Order allow,deny Deny from all Order allow,deny Deny from all সাৰাংশ(ড॰ গৌৰহৰি দাস)(নিৰ্মালি মহন্ত) – Purbodix.com

সাৰাংশ(ড॰ গৌৰহৰি দাস)(নিৰ্মালি মহন্ত)

যোৱা সংখ্যাৰ পিছৰ পৰা…

কিছু সময় কথা পতাৰ পিছত লাহেকৈ ৰমাকান্ত যাবলৈ ওলাল৷ লগত নিশিগন্ধা, মালতীও৷ নিশিগন্ধাক ইয়াৰ পৰা নি অহল্যা বাইটিৰ ঘৰত থ’বগৈ লাগিব৷

আজিৰ দিনটোৰ আখৰাও শেষ হৈ আহিছিল৷ ঢোল, মৃদং, হাৰ্মনিয়াম এইসকলোবোৰ বাদ্যযন্ত্ৰ সামৰি -সুতৰি ল’ৰা-ছোৱালীবোৰে গঙ্গাধৰ মাষ্টৰৰ ভৰি চুই গুৰুপ্ৰণাম কৰি এটা এটাকৈ ওলাই গৈছিল৷

সময় ৰাতি প্ৰায় দহটা হ’বৰ হৈছিল৷

ইন্দ্ৰমণিয়ে সুধিলে, “আপুনি ইয়াতে থাকিবনে ঘৰলৈ যাব? মোৰ পঞ্চায়তৰ সভাপতিৰ ঘৰলৈ অলপ যাব লগা আছে৷ ”

Êঃ বাসন্তীক বুজোৱাৰ দায়িত্ব কিন্তু তোৰ৷ মই তাইক ক’ব নোৱাৰিম৷ মুখখন বৰ চোকা তাইৰ৷ গুৰু গোসাঁই একেবাৰে নমনা ছোৱালী সেইজনী৷

ঃ কিয়? আপোনাক কিবা কৈছিল নেকি তাই? –ইন্দ্ৰমণিয়ে মাষ্টৰক সুধিলে৷

ঃ নাই, মুখৰ আগত এতিয়ালৈকে একো কোৱা নাই৷ বাদ দে সেইবোৰ এতিয়া৷ পিচে এই ৰাতিখন সভাপতিৰ ঘৰলৈনো কিয় যাৱ? আৰু এটা কথা, পইচা পাৰিলে অলপ যোগাৰ কৰিবি৷ দুদিনমান দেৰি হলেও চলিব বাৰু৷ – মাষ্টৰে ক’লে৷

ঃ নাই, যেনেকৈ হ’লেও মোক অলপ হাত খৰচ দৰকাৰ হৈছে৷ যি আহিব লগা আছে, সেইয়াও দহ পোন্ধৰ দিনৰ পিছতহে আহিব৷

ঃ অৰ্জুন বাবাজীৰ পৰা ধাৰলৈ নলৱ কেলেই? তেওঁৰ পৰাতো সকলোৱে পইছা ধাৰলৈ আনে৷ তোকো নিদিয়াকৈ নাথাকিব চাগে৷

ঃ বাবাজী মানে, আমাৰ গাৱৰ অৰ্জুন বাবাজী! তেওঁ মোক ক’ত পইছা ধাৰলৈ দিব? তেওঁ অকল মাইকী মানুহেবাৰকহে পইছা দিয়ে৷ – ইন্দ্ৰমণিয়ে ক’লে৷

আচলতে ইন্দ্ৰমণিৰ কথাটো বৰ এটা মিছাও নহয়৷ পাটপুৰ গাঁৱৰ অৰ্জুন বাবাজী অলপ বেলেগ ধৰণৰ মানুহ৷ গাঁৱৰ পৰা অলপ নিলগত তেওঁৰ আশ্ৰমখন৷ আশ্ৰমখনৰ সমুখত আছে এটা ডাঙৰ পুখুৰী আৰু এফালে ফুলেৰে জাতিষ্কাৰ হৈ থকা ফুলনি বাগিচা৷ প্ৰায় চাৰি একৰ মাটিত বাবাজীয়ে নিজৰ আশ্ৰমখন পাতিছে৷ বাবাজীৰো বয়স কমেও ষাঠী কি এষষ্টি হ’ব৷ সন্ন্যাসী হ’লেও ফুল আৰু পুখুৰীৰ প্ৰতি তেওঁৰ খুব আসক্তি৷ বাগিচাৰ পাত এখিলাও চিঙিবলৈ নিদিেয়

