by Arup Kakoti
পুনৰ ঘূৰি আহিছে অসমীয়া ছবিলৈ সোণালী সুদিন। ক’ৰণা মহামাৰীয়ে স্তব্ধ কৰি থৈ যোৱা অসমীয়া চলচ্চিত্ৰ উদ্যোগটোক পুনৰ জীপাল কৰিবলৈ আহি আছে কেইবাখনো নিৰ্মীয়মান অসমীয়া চলচ্চিত্ৰ। আশাৰ বতৰা কঢ়িয়াই আনিছে অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকলৈ। ইয়াৰ মাজতো অচিৰতে মুক্তি পাব লগা নিৰ্মীয়মান দুখন চলচ্চিত্ৰই চলচ্চিত্ৰপ্ৰেমীৰ মাজত অতিকে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে। এই দুখন চলচ্চিত্ৰ হৈ যুৱ পৰিচালকদ্বয় প্ৰদ্যুৎ কুমাৰ ডেকা পৰিচালিত ‘চিয়াঁহীৰ ৰং’ আৰু মনজিত শৰ্মা পৰিচালিত ‘ৰাজনীতি’।
অসমৰ জ্যেষ্ঠ সাংবাদিক তথা জনপ্ৰিয় সাহিত্যিক জিতুমনি বৰাৰ একে নামৰ বহু পঠিত উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে ‘চিয়াঁহীৰ ৰং’। কেইবাখনো সফল অসমীয়া ছবিৰ পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাই পৰিচালনা কৰা এই ছবিখনত প্ৰধানকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম, সাংবাদিক, সম্পাদক আৰু মালিক পক্ষৰ মাজত চলা দ্বন্দ্ব আৰু সংঘাতকে ছবিখনৰ মূল উপজীব্য হিচাপে দেখুওৱা হৈছে। কিদৰে সাংবাদিকে নিজৰ জীৱনলৈ অহা ভাবুকিকো নেওচি সুস্থ সংবাদ পৰিৱেশনেৰে গণতন্ত্ৰক সেৱা কৰি যায় এই কথা সুন্দৰকৈ ছবিখনত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে বুলি পৰিচালকে জানিবলৈ দিয়ে। লগতে ছবিখনত অসমত তথা ভাৰতীয় সংবাদ মাধ্যমৰ ভিতৰৰ আচল স্বৰূপটো সুন্দৰকৈ উন্মোচিত হৈছে বুলি জানিবলৈ দিয়ে। ইতিমধ্যে গুৱাহাটীৰ বাণী প্ৰকাশে প্ৰকাশ কৰি উলিওৱা বহু পঠিত উপন্যাস ‘চিয়াঁহীৰ ৰং’ৰ এছোৱাক লৈ নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ কাহিনী আৰু সংলাপ উপন্যাসিক, সাংবাদিক জিতুমনি বৰাৰ। চিত্ৰনাট্য ৰচনা কৰিছে পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাই। ছবিখনৰ মূল তিনিটা চৰিত্ৰত অভিনয় কৰিছে অসমীয়া চলচ্চিত্ৰৰ চুপাৰষ্টাৰ যতীন বৰা, বিশিষ্ট অভিনেতা তৌফিক ৰহমান আৰু অলক নাথে। অন্যান্য চৰিত্ৰসমূহত অভিনয় কৰিছে জ্যেষ্ঠ চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূএঁ্ণা, কামাল ৰছিদ আহমেদ, মেল’ডী পাটগিৰি, মৃদুপৱন দত্ত, মৃনাল দাস, দৃষ্টিনয়না, দেৱীকা প্ৰিয়ম আৰু শিশু শিল্পী ৰাগিনী বৰাই। ছবিখনৰ মুখ্য সহকাৰী পৰিচালক হিচাপে আছে ৰ’জী বৰা, সহকাৰী অভিজিত ৰায়। ছবিখনৰ চিত্ৰগ্ৰহণ কৰিছে ৰাতুল কাকতীয়ে। ইতিমধ্যে জ্যোতি চিত্ৰবনত ডাবিং আৰু সম্পাদনা হৈ যোৱা ছবিখনক লৈ যথেষ্ট আশাবাদী সংবাদ মহল আৰু চিত্ৰপ্ৰেমী ৰাইজ। খুব সম্ভৱ ৰঙালী বিহুৰ বতৰতেই ছবিখন আহিব অসমবাসী ৰাইজৰ কাষলৈ।
ৰাজনীতি ঃ নাম ঘোষণা কৰাৰ দিন ধৰিয়েই সাংস্কৃতিক মহল আৰু সংবাদ মহলত অতিকে চৰ্চিত ছবিখনেই হৈছে ‘ৰাজনীতি’। ইতিমধ্যে গুৱাহাটী, যোৰহাট, কামপুৰকে আদি কৰি অসমৰ বিভিন্ন সুন্দৰ আৰু দৃষ্টিনন্দন লোকেচনত দৃশ্যগ্ৰহণ হৈ যোৱা ছবিখনৰ বৰ্তমান গুৱাহাটীত সম্পাদনা, ডাবিং আৰু আৱহ সংগীতৰ কাম চলি আছে। পূৰ্বতে ছবিখনৰ মুক্তিৰ দিন অহা ২৬ মাৰ্চত ঘোষণা কৰা হৈছিল যদিও নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ছবিখনৰ মুক্তিৰ দিