Order allow,deny Deny from all Order allow,deny Deny from all ৰস ৰচনা – Purbodix.com

ৰস ৰচনা

আড্ডাৰে ৰসাল কৰক জীৱন

লখিমী কোঁৱৰ হাজৰিকা

মই জানো কাম নাইকিয়া, সোৰোপা, এলেহুৱা, কেলেহুৱা মখাইহে বেছিকৈ গপ বা আড্ডা মাৰিবলৈ ভাল পায়৷ জ্ঞানী-গুণীজনে আড্ডা পিটি ফুৰা মানুহক অবজ্ঞাৰে চায়৷ বহুতে গপ মাৰি ফুৰা বা দুই-চাৰিজন গোট খাই সংসাৰৰ কথা পতাক সময়ৰ অপব্যৱহাৰ বুলিও ভাবে৷ কিন্তু সখীসকল, চাৰি-পাঁচগৰাকীমান যদি আপোনালোকে গোট খাই শাহু চৰ্চা, পতি চৰ্চা, চিনেমা-ছিৰিয়েলৰ চৰ্চা কৰে বা আপোনালোকৰ ওচৰ-চুবুৰীয়া আইদেউ-বাইদেউহঁতৰ চৰ্চা কৰে তেন্তে মই শপত খাই কৈছোঁ বিউটি পাৰ্লাৰত গ’ল্ড ফেচিয়েল কৰাতকৈয়ো বেছি আপোনাৰ মুখখন উজ্জ্বল হ’ব৷ ৰসে চৌ চৌ হৈ থকা আপোনাৰ মুখখন দেখিয়েই মানুহে বুজি পাব আপুনি এগৰাকী হেপ্পী-লাইফ কটোৱা লেডী৷ টেনচন ফ্ৰি হৈ আপোনাৰ স্বাস্থ্য-মুখ উজ্জ্বল হোৱাৰ লগতে আড্ডা পিটিলে সমাজৰো বহুত উপকাৰ হয়৷ যেনে, কাৰোবাৰ ল’ৰালৈ ভাল ছোৱালী বিচৰা, কাৰোবাৰ ছোৱালীলৈ ল’ৰা বিচৰা, ভাল ডাক্তৰ, ভাল চিনেমা, ভাল কিতাপ, ভাল দোকান আদিৰ সন্ধান পোৱা যায় এই আড্ডাৰ যোগেদি৷

এবাৰ আড্ডাতে এগৰাকী বান্ধৱীয়ে ক’লে যে এজনী শাহুৱে ব্ৰহ্ম পুৱাৰে পৰা নিজৰ ফুলকুমলীয়া বোৱাৰীজনীক সাত গোষ্ঠী উদ্ধাৰি গালি পাৰি থাকে, আমি সকলোৱে এবাৰ যোৱা উচিত৷ কথা মতেই কাম, সকলোৱে বোৱাৰীজনীক সহায় কৰোঁ বুলি অৰ্থাৎ শাহুৰ ককৰ্থনাৰ পৰা ৰক্ষা কৰোঁ বুলি সকলো গ’লো৷ ঘৰৰ বাহিৰৰ পৰাই শাহুৱেকৰ গালি-গালাজ শুনিলোঁ৷ কুলক্ষিণী, জহনীত যাতি, নাও নুমাটি তই অহাৰে পৰা মোৰ ঘৰখন নৰক হ’ল৷ মোৰ সুখ নাইকিয়া হ’ল৷ আমি সকলোৱে বোৱাৰীগৰাকীক গালিৰ পৰা বচাবলৈ দুৱাৰ মেলি সোমাই গ’লো ভিতৰলৈ৷ তেতিয়াহে আমি দেখি অবাক৷  বুঢ়ীৰ  সেই ফুলকুমলীয়া বোৱাৰীজনীয়ে বুঢ়ীক চুলিত ধৰি ঘটালি আছে আৰু বুঢ়ীয়ে টেঁটুফালি গালি-গালাজ কৰিছে৷ বাহিৰৰ পৰা মানুহে বুঢ়ীৰ গালি-গালাজহে শুনে, কিন্তু বন্ধ দুৱাৰৰ আঁৰত বোৱাৰীয়ে কৰা অত্যাচাৰ নেদেখে৷ সেইদিনা যেনিবা সকলোৱে মিলি-জুলি বোৱাৰীয়েকক এপালি দিলোঁ৷ বোৱাৰীয়েকক শাহুৱেকৰ ভৰিত ধৰি সকলোৱে মাফ খোজালে আৰু আগলৈ যদি শাহুৱেকক বেয়া ব্যৱহাৰ কৰে তেন্তে তেওঁৰ ৰিপ’ৰ্ট দিয়া হ’ব পুলিচত, এইদৰে ভয় খুওৱাত তেওঁ সেমেনা-সেমেনিকৈ ‘আগলৈ এনে নকৰো’ বুলি শপতো খালে৷ শাহুৱেকে সকলোলৈকে চাই হাতযোৰ কৰি কৃতজ্ঞতা জনালে৷ এইদৰে আনন্দৰ কাৰণে আড্ডা পিটোতেই ডাঙৰ বিপদৰ পৰা বুঢ়ী এগৰাকী উদ্ধাৰ পৰিল৷ তেনেকৈয়ে বহুত সমস্যাৰ কথা ইজনীয়ে-সিজনীক কওঁতে আলোচনা কৰোঁতে সমাধানো হোৱা দেখিছোঁ৷