বাবাজীয়ে, পুখুৰীত নামি গা ধুবলৈ দিয়াটো দূৰৰ কথা৷ তেওঁ নিজে বা নিজৰ আত্মীয় কেইজনমানৰ বাদে আন কাকোৱেই এই পুখুৰীটোত নমাৰ অনুমতি দিয়া নাই৷ এই পাটপুৰ গাঁৱৰে মানুহ তেওঁ৷ গাঁৱত থকা তেওঁৰ মাটিত হোৱা ধান, নাৰিকল নিজেই খায়৷ সেইবোৰ বেচি মেলি যি পইচা পায়, তাৰে গাঁৱৰ মাইকী মানুহেবাৰক সুতত পইচা দিয়ে বুলি ইন্দ্ৰমণিয়ে আৰে তাৰে মুখে শুনিছিল৷

ঃ তই বাবাজীৰ ধাৰ দিয়াৰ কৌশল জান নে নাজান?–গঙ্গাধৰ মাষ্টৰে হাঁহি হাঁহি ইন্দ্ৰমণিক সুধিলে৷

ঃ নাই, বাবাজীৰ খবৰ মই নাৰাখোঁ৷ বহুত দিনটো ঘৰৰ পৰা পলাই আঁতৰত আছিল বুলি শুনিছিলোঁ৷ পিছত মাকে হেেনা পুৰীত পাই আকৌ ওভতাই আনিলে৷ মানুহটো অলপ টিঙিৰি -তুলা৷ তেওঁৰ লগত মোৰ বৰ এটা সম্পৰ্ক নাই৷

পাটুৰ গাওঁখনক আজি সজাই-পৰাই নকইনাজনীৰ দৰে কৰি তুলিছে৷ নিজৰ গাওঁখনলৈ আকৌ এবাৰ চালে ইন্দ্ৰমণিয়ে৷ তাৰ মুখত এক আত্ম সন্তুষ্টিৰ হাঁহি বিৰিঙি উঠিল৷

আৰু মাত্ৰ তিনি দিন বাকী৷ তাৰ পিছতে সোণাৰি গাঁৱত হ’ব মন্ত্ৰী সভা৷ লগতে গাঁৱৰ সোঁমাজত স্থিত মহাদেৱ মন্দিৰৰ প্ৰাঙ্গনত মঞ্চস্থ হ’ব প্ৰয়াসৰ দ্বাৰা আয়োজিত নাটক ‘ৰেজিয়া চুলতান’৷ এই দুইখন ঠাইৰ মাজৰ দূৰত্ব বৰ বেছিও নহয়৷ এটা পুখুৰী আৰু কিছু ধাননি পথাৰে ঠাই দুখনক পৰস্পৰৰ পৰা পৃথক কৰিছে৷ নাটকৰ কাৰণে এক বৃহৎ শিবিৰ পতা হৈছে মহাদেৱ মন্দিৰৰ প্ৰাঙ্গনত৷ ইফালে সোণাৰি গাৱৰ ফালে আয়োজন কৰা মন্ত্ৰী সভাত স্বয়ং উদ্ধৱ মহান্তি আৰু নৰোত্তম মণ্ডল উঠি পৰি লাগিছে৷

গাঁৱতো মানুহৰ মুখে মুখে শুনিবলৈ পোৱা গৈছে, যে বিধায়ক আৰু মন্ত্ৰী হেনো আকাশী পথেৰে উৰি উৰি আহি চিধা পাটপুৰত অৱতৰণ কৰিব৷ তাৰে কিছুমানে আকৌ কৈছে যে – নহয়, মন্ত্ৰী আৰু বিধায়ক নাৱেৰে আহি পাটপুৰ ঘাটত নামি, তাৰ পৰা পদযাত্ৰা কৰি কৰি মহাদেৱ মন্দিৰলৈ যাব৷ তাত পূজা-অৰ্চনা কৰি উঠি আকৌ খোজকাঢ়ি যাব সোণাৰি গাঁৱৰ সভালৈ৷ আনকি বিধায়কে ইন্দ্ৰমণিৰ নাটকো চাব হেনো!

