পূৰ্বদিশ, ২৭ মাৰ্চ ঃ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় সাহিত্য, কলা পদকেৰে উজলিছে যোৰহাটৰ স্বপ্না বৰঠাকুৰ৷ সপ্তম মানৰ পৰাই সাহিত্য চৰ্চা কৰা স্বপ্না বৰঠাকুৰে বাংলা আৰু ইংৰাজী কবিতাৰ বাবে এতিয়ালৈকে চাৰিশৰ অধিক আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ উপৰি আন্তঃৰাষ্ট্ৰীয় ছবি সংস্থা ‘‘ড্ৰীম পেইণ্টব্ৰাছ’’-এ আয়োজন কৰা ৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শনীত ছবি প্ৰদৰ্শিত হোৱাৰ লগতে সোণৰ পদক আৰু সোণৰ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে৷ ইংৰাজী, বাংলা আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চাত ব্ৰতী থকা স্বপ্না বৰঠাকুৰক ইতিমধ্যে ‘‘নাৰজিয়া ব্ৰেণ্ড প্ৰম’টাৰচ’’ৰ তৰফৰ পৰা ‘‘ইণ্ডিয়ান ৱ’মেন এৱাৰ্ড’’, ৱ’মেন ডেডিকেশ্বন মেগাজিন আৰু জে ছি ডি বিদ্যাপীঠ’’ৰ তৰফৰ পৰা ‘‘ইণ্টাৰনেচনেল ৱ’মেন প্ৰিমিয়াম এৱাৰ্ড’’, ইংৰাজী কাব্যগ্ৰন্থ ‘‘ফ্লেডাৰচ অব লাইফ’’ৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰকাশন ‘‘ইনকুইলিচ পাব্লিকেশ্যন’’ৰ তৰফৰ পৰা ‘‘মষ্ট আউটষ্টেণ্ডিং ৰাইটাৰ’’ হিচাপে ‘‘চাৰপ্ৰাইছ এৱাৰ্ড’’, অসমীয়া কাব্যগ্ৰন্থৰ বাবে ‘‘প্ৰয়াস প্ৰকাশন গোষ্ঠী’’ৰ তৰফৰ পৰা ‘‘কাব্য ৰত্ন বঁটা’’, বাংলা ‘‘নৱজাগৰণ সাহিত্য পৰিবাৰ’’ৰ তৰফৰ পৰা ‘‘কাব্য ৰত্ন বঁটা’’, ‘‘ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেছনৰ’’ৰ দ্বাৰা ‘‘নাৰী শক্তি গৌৰৱ বটা’’ প্ৰদান কৰা হয়৷ যোৰহাট কলেজত পঢ়ি থকা সময়েতই ‘‘শ্ৰেষ্ঠ সাহিত্যিক’’, ‘‘শ্ৰেষ্ঠ তাৰ্কিক’’ সন্মান লাভ কৰা বৰঠাকুৰক মহাবিদ্যালয়ৰ তৰফৰ পৰা অলপতে ‘‘চিৰ জেছিয়ান, চিৰ জ্যোতিষ্মান’’ সন্মান আগবঢ়ায়৷ ‘‘মণিকৰ্ণিকা আৰ্ট গেলাৰী’’য়ে ৰাষ্ট্ৰীয় পটভূমিত আয়োজন কৰা ছবি প্ৰদৰ্শনীত বৰঠাকুৰৰ চিত্ৰ প্ৰদৰ্শন হোৱাৰ লগতে পুৰস্কাৰ বুটলিবলৈ সক্ষম হয়৷ উল্লেখ্য যে যোৰহাট অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি স্বপ্না বৰঠাকুৰক ইতিমধ্যে ঔৰংগাবাদস্থিত আন্তঃৰাষ্ট্ৰীয় ছবি সংস্থা ‘‘অজন্তা-ইলোৰা ছবি সংস্থা’’ই তেখেতৰ ছবিৰ বাবে ‘‘কলাভূষণ’’ সন্মানৰ বাবে সম্প্ৰতি নিৰ্বাচন কৰিছে৷ সংস্থাটোৱে এপ্ৰিল মাহত বৰঠাকুৰক প্ৰদান কৰিব এই সন্মান৷ ইয়াৰ উপৰিও বৰঠাকুৰে অসম চৰকাৰৰ ‘‘অসম ভাষা গৌৰৱ আঁচনি’’ৰ অন্তৰ্গত ‘‘লেখক সম্বৰ্ধনা’’ লাভ কৰিছে৷
[DISPLAY_ULTIMATE_SOCIAL_ICONS]