সেয়ে ভাবিছোঁ আড্ডা সকলোৱে মাৰিব লাগে৷ ইয়াতকৈ সস্তা মনোৰঞ্জন নাই আৰু৷ আপোনাৰ ওচৰত ‘মণি’ আৰু ‘হনি’ নাথাকিব পাৰে, কিন্তু ব্ৰহ্মাই দিয়া মুখখন আৰু জিভাখনতো আছেই৷ কেইবাগৰাকীয়ো মিলি আজৰি পৰত আড্ডা মাৰক, দেখিব আপোনাৰ সৃজনী শক্তি বাঢ়িছে, মনৰ অশান্তি দূৰ হৈছে, কাম কৰাৰ উৎসাহ বাঢ়িছে৷ যেনেকৈ চাহ একাপ খালে দেহৰ ভাগৰ আঁতৰে তেনেকৈ আড্ডাত বিভিন্ন ৰসৰ কথা পাতিলে মনৰ ভাগৰ আঁতৰে৷ সদায় একে সোপা কাম কৰি, ঘৰতে সোমাই থাকি আমনি লগা জীৱন কটোৱা গৃহিণীসকলৰ বাবে আড্ডা পৰম উপকাৰী বস্তু৷ কলিজাত থকা-সৰকা হৈ থকা দুখবোৰো পলাই ফাঁট মেলে৷

 

এতিয়া কথা হ’ল আড্ডা পিটিবলৈ ৰসাল কথা কোৱা, বেছিকৈ কথা কোৱা মানুহৰ বেছি প্ৰয়োজন৷ অতি ‘ডিচেণ্ট’ মানুহৰ লগত কথা পাতি বা অতি কম কথা কোৱা মানুহৰ লগত কথা পাতি আপুনি আড্ডা জমাব নোৱাৰিব৷ অনবৰতে দুখৰ কথা পাতি থকা মানুহৰ লগতো আড্ডা নজমিব৷ কৰুণ ৰসৰ কবিতা গোৱা মানুহৰ লগতো আড্ডা নজমিব৷ সেয়ে আড্ডা পিটা মানুহকেইগৰাকীৰ স্বভাৱ চাই ল’ব, তেহে আড্ডা জমিব৷ লেখিকা সখীসকলে পিছে সকলো ধৰণৰ সুখৰ-দুখৰ কথাৰ গপ মৰা উচিত৷ কাৰণ সৃষ্টি কৰিবলৈ আটাইকেইবিধ ৰসৰ আৱশ্যক৷ লেখিবলৈয়ো আড্ডাৰ পৰা বহুত প্লট পোৱা যায়৷ কিন্তু মনোৰঞ্জনৰ কাৰণে মুখেৰে আখৈ ফুটা, কথাই কথাই হাঁহি ধৰিত্ৰী কঁপোৱা মানুহ বেছি ভাল হয়৷

মোৰ পিছে গপমৰা অভ্যাস বহুত সৰুৰে পৰা আৰম্ভ হ’ল৷ সৰুতে আইতাৰ জুহালত চাহ, মুৰি, আখৈ, বিবিধ জলপান খোৱাৰ সময়তে আমি মানে আমাৰ ভাইটি-ভণ্টী আৰু আমাৰ খুড়াৰ ভাইটি-ভণ্টীহঁতে মিলি আড্ডা আৰম্ভ হৈছিল৷ কাৰোৰে সেই সময়ত কথাৰ কোবত পঢ়াৰ টেবুললৈ যোৱাৰ কথা মনত নপৰিছিল৷ কোনোবাজনী হাঁহি হাঁহি চৰ্চৰনি খাই পাকঘৰতে লুটি খাই পৰি আইতাৰ বাঘঢকা খাইছিল৷ আমি এইদৰেই আইতাৰ জুহালৰ ওচৰত পাকঘৰত বহি বহি কথকী হ’লো৷ আড্ডাৰ সোৱাদো পালো খুব৷ অনবৰতে দাঁত নিকটাই হাঁহি ফুৰাৰ কাৰণে ককাদেউতাই লাখুটি জোঁকাৰি ভয় খুৱাই আমাক পঢ়াৰ টেবুললৈ যাবলৈ বাধ্য কৰিছিল আড্ডা এৰি৷ আজিও মনত শৈশৱৰ স্মৃতিত আগ-গুৰি নোহোৱা কথা কোৱা তথা সেই আড্ডা আছে৷ যিসকলে এই আড্ডাৰ সোৱাদ পোৱা নাই তেওঁলোকে নি(য় বহুত কথাৰ পৰাই বঞ্চিত হৈ আছে৷ আড্ডা মাৰিলে খোলাখুলিকৈ কথা পাতিবলৈ শিকে, লগতে ক্ৰিয়েটিভিটি বাঢ়ে৷ মানুহৰ আগত নিঃসংকোচে কথা পাতিব পৰা হয়৷ আজিকালি বহুক্ষেত্ৰত বেছিকৈ কথা পতা মানুহে চাকৰিও পায়৷ যেনে, মাৰ্কেটিং বিভাগ, কাউন্সেলিঙ, ৰেডিঅ’ জকী আদিত৷