কথাবোৰ শুনি কিন্তু ইন্দ্ৰমণিৰ মনলৈ উৎসাহ আহিছিল৷

এই আচুতীয়া গাওঁখন আজি ধন্য হ’বলৈ গৈ আছে৷ কোনো দিনে, কোনোকালে, কোনো মন্ত্ৰীৰ খোজ পৰা নাই ইয়াত৷ কিন্তু আজি সেইয়া হ’বলৈ গৈ আছে৷ এবাৰ মন্ত্ৰী বিধায়কৰ পদধূলি পাটপুৰত পৰাৰ পিছত, এই গাওঁখনত টকাৰ বৰষুণ হ’ব, সোণ হৈ পৰিব তাৰ গাওঁখন৷ গাওঁখনৰ ভিতৰত যে সিয়ে আটাইতকৈ সুখী আছিল, সেইয়া ইন্দ্ৰমণিয়ে জানিছিল৷ দুখ থাকি গ’ল যদি এটাই৷ নিশিগন্ধাক লগত লৈ অহাৰ কাৰণে তাৰ নলে-গলে লগা শৈশৱৰ বন্ধু ৰমাকান্তৰ লগত মাতবোল বন্ধ হৈ গ’ল৷ আচলতে সি ৰমাকান্তক, উদ্ধৱ মহান্তিয়ে কোৱা কথাখিনি হে কৈছিলে৷ তথাপিও যেনিবা ৰমাকান্তই নিজৰ ভনীয়েকক তাৰ নাটকত কাম নকৰিবলৈ যে নক’লে, সেইটোৱেই ডাঙৰ কথা৷ নহ’লেটো একেবাৰে মুদাই মৰিলে হয়৷ যি নহওক, আগে নাটক আৰু সভাখন ভালে ভালে পাৰ হৈ যাওক৷ তাৰ পিছত আকৌ এবাৰ ৰমাকান্তক লগ ধৰি ভালকৈ কথাখিনি বুজাব৷ চিনি নোপোৱা জানি নোপোৱা ছোৱালী এজনীৰ কাৰণে সি মিছাতে অপযশ, বিবাদবোৰ চপাই লোৱাৰ কি প্ৰয়োজন৷ সেইদিনা সি ৰমাকান্তক এইটোৱেই কব বিচাৰিছিল যে, যদি সি সঁচাই নিশিগন্ধাক ভাল পায়, তেনেহ’লে ঘৰৰ মানুহক কৈ তাইক বিয়া কৰাওঁক৷ তাতেই কথা শেষ৷ সেই ছোৱালী জনীও কম নহয়, কোনো চা-চিনাকি নোহোৱাকৈ ল’ৰা এটা লগত আহি অচিনকি গাওঁ এখনত আজি দুমাহ ধৰি পৰি আছে৷ কলিকতাত চাকৰি কৰিছিল বোলে৷ সৱ মিছা চাগে৷ মানসিক বিকাৰ নঘটিলে এনেকৈ গাভৰু ছোৱালী এজনী, ডেকা ল’ৰা এটাৰ লগত কেতিয়াও গুচি নাহে৷

সঁচাকৈয়ে তাই মানসিক ৰোগী চাগে৷ কিন্তু তাইৰ মাত-কথা, চাল-চলনৰ পৰা একেবাৰে ধৰিব নোৱাৰি৷ তাইক পাগলী বুলি কোৱা দূৰৰ কথা, উলটি আমাৰ পাটপুৰৰ বলিয়া কিছুমানে দেৱীহে পাতিলে!

ইন্দ্ৰমণিয়ে তাৰ নাটকখনত অলপ সহায় কৰি দিবলৈ বুলি ৰমাকান্তক ক’বলৈ হে পালে, সি তাৰ সমুখতে কৰিব নোৱাৰে বুলি মানা কৰি দিলে৷

বাল্যকালৰ বন্ধু ৰমাকান্তৰ মুখৰ পৰা এনে কথা শুনিব বুলি সি কেতিয়াও আশা কৰা নাছিল৷ মন্ত্ৰী, বিধায়ক আহিব বুলি পাটপুৰ গাঁৱৰ বুঢ়াৰ পৰা কেঁচুৱালৈকে কি ফূৰ্তি, অথচ ৰমাকান্তই আকৌ কয় সিহঁতবোৰ হেনো শ্ৰেণীশত্ৰু, পূজিপতিৰ দালাল আৰু ইন্দ্ৰমণি হেনো এটা পৰজীৱী৷

মনে মনে ইন্দ্ৰমণিয়ে খুব দুখ পাইছিল৷ ইমান বছৰৰ বন্ধুত্বৰ সম্পৰ্কটো যেন চিচাৰ গিলাছ এটা ওপৰৰ পৰা পৰি খণ্ড খণ্ড হৈ ভাগি পৰা যেন লাগিছিল৷ তাৰ খুব মন গৈছিল মনৰ কথাখিনি কাৰোবাক ক’বলৈ৷ কিন্তু কাক কয়? যাকেই ক’ব, প্ৰত্যেকে এটা কথাই ক’ব – বনৰীয়া ষাঁড়ৰ লগ লবলৈ গ’লে এনেকৈয়ে খোঁচ খাবি৷

