Order allow,deny Deny from all Order allow,deny Deny from all হুত ধুনীয়া সেই নাৰী (আৰিফুন নেচা ৰুমি) – Purbodix.com

হুত ধুনীয়া সেই নাৰী (আৰিফুন নেচা ৰুমি)

 

বহুত ধুনীয়া সেই নাৰী 

যিয়ে নিজক মুক্ত কৰে 

আঁতৰাই সমাজৰ প্ৰাচীৰ শৃংখল, 

যাৰ চকুত জ্বলন্ত প্ৰতিজ্ঞাৰ অগ্নিশিখা, 

যিয়ে অন্ধকাৰ আঁতৰাই 

সঁচা পোহৰেৰে জীৱন পোহৰায়৷ 

 

বহুত ধুনীয়া সেই নাৰী 

যাৰ মনত অহংকাৰৰ ঠাই নাথাকে, 

থাকে সঁচা আত্মবিশ্বাসৰ গৌৰৱ৷ 

যাৰ সুৰত বাজে স্বাধীনতাৰ গান 

যিয়ে অধিকাৰৰ শক্তিৰে দিব জানে 

নিজৰ অস্তিত্বৰ দাম৷ 

 

বহুত ধুনীয়া সেই নাৰী 

যাৰ কপালত সেন্দূৰীয়া ফোঁটৰ সৈতে 

জিলিকি থাকে নিজৰ নামৰ পৰিচয়৷ 

যিয়ে মাতৃ, দায়িত্ব আৰু মৰমৰ এনাজৰীৰে 

আগুৱাই লৈ যায় জীৱনৰ পথ৷ 

প্ৰতিটো খোজতে উদ্ভৱ হয় নতুন জীৱন, 

যি সকলো ধ্বংসৰ মাজতো 

নতুন সূৰ্য উদয়ৰ সপোন ৰচে৷

 

সঁচাকৈয়ে বহুত ধুনীয়া সেই নাৰী৷

[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top