ক’ৰোণা মহামাৰীৰ বিভীষিকাময় পৰিৱেশে সমগ্ৰ অসমীয়া চলচ্ছিত্ৰজগতখনকে স্তব্ধ কৰি পেলায়৷ এতিয়া এই অমানিশাৰ কিছু পৰিমাণে শাম কটাৰ পিছত পুনৰায় ইখনৰ পিছত সিখনকৈ অসমীয়া ছবিয়ে মুক্তি লাভ কৰিবলৈ আৰম্ভ কৰিছে যিটো ছিবজগতৰ বাবে খুবেই ভাল খবৰ৷ চলিত বৰ্ষটোৰ আৰম্ভণিতেই ইতিমেধ্য তিনিখনকৈ অসমীয়া ছবিয়ে মুক্তি লাভ কৰাৰ পিছত এতিয়া মুক্তিৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে আন এখন পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া ছিব৷ ‘এম চি িফল্মছ’ৰ বেনাৰত আমেৰিকা নিবাসী ভাৰতীয় মূলৰ মহেশ চিৰলাৰ প্ৰযোজনা তথা বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মিত উক্ত ছিবখনৰ নাম ‘লখিমী’৷ ছিবখন চিলত বৰ্ষৰ ১১জুনত চিত্ৰগৃহৈল আহিব৷ ছিবখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ তথা সম্পাদনা পৰিচালক বৰাৰ৷ পৰিচালকে জানিবলৈ দিয়া মতে, ‘লখিমী’ এখন সম্পূৰ্ণৰূপে ৰাজনৈতিক ছিব৷ কুটিল ৰাজনীতিেয় মানুহক ক’ৰ পৰা ক’লৈ নিয়ে তাক বিশ্বাসযোগ্য ৰূপত দেখুওৱা হৈেছ ‘লখিমী’ত৷ ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰকেইটিত অভিনয় কৰিছে ক্ৰমে অৰুণ হাজৰিকা, পৃথ্বিৰাজ ৰাভা, ৰাজীৱ ক্ৰ’, দীনেশ গগৈ, অৰুণ বৰা, ইন্দ্ৰানী চেতিয়া,
জ্যোতিৰূপা বৰা, জ্যোতিস্মান কাশ্যপ, বিনোদ লাল দাস, অজয় ভড়ালী, সৌন্দৰ্য্য ভূঞা হাজৰিকা, প্ৰবীন দাস, নুৰুল চুলতান, আলোক বৰুৱা, অসীম শইকীয়া, জয়ন্ত ফুকন, চাও-ফা ডিম্পল, শ্ৰীমন্ত তামুলী শইকীয়া, বিমানশইকীয়া, প্ৰজ্ঞনাভ বৰা, মৃদুল শৰ্মা, তৰুণ দাস, গৌৰৱী ৰাজেখাৱা, চুমী ফুকন শইকীয়া, বিনিতা বৰা তথা শিশু শিল্পী ৰাগিণী বৰাই৷ ছিবখনত তিনিখন নতুন মুখ থাকিব– তাৰে প্ৰথমগৰাকী আমেৰিকাৰ লোভা চিৰলা৷ পৰিচালক দীনেশ গগৈৰ কন্যা স্বাধীনতা গগৈয়ে নৱাগতা হিচাপে ছবিখনত অভিনয় কৰিছে৷ আকৌ অসম-সন্তান পুনেস্থিত মডেল গীতাৰ্থ বৰাক ছিবখনৰ নায়কৰ ৰূপত দেিখবলৈ পোৱা যাব৷ ছিবখনৰ আটাইতকৈ গুৰুত্বপূৰ্ কথাটো হ’ল ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই এটি বিশেষ চিৰত্ৰত অভিনয় কৰিছে ৷ ছিবখনৰ সংগীত তথা আৱহ-সংগীত নয়ন মিণ বৰ্মনৰ, গীতৰ কথা মিঞ্জত তালুকদাৰ আৰু লোপামুদ্ৰা গগৈ বৰা, আনহাতে গীতত কণ্ঠ নিগৰাইছে ৰশ্মি ৰেখা দেৱীয়ে৷ বিভিন্ন মনোৰম লোকেচনত ছিবখনৰ চিত্ৰগ্ৰহণ কৰিছে সূৰুয ডেকাই, ডি-আই মুম্বাইস্থিত শশী তিৱাৰীৰ, চাউণ্ড ডিজাইন বিজিত চাংমাইৰ, কলা নিৰ্দেশনা মনিৰুদ জামান মনিৰ, অসীম শইকীয়া আৰু সূৰুয ডেকাৰ, সাজ-সজ্জা লোপামুদ্ৰা গগৈ বৰাৰ৷ ছিবখনৰ সহঃপ্ৰযোজক ‘কোৱাটাৰমুন প্ৰডাকচনছ’ৰ বেনাৰত বিশ্বজিৎ বৰা, সহকাৰী পৰিচালক মনিৰুদ জামান, মূখ্য সহকাৰী পৰিচালক প্ৰণম দেশাই, প্ৰডাকচন হেড্ অজয় ভড়ালী, প্ৰবীন দাস আৰু বিনোদ লাল দাস, লাইন প্ৰযোজক অসীম শইকীয়া, স্থিৰচিত্ৰ পল্লৱজোতি মহন্তৰ, পাব্লিচিটী ডিজাইন দীপাংকৰ ডেকাৰ৷ ইতিমেধ্য ছিবখনৰ অফিচিয়েল টিজাৰ অনলাইন নেটৱৰ্কিং ছাইট যোগে মুকলি কৰি দিয়া হৈেছ৷ বিশ্বজিৎ বৰাৰ পূৰ্বৰ ছিবসমূহৰ নিচিনাকৈ উক্ত ছিবখনেও মুক্তিৰ লগে লগে চলচ্ছিত্ৰপ্ৰেমীৰ আশানুৰূপ সহাঁৰি লাভ কৰিব বুলি প্ৰযোজনা গোষ্ঠী গভীৰ আশাবাদী৷
অসমীয়া ছবিৰ বতৰা
মুক্তিৰ বাবে সাজু বলীন শৰ্মাৰ ‘চন্দাৱলী’৷ শেহতীয়াকৈ নিৰ্মাণৰ সকেলা দিশ সামৰি মুক্তিৰ বাবে সাজু ৈহ উঠিছে এখন পূৰ্ণ দৈৰ্ঘৰ অসমীয়া ছিব৷ যোৰহাট নিবাসী প্ৰতিষ্ঠিতি নাট্যকাৰ, অভিনেতা তথা পৰিচালক বলীন শৰ্মাৰ পৰিচালনাৰে ‘এ বি প্ৰডাকচন’ৰ বেনাৰত নিৰ্মিত উক্ত ছিবখনৰ নাম ‘চন্দাৱলী’, প্ৰযোজনা সহায়ক শেৱালি শৰ্মা, মালামিন গোস্বামী আৰু লীনা শৰ্মা৷ ছিবখনৰ কাহিনী-চিত্ৰনাট্য-সংলাপ পৰিচালক বলীন শৰ্মাৰ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে তেওঁ ‘হৃদয় কঁপোৱা গান’ ছিবখনৰ কাহিনী, চিত্ৰনাট্য ৰচনাৰ লগতে সহেযাগী পৰিচালক হিচাপে কাম কৰিছিল৷ পৰিচালেক জানিবলৈ দিয়া মতে, ‘চন্দাৱলী’ ছিবখন
মূলতঃ পৰিয়াল কেন্দ্ৰিক য’ত নৱ-প্ৰজন্মৰ প্ৰেম, আদৰ্শগত সংঘাত প্ৰতিস্ফুট হ’ব৷ কলেজৰ এছাম উদণ্ড ছাত্ৰ-ছাত্ৰীৰ কৰ্ম-কাণ্ডৰ বিপৰীতে সততাৰে জীৱন গঢ়িবলৈ বদ্ধপৰিপকৰ ছাত্ৰ-ছাত্ৰীৰ মানিসকতা ছিবখনত প্ৰতিফলিত হ’ব যি নিজৰ পিতৃৰ বিৰুদ্ধেও প্ৰয়োজনত কঠোৰ হোৱা চিৰত্ৰটিৰ মাজত দেখা যাব৷
আকৌ কাহিনীৰ এক ৰহসময় দৃশ উন্মোচিত হ’ব নায়ক-নায়িকাৰ প্ৰেম মাজেৰে যিয়ে ছিবখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিব৷ ছবিখনৰ গুৰুত্বপূৰ্ণ চিৰত্ৰসমূহ ৰূপায়ন কৰিছে ক্ৰমে দেৱিজত মজুমদাৰ, ৰাজীৱ গোস্বামী, অমৃতা গগৈ, ৰাতুল শৰ্মা, অতনু কাশ্যপ, পল ফুকন, মনিষা ৰাগিনী, পৱিত্ৰ বৰুৱা, ৰাজ ভৈৰৱ, জুৰি শৰ্মা, জেতবন বৰুৱা, দ্বিজেন বৰুৱা, আলোক বৰুৱা, দিব্য ভৰালী, নন্দিতা হাজিৰকা, শশাংক শেখৰ শৰ্মা, পাৰ্থপ্ৰতিম বৰুৱা, দীক্ষিতা কলিতা, স্নিগ্ন বৰুৱা, স্নিগ্ধ মহন্ত, গোলেশ্বৰ বৰা, চঞ্চল জ্যোতি বৰদৈল, ৰঞ্জন শৰ্মা, ভাস্কৰ জ্যোতি গোস্বামী, ৰাজদ্বীপ, অভিনৱ গোস্বামী, অংকুৰ শইকীয়া, দীপক কলিতা, ৰিতুৰাজ বৰা, পাৰ্থ বৰা, মেঘজ্যোতি গগৈ, অসীমা দাস, পম্পী, অমৰজিত লাহন, উৎপল, বৰ্ণীল, ভাস্কৰ, কৃষ্ণ, অৱিনাশ মেধি, স্নেহা বৰদৈল আদিেয়৷ ছিবখনৰ গীতিকাৰ তথা সংগীত পৰিচালক অজয় ফুকন, আনহাতে গীতকেইটিত কণ্ঠ নিগৰাইছে জুবিন গাৰ্গ, সুবাসনা দত্ত, গীতালি আৰু প্ৰকৃতি শৰ্মাই, আৱহ-সংগীত পলাশ গগৈৰ৷
ছবিখনৰ সংগীত ইতিমধ্যে আনুস্থানিক ভাৱে মুকলি কৰি দিয়া হৈেছ৷ লক্ষ্যণীয় ভাৱে মুক্তিৰ লগে লগে ছিবখনৰ প্ৰতিটো গীতেই অসমৰ সংগীত প্ৰেমীৰ ব্যাপক সমাদৰ লাভ কৰা পৰিলক্ষিত হৈেছ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন মনোৰম লোকেচনত ছিবখনৰ দৃশগ্ৰহণ কৰিছে কৃষ্ণ শ্বাহে, নৃত্য নিৰ্দেশনা শান্তুমনি শৰ্মা আৰু উদয় শংকৰ দত্তৰ, সম্পাদনা অসীম শৰ্মাৰ আনহাতে ৰূপসজ্জা আকাশ গগৈৰ৷ ছবিখনৰ মুখ্য সহকাৰী পৰিচালক পৱিত্ৰ খাউণ্ড আৰু মৃণাল ডেকা, সহকাৰী পৰিচালক প্ৰাঞ্জুপ্ৰিন্স কলিতা আৰু কল্লোল বণিয়াৰ৷ আনহাতে প্ৰযোজনা নিয়ন্ত্ৰক চঞ্চলজ্যোতি বৰদৈল আৰু শশাংক শেখৰ শৰ্মা৷ প্ৰযোজকে জেনাৱা মতে, মনোৰঞ্জনৰ আটাইকেইটা সমল উপলব্ধ তথা পৰিয়ালৰ সকলোৰে বাবে উপভোগ্য উক্ত ছিবখন ক’ৰোনাই বিধি-পথালি নিদিেল চলিত বৰ্ষৰ মে’ মাহত মুক্তি লাভ কৰিব, অৱশ্যে চিত্ৰগৃহৰ পৰিৱৰ্তে প্ৰথম পৰ্যায়ত স্থানীয় প্ৰেক্ষাগৃহসমূহত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈেছ৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]