আৰু মাত্ৰ তিনিদিন হে বাকী দোল পূৰ্ণিমালৈ৷ তাৰ পিছতেই ফাকুৱা৷ পূৰ্ণিমাৰ দিনাই মন্ত্ৰী সিহঁতৰ গাঁৱলৈ আহিব, আৰু সেইদিনাই মঞ্চস্থ হ’ব প্ৰয়াসৰ নাটকখন৷

আখৰাঘৰৰ ফালে গংগাধৰ মাষ্টৰ খোজ কাঢ়ি কাঢ়ি আহি আছিল৷ আজি বহুদিনৰ মূৰত মাষ্টৰে গেঞ্জিৰ ওপৰত পাঞ্জাবী এটা পিন্ধি আহিছে৷ আচলতে পাটপুৰ গাঁৱৰ বেছি ভাগেই হয় খেতিয়ক, নহ’লে খেতিৰ মাটিত গৈ কাম কৰা বনুৱা৷ তল পোন মাৰি পিন্ধা চুটি চুৰিয়া, ওপৰত গেঞ্জি আৰু মুৰত মেৰিয়াই লোৱা গামোচাই হৈছে তেওঁলোকৰ পোছাকী৷ নৈ পাৰ হৈ বিজয়পাটানা বা এইফালে গোপীনাথপুৰৰ হাটলৈ গ’লে, নতুবা পূজা-পৰ্বই হে যদি গাঁৱৰ মানুহে ভালকৈ সাজপাৰ পিন্ধি ওলায়৷ নহ’লেতো সদায় খালি গাৰেই ঘূৰি ফুৰে৷ গেঞ্জিটোৰ ওপৰত গামোচা এখন ওলোমাই ল’লেই বচ হৈ গ’ল৷ আজিকালি পিছে কোনো কোনেৱে চাৰ্ট পেণ্ট পিন্ধাও হৈছে৷

“সভাপতিয়ে কৈছে, মন্ত্ৰীসভাৰ কাৰণে সমবেত-সংগীত এটাও গাব লাগিব হেনো৷ এই শেষ মুহূৰ্তত এনেকুৱা দাবী কৰিলে কি কৰোঁ ক’? ” বিৰক্তিৰ সুৰত গংগাধৰ মাষ্টৰে ইন্দ্ৰমণিক ক’লে৷

ইন্দ্ৰমণিয়ে মাষ্টৰক সদায় সন্মান কৰি আহিছে৷ সিয়ো জানে তিনি দিনৰ ভিতৰত নতুনকৈ কোৰাচ শিকাই ল’ৰা-ছোৱালীক মঞ্চত পৰিৱেশন কৰাটো ইমান সহজ কথা নহয়৷ তথাপিও কিয় জানো মাষ্টৰৰ কথাবোৰত প্ৰতিবাদৰ সুৰ শুনা যেন লাগিছিল৷ সেয়ে ইন্দ্ৰমণিয়ে লগে লগে ক’লে, “পইছা দেখিলে বাঘেও লৰ মাৰি আহি কৰাচ গাব৷ আমি কিয় নোৱাৰিম? ”

ইন্দ্ৰমণিৰ মুখত এনে এষাৰ শুনিব বুলি মাষ্টৰে আশা কৰা নাছিল৷ তেওঁ অলপ অপ্ৰস্তুত হ’ল৷ তাৰ পিছত নিজকে চম্ভালি ইন্দ্ৰমণিক ক’লে, “ হ’ব বাৰু, মই গোপীনাথপুৰৰ পৰা আগে ঘূৰি আহোঁ৷ তাৰ পিছত কি কৰিব পাৰোঁ চাওঁ৷ মিউজিক ৱালা, ড্ৰেচ আৰু লাইটৰ লগতে মেকাপমেনকো আনিব লাগিব৷”

গংগাধৰ মাষ্টৰক এনেকৈ কথাষাৰ কোৱাৰ কাৰণে ইন্দ্ৰমণিৰো মনতে বেয়া লাগিছিল৷ মাষ্টৰ যোৱাৰ পিছত সি নিজকে নিজে এবাৰ সুধিলে – তাৰ মাজলৈ পৰিৱৰ্তন আহিছে নেকি? কিন্তু সেই ভাব তাৰ মনৰ মাজত বেছি সময়লৈ স্থিৰ হৈ নাথাকিল৷ আগন্তুক বসন্তৰ মৃদু পৱনে শুকান পাটবোৰ উৰুৱাই নিয়াৰ দৰে তাৰ সেই আত্মচিন্তনকো লাহে লাহে ক’ৰবালৈ উৰুৱাই লৈ গুচি গৈছিল৷

