হয়৷ মানৱ সমাজত দেখা দিয়া দাৰিদ্ৰতা, বৃত্তিহীনতা, বিবাহ বিচ্ছেদ, অপৰাধ প্ৰৱণতা, পাৰিবাৰিক বিশৃঙ্খলতা আদিয়েই হ’ল সামাজিক ব্যাধি৷ সমাজৰ বিভিন্ন অংশত নানা ধৰণৰ পৰিবৰ্তনজনিত কাৰণত বিশৃঙ্খলতাৰ উদ্ভৱ হয়৷ পৰিবৰ্তন য’ত ব্যাপক আৰু দ্ৰুত হয়, তাত সামাজিক শৃঙ্খলাও তদনুযায়ী অধিকতৰ বিপৰ্যস্ত হয়৷ প্ৰতিনিয়ত সমাজত নানা প্ৰকাৰৰ বিশৃঙ্খলতাই দেখা দিয়ে৷ অগবাৰ্ণ আৰু নিমকফে (William F. Ogburn and Meyer F. Nimkoff) সামাজিক বিশৃঙ্খলতাৰ তিনিটা মূল কাৰণৰ কথা উল্লেখ কৰিছে-
ৰ৷/ প্ৰাকৃতিক অসঙ্গতি ঘটিলে বিশৃঙ্খলতাই দেখা দিয়ে৷
২৷/ ব্যক্তিৰ স্বভাৱৰ লগত সমষ্টিগত জীৱনৰ বা জীৱন ধাৰণৰ সমন্বয়ৰ অভাৱৰপৰা বিশৃঙ্খলতাৰ উদ্ভৱ হ’ব পাৰে৷
৩৷/ জীৱন ধাৰণৰ বিভিন্ন উপাদানৰ মাজত পৰিবৰ্তনজনিত অসঙ্গতি হ’লে বিশৃঙ্খলতাই দেখা দিয়ে৷ এক কথাত বিশ্বজগতৰ লগত মানুহৰ আৰু মানুহৰ লগত সমাজৰ সমন্বয় সাধনৰ সমস্যাৰপৰাই বিভিন্ন সামাজিক সমস্যাৰ উদ্ভৱ হয়৷
সামাজিক নিয়ম-শৃঙ্খলাৰ লংঘন আৰু ৰীতি-নীতিৰ মৰ্যাদা হানিয়েই হ’ল সামাজিক বিকাৰ বা ব্যাধি৷ শাৰীৰিক স্বাস্থ ৰক্ষাৰ নিয়ম লংঘনত যেনেকৈ শাৰীৰিক স্বাস্থ্য হানি বা ব্যাধি ঘটে, তেনেকৈ সামাজিক কৰ্তব্য, চুক্তি, প্ৰথা পদ্ধতিৰ প্ৰতি অশ্ৰদ্ধা প্ৰভৃতি নীতি-বহিৰ্ভূত অসামাজিক আচৰণ হ’ল সামাজিক ব্যাধিৰ উদাহৰণ৷ যি সমাজত এইবোৰ ব্যাধি বা বিকাৰৰ উদ্ভৱ হৈ থাকে সেইবোৰ সমাজ কেতিয়াও সুস্থ আৰু সুশৃঙ্খল হ’ব নোৱাৰে আৰু সামাজিক উন্নতি ব্যাহত হ’ব আৰু সামাজিক জনকল্যাণ সাধিত হ’ব নোৱাৰে৷ ব্যক্তিয়ে যদি নিজৰ স্বাৰ্থ সিদ্ধিত মগ্ন হৈ নাথাকি সামাজিক চেতনা আৰু নীতিবোধ সামগ্ৰিক কল্যাণ সাধনত আত্মনিয়োগ কৰে তেতিয়াই সামাজিক ঐক্য সাধিত হ’ব আৰু ফলস্বৰূপে সামাজিক ব্যাধি সমাজৰপৰা আপোনা আপুনি নিৰ্মূল হ’ব৷
বিবিধ সামাজিক সমস্যাবোৰৰ তীব্ৰতা বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে৷ যেতিয়া কোনো সমস্যাই প্ৰবল আকাৰ ধাৰণ কৰি সমাজ-দেহক পঙ্গু কৰি তোলে, তেতিয়া তাকে সামাজিক ব্যাধি বুলি অভিহিত কৰিব পাৰি৷ সমাজতত্ত্বৰ যি বিভাগে এই সামাজিক ব্যাধি নিদান বা কাৰণ আৰু এইবোৰ দূৰ কৰাৰ উপায় লৈ আলোচনা কৰে তেতিয়া তাকে সামাজিক ব্যাধি-বিÊধান বোলা হয়৷ অৰ্থাৎ সামাজিক ব্যাধি বুলিলে অবাঞ্চিত অৱস্থাকে বুজায় অৰ্থাৎ সমাজত জনগণৰ অপৰাধ প্ৰৱণতা, অস্বাভাবিক পৰনিৰ্ভৰশীলতা, অক্ষমতা প্ৰভৃতি ক্ষতিকৰ বা অমঙ্গলজনক সামাজিক অৱস্থাই সামাজিক ব্যাধি৷ গতিকে সামাজিক ব্যাধিয়ে সামাজিক বিশৃঙ্খলতা বা অপপ্ৰতিযোজন নিৰ্দেশ কৰে৷
সামাজিক ব্যাধিৰ কাৰণ (Main causes of Evils)
সামাজিক ব্যাধিৰ কাৰণ বহু ধৰণৰ হ’ব পাৰে৷ সেইবোৰ হ’ল-
ৰ৷/ অপৰাধ প্ৰৱণতা ঃ
সমাজত বহু ব্যক্তিয়েই স্বভাবজাত প্ৰবণতা বা প্ৰবৃত্তিৰ বশৱৰ্তী হৈ বিভিন্ন ধৰণৰ অপৰাধমূলক কামত লিপ্ত হয়৷ অপৰাধ বিধানীসকলৰ মতে অপৰাধ হ’ল এক প্ৰকাৰৰ ব্যাধি যি জন্মগত বা সঙ্গদোষত পৰি শাৰীৰিক আৰু মানসিক ত্ৰুটি হেতু একপ্ৰকাৰৰ উন্মাদনাৰ সৃষ্টি কৰে আৰু সেই উন্মাদনাৰ বশৱৰ্তী হৈ মানুহে অপৰাধমূলক আচৰণ কৰা দেখিবলৈ পোৱা যায়৷
২৷ নৈৰাশ্য আৰু বিফলতা ঃ
সমাজত সামাজিক ব্যাধিৰ উদ্ভৱ হোৱা আন এটা কাৰণ হ’ল নৈৰাশ্য আৰু বিফলতা৷ সমাজত ব্যক্তিয়ে জীৱনত বিচৰা ধৰণে কোনো উদ্দেশ্য সাধন কৰিব নোৱাৰিলে নৈৰাশ্যত ভোগে৷ আৰু কেতিয়াবা আত্মহত্যাৰ দবে ঘটনা সংঘটিত হয়৷ গতিকে নৈৰাশ্যক সামাজিক ব্যাধিৰ অন্যতম মনস্তাত্ত্বিক কাৰণ বুলি কোৱা হয়৷
৩৷ ব্যক্তিগত স্বাৰ্থবোধ ঃ
সমাজত মানুহ বহু সময়ত স্বাৰ্থপৰ হৈ পৰে, যি সমাজৰ বৃহৎ কল্যাণ সাধনৰ বিপৰীতে কেৱল নিজৰ কল্যাণৰ কথাকে ভাবে৷ ফলত সমাজত ব্যাধিয়ে দেখা দিয়ে৷ জাগ্ৰত সমাজিক চেতনাৰ অভাৱতেই মানুহ স্বাৰ্থপৰ, লোভী, দুৰ্নীতি পৰায়ণ হৈ উঠে আৰু সমাজত এক বিশৃঙ্খলতাৰ পৰিৱেশৰ সৃষ্টি কৰে৷ প্ৰতাৰণা, জালিয়াতি, কলাবজাৰ আদি অপৰাধ ব্যক্তিৰ স্বাৰ্থপৰতা আৰু লোভৰপৰাই সৃষ্টি হয়৷
৪৷ অৱচেতন বা অচেতন স্তৰ ঃ
মনোবিজ্ঞানী ফ্ৰয়েড (Sigmund Freud)ৰ মতে মানুহৰ অচেতন বা অৱচেতন স্তৰত থকা কিছুমান অৱদমিত কাৰকৰ ফলত বিশেষকৈ অবদমিত যৌন কামনাই হ’ল অপৰাধমূলক কাৰ্যৰ প্ৰকৃত কাৰণ৷ অৱদমিত যৌন কামনাই সুস্থ আৰু স্বাভাৱিক পৰিতৃপ্তিৰ সুযোগ নাপালে অস্বাভাবিকভাবে সমাজ বিৰোধী কামৰ মাজেৰে আত্মপ্ৰকাশ কৰে৷
প্ত৷ অৰ্থনৈতিক অসাম্য আৰু অভাৱ, অনাটন ঃ
সমাজৰ এচাম ব্যক্তি বহুতেই অৰ্থনৈতিক অভাৱৰ বাবে বা আৰ্থিক অবস্থা দুৰ্বল হোৱাৰ বাবে বিভিন্ন ধৰণৰ অপৰাধমূলক কামত লিপ্ত হয়৷


উদাহৰণস্বৰূপে চুৰি, ডকাইতি আদিত বহুতো লোক লিপ্ত থকা দেখা যায় আৰ্থিক অৱস্থা পুতৌ লগা হোৱাৰ বাবেই৷ অসমীয়াত এষাৰ কথা আছে অভাৱেই স্বভাৱ নষ্ট কৰে৷ অপৰাধ সম্পৰ্কীয় সমাজ বিজ্ঞানীসকলৰ মতে সামাজিক অব্যৱস্থা অৰ্থাৎ অৰ্থনৈতিক বৈষম্য আৰু অসঙ্গতিয়েই হ’ল অপৰাধৰ প্ৰধান কাৰণ৷ অত্যধিক আৰ্থিক জুৰুলা অৱস্থাই ব্যক্তিক অপৰাধ কৰিবলৈ বাধ্য কৰায়৷ মাক্সৰ্বাদীসকলৰ মতেও সমাজৰ ধন-সম্পদৰ অসাম্যই অপৰাধৰ বাবে দায়ী৷
৬৷ ব্যক্তিৰ বংশগত কাৰণ ঃ
বংশগত কাৰকৰ বাবেও সমাজত বহুতো অপৰাধমূলক ঘটনা সংঘটিত হোৱা দেখা যায়৷ চিজাৰ লেম্ব’ছ (Ceasare Lambroso), ফেৰী (Ferri), গাৰোফলো (Garofolo) আদি অপৰাধ বিজ্ঞানীসকলে এই মত গ্ৰহণ কৰিছে৷ তেওঁলোকৰ মতে সমাজত দেখা দিয়া অনেক অপৰাধমূলক প্ৰৱণতাৰ মূল কাৰণ হ’ল- ব্যক্তিৰ বংশগত কাৰক৷ Theory of Born Criminals নামৰ গ্ৰন্থত চিজাৰ লেম্বছে উল্লেখ কৰিছে যে এজন অপৰাধীয়ে বহুধৰণৰ শাৰীৰিক অস্বাভাবিকতাত ভোগে৷ অৰ্থাৎ বংশগত কাৰকৰ হেতু সমাজত নানাধৰণৰ বিশৃঙ্খলতাই ক্ৰিয়া কৰা দেখিবলৈ পোৱা যায়৷ পিতৃ- মাতৃৰপৰা জন্মসূত্ৰে লাভ কৰা গুণৰাশি সন্তানৰ ওপৰতো পাৰে৷ সেয়া লাগে ভাল অথবা বেয়া গুণ যিয়েই নহওক৷ বেয়া গুণৰাশি সন্তানৰ ওপৰতো পৰে৷ বেয়া গুণৰ প্ৰভাৱতেই সন্তানে অপৰাধমূলক কামত লিপ্ত হৈ সামাজিক পৰিৱেশ বিনস্ত কৰে৷
জ্জ৷ সামাজিক কাৰণ ঃ
বহুতো সামাজিক কাৰণৰ ফলত সমাজত সামাজিক ব্যাধিৰ উদ্ভৱ হয়৷ সামাজিক কাৰণবোৰ হ’ল- পৰিয়াল, ৰীতি-নীতি, প্ৰথা, শিক্ষা-দীক্ষা, শ্ৰেণী ব্যৱস্থা আদি৷ উল্লিখিত কাৰণসমূহে যদি উপযুক্ত ক্ৰিয়া কৰিব নোৱাৰে তেন্তে সমাজত অপৰাধমূলক ঘটনাৰ বৃদ্ধি হৈ থাকিব৷ স্থিৰ ভাৰসাম্যতাৰ অবিহনে আমি এখন সুস্থ সমাজৰ আশা কৰিব নোৱাৰোঁ৷
উল্লিখিত কাৰকবোৰৰ উপৰিও সামাজিক ব্যাধিৰ আন কিছুমান কাৰণ হ’ল- বেশ্যাবৃত্তি, মাদক দ্ৰব্য, দুৰ্নীতি, যুৱ উচ্ছৃঙ্খলতা, নিবনুৱা সমস্যা, অসৎ সংগ, মানসিক সংঘাত, সামাজিক চেতনাৰ অভাৱ, সহনশীলতাৰ অভাৱ আদি৷

অপৰাধৰ মূল কাৰণ হিচাপে আমি সামাজিক আৰু নীতিবোধৰ সম্যক ধাৰণাৰ অভাৱক উল্লেখ কৰিব পাৰোঁ৷ ব্যক্তিগত স্বাৰ্থ জনকল্যাণৰ লগত অঙ্গাঙ্গীভাৱে জড়িত, এই সম্যক উপলব্ধিৰ অভাৱৰ ফলতেই সমাজত নানা ধৰণৰ অপৰাধমূলক ঘটনা সংঘটিত হৈ থাকে৷ মেকেঞ্জিয়ে (Mackenzie) সেয়ে কৈছে, “যি ব্যক্তিয়ে নিজৰ মঙ্গলৰ লগতে সমাজৰ মঙ্গলক এক আৰু অভিন্ন কৰি চাবলৈ শিক্ষা লোৱা নাই, তেওঁৰ ওচৰত সামাজিক কৰ্তব্য সকলো সময়তে এটা ভয়ৰ বস্তু হৈ থাকে আৰু তাৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিবলৈ প্ৰলুব্ধ হয়৷ “(Social duty presents itself as a continual menace to a man who has not learned to identify the good of society with his own, and he is thus tempted to take up arms against it.’’গ্গ
সামাজিক ব্যাধি দূৰ কৰাৰ উপায় (Way of Checking Social Evils) সমাজত দেখা দিয়া ভিন্ন ধৰণৰ ব্যাধি দূৰ কৰাৰ কিছুমান উপায় উল্লেখ কৰিব পাৰি৷ যেনে-
ক৷ উপযুক্ত শিক্ষাৰ অভাৱৰ হেতু ব্যক্তিয়ে অপৰাধমূলক কামত নিয়োজিত হৈ সমাজত বিশৃঙ্খলতাৰ সৃষ্টি কৰে৷ গতিকে সমাজৰপৰা সামাজিক ব্যাধি দূৰ কৰিবৰ বাবে অপৰাধীক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তুলিব লাগিব৷
নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে ব্যক্তিৰ অপৰাধ-প্ৰৱণতা দূৰ কৰি ব্যক্তিক সহানুভূতিশীল আৰু পৰোপকাৰী কৰি তুলিব লাগে৷ গতিকে উপযুক্ত শিক্ষাই হ’ল সামাজিক ব্যাধি দূৰ কৰাৰ অন্যতম প্ৰধান উপায়৷
খ৷ যিবোৰ কাৰণত ব্যক্তিৰ নৈৰাশ্য, বিফলতা, অবদমিত কামনাৰ ফলত অপৰাধ সংঘটিত হয় সেইবোৰ নিৰাময়ৰ বাবে সুস্থ সহানুভূতিশীল আৰু উদাৰ- নৈতিক সমাজ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব লাগে সহজ আৰু স্বাভাবিকভাৰে ব্যক্তিৰ আত্মপ্ৰকাশৰ সুযোগ প্ৰদান কৰিব লাগে৷
গ৷ যিবোৰ অপৰাধ আৰু বিশৃঙ্খখলতাৰ কাৰণত ব্যক্তিৰ শাৰীৰিক ব্যাধি বা মানসিক বিকাৰৰ উৎপত্তি হয় সেইবোৰৰ ক্ষেত্ৰত উপযুক্ত চিকিৎসাৰ দ্বাৰা সমাজত সামাজিক অপৰাধ বা ব্যাধি হ্ৰাস কৰিব পাৰি৷
ঘ৷ উপযুক্ত শাস্তি-বিধান হ’ল অপৰাধ নিবাৰণৰ অন্যতম উপায়৷ কোনো অপৰাধীয়ে যদি সমাজৰ ৰীতি-নীতি, প্ৰথা আদি লঙ্ঘন কৰি সমাজৰ মৰ্যাদা লাঘৱ কৰে তেন্তে সেই ব্যক্তিক উপযুক্ত শাস্তি দি অপৰাধীৰ আচৰণক নিয়ন্ত্ৰিত কৰি সমাজত শান্তি-শৃঙ্খলাৰ পৰিৱেশ প্ৰতিষ্ঠা কৰিব লাগে৷ শাস্তি বিধানৰ মাধ্যমত অপৰাধীয়ে উপলব্ধি কৰিব পাৰে যে অপৰাধ এক গৰ্হিত কাম আৰু ই সুস্থ সমাজৰ পৰিপন্থী৷
ঙ৷ বহু সময়ত দেখা যায় যে অভাব-অনাটনে সামাজিক ব্যাধি বা অপৰাধ বৃদ্ধি কৰাত সহায় কৰে৷ গতিকে শ্ৰেণীহীন শোষণমুক্ত সমাজতান্ত্ৰিক অৰ্থনৈতিক ব্যৱস্থা সমাজত প্ৰৱৰ্তন কৰিব পাৰিলে অপৰাধৰ অৰ্থনৈতিক কাৰণ দুৰীভূত হ’ব আৰু ফলস্বৰূপে চুৰি, ডকাইতি আদি অপৰাধমূলক ঘটনা সমাজৰপৰা নিৰ্মূল হ’ব৷
উল্লেখযোগ্য যে উপযুক্ত শিক্ষাৰ মাধ্যমত ব্যক্তিসকলৰ মাজত সামাজিক, নৈতিক আৰু আধ্যাত্মিক চেতনাৰ সম্যক বিকাশ সাধন কৰি ব্যক্তিক সুসংগত, দায়িত্বজ্ঞান সম্পন্ন আৰু কৰ্তব্য পৰায়ণ কৰি তুলিব পাৰিলে আৰু অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধন কৰিব পাৰিলেহে সমাজৰপৰা অন্যায় আৰু অপৰাধ বহুপৰিমাণে হ্ৰাস হৈ পৰিব৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]