দেখা গৈছে আজিকালি মানুহ ভিতৰত সোমাই থাকি টিভি, কম্পিউটাৰ, ম’বাইল আদিক লগৰী কৰি লৈছে, পিছে বন্ধ ৰুমৰ মনোৰঞ্জনে আমাক দিনে দিনে বেমাৰী আৰু হতাশগ্ৰস্ত মানুহ এজনত পৰিণত কৰিছে৷ যদি আপুনি এইবোৰ নথকা দিনলৈ মনত পেলায় তেন্তে দেখিব আমাৰ আইতা-মাহঁতে দিনৰ দিনটো কাম কৰি আজৰি সময়ত তামোলৰ বটাটো লৈ দুই-তিনিজনীয়ে গপ মাৰি ভাগৰ পলুৱাইছিল, লগতে মনোৰঞ্জনো কৰিছিল৷ আৰু আজিৰ মহিলাসকলৰ তুলনাত তেওঁলোক সুস্থ-সবল আছিল৷ হতাশাত নুভুগিছিল৷

এজন মনোচিকিৎসক ডাঃ বিকাশ মোহনে এখন কিতাপত লিখিছিল যে আড্ডা মাৰিলে মনৰ চিন্তা, দুখ-ভাগৰ আঁতৰে৷ যদিও আড্ডা মাৰি ফুৰা ভাল স্বভাৱ নহয়, তথাপিতো আড্ডা মাৰিলে মন সতেজ হয়৷ ব্লাডপ্ৰেছাৰ, ছুগাৰ, ডিপ্ৰেছন আদি বেমাৰৰ পৰা সকাহ পায়৷ মই নিজেও এগৰাকী বান্ধৱীক দেখো চাদৰৰ আগত প্ৰেছাৰৰ ঔষধ বান্ধি ঘৰে ঘৰে হাঁহি-ধেমালি কৰি ঘূৰি ফুৰে৷ সুধিলে কয় প্ৰেছাৰ উঠা যেন পালে খাম৷

বহু কথাতে দেখো পত্নী সকলতকৈ স্বামীসকল বহুত সুস্থ আৰু ডেকা হৈ থাকে৷ সৰু যদিও বয়সত ঘৰতে সোমাই অনবৰতে কাম কৰি থকা পত্নীসকল সোনকালে অসুস্থ আৰু বৃদ্ধ হৈ পৰে৷ পুৰুষে কামলৈ যাওঁতে ৰাস্তা, অফিচত বা অফিচৰ পৰা আহি বহুতে বন্ধুমহলৰ লগত হাঁহি-ধেমালি কৰে, গপ মাৰে; কিন্তু গৃহিণীসকলে ল’ৰা-ছোৱালী, শাহু-শহুৰ-স্বামীসকলৰ খোৱা-বোৱা, পিন্ধা-উৰাৰ ধ্যান ৰাখোঁতেই বা ঘৰুৱা আন কামতে আজৰি নাপায়৷ অনবৰতে কাম কৰি কৰি নিজৰ মনোৰঞ্জনৰ সময় নোপোৱা কাৰণে বোধহয় বৰ সোনকালে স্বাস্থ্য বেয়া হয়৷ এইটো অপ্ৰিয় সত্য কথা যে যেনেকৈ পেটৰ ভোক মাৰিবলৈ আমি ভাত খাওঁ তেনেকৈ আমি মনৰ ভাগৰ মাৰিবলৈকো বান্ধৱীসকলৰ মাজলৈ ওলাই যোৱাৰ বৰ প্ৰয়োজন৷ মন ভালেই স্বাস্থ্য ভাল৷

সেয়ে সখীসকল, সতেজ হৈ থাকিবলৈ, সুস্থ হৈ থাকিবলৈ, ব্যক্তিগত সম্বন্ধ ভাল কৰিবলৈ, বাক্‌চাতুৰ্য বঢ়াবলৈ, মন খুলি হাঁহিবলৈ আড্ডা পিটক৷ আপোনাৰ ক্ৰিয়েটিভিটি বঢ়াৰ লগতে আপোনাক জনপ্ৰিয় কৰি তুলিব৷ আপুনি যদি বেছি কথকী নহয়, তেন্তে গান-বাজনা, কৌতুকেৰেই আড্ডা সজাওক৷ মোৰে শপত আড্ডা পিটাৰ পাছত আপোনাৰ গা-মন পাতল হ’ব, চেহেৰা উজ্জ্বল হ’ব৷ এয়াই নিৰ্ঘাত সত্য কথা৷[DISPLAY_ULTIMATE_SOCIAL_ICONS]

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top