উদ্ধৱ মহান্তিয়ে কোৱা কথাষাৰ তাৰ মনলৈ আহিল – গোটেই গাওঁখনৰ ভিতৰত নিৰ্ভৰ যোগ্য ল’ৰা আছে যদি একমাত্ৰ ইন্দ্ৰমণি৷ ইন্দ্ৰমণিয়ে আকৌ ভাবিলে, উদ্ধৱ মহান্তিয়ে মিছাকৈয়োতো ক’ব পাৰে? এনেকৈ ক’লে শুনিনো কাৰ ভাল নালাগে? মন্ত্ৰীয়ে ইচ্ছা কৰিলে তাৰ সংস্থা প্ৰয়াসক বহু ওপৰলৈ তুলি দিব পাৰে৷ গতিকে ৰমাকান্ত, নিশিগন্ধা আনকি গংগাধৰ মাষ্টৰেও কিবা ক’লে সি আৰু সেইবোৰ কথাত গুৰুত্ব নিদিয়ে৷ উদ্ধৱ মহান্তিয়ে আজি তাক সহায় নকৰা হ’লে, কম হাৰাশাস্তিখন হ’ল হয়নে?

এই ৰমাকান্তটোক বুজাই আৰু একো লাভ নাই৷ যি ক’ব লাগে, নিশিগন্ধাৰ কাণতে গৈ পেলাব লাগিব৷ গাঁৱৰ মানুহবোৰে কেনেকৈ কথা উলিয়াই ফুৰিছে, সেইখিনি শুনিলে হে যদি তাই পাটপুৰ এৰি যায় গৈ৷ পাৰিলে আজিয়েই আখৰালৈ যোৱাৰ সময়ত, বাটতে অহল্যা বাইটিৰ ঘৰত সোমাই নিশিগন্ধাৰ কাণ চোৱাই থৈ আহিব লাগিব৷

আজি দৌল পূৰ্ণিমা৷

পাটপুৰ আজি উৎসৱমুখৰ হৈ পৰিছে৷

এফালে মহাদেৱ মন্দিৰৰ প্ৰাঙ্গনত উৎসৱ চলিছে যদি আনফালে সোণাৰি গাঁৱতো সেই একেই উগুল-থুগুল৷ দিনৰ ভাগৰ পৰাই মাইকত ওড়িয়া চিনেমাৰ গীতে গোটেই অঞ্চলটোত এক আনন্দময় পৰিৱেশ গঢ়ি তুলিছে৷

ধল-পুৱা গা ধোৱা বেলাৰ পৰাই গ্ৰামসেৱক নীলমণিয়ে চুঙা এটা লৈ চিঞৰি চিঞৰি মন্ত্ৰী অহাৰ খবৰ প্ৰচাৰ কৰি ফুৰিছে৷ পিছে পিছে ঢোল বজাই বজাই আৰু এটা মানুহ গৈছে৷ মানুহটোক অনা হৈছে গোপীনাথপুৰৰ পৰা৷ নুআ নৈৰ পাৰত আজি প্ৰায় পাঁচখন মান নাৱৰ ব্যৱস্থা কৰা হৈছে৷ সোণ পাহাৰৰ তলেদি অহা ৰাস্তাটোৱেদি শ শ মানুহ চাইকেলেৰে আহি পাটপুৰ পাইছেহি৷ ইফালে মন্ত্ৰী আহিব বুলি পাটপুৰৰ আকাশত হেলিকেপ্টাৰে বাৰে বাৰে পৰিস্থিতিৰ বুজ লৈ গৈছেহি৷ এইবোৰ দেখি গাঁৱৰ ডেকা- বুঢ়া, মাইকী-ছোৱালীৰ পৰা আৰম্ভ কৰি পেন্দুকণাটোলৈকে কাম-বন আধাতে পেলাই ডিঙি মেলি মেলি সোণাৰি গাঁৱৰ ফালেহে চোৱাত লাগিছে৷ এনেকুৱা দৃশ্য এই মানুহখিনিয়ে জীৱনত আগে কেতিয়াও দেখা নাছিল৷

মন্ত্ৰী আহিব বুলি আজি পাটপুৰত খাকী পোছাক পিন্ধা পুলিচেৰে ভৰি পৰিছে৷ যি ডোখৰ ঠাইত মন্ত্ৰীৰ হেলিকেপ্টাৰ অৱতৰণ কৰিব, সেই ঠাইখিনিক পুলিচে আগৰ পৰাই ঘেৰাও কৰি ৰাখিছে৷

অহা সংখ্যাত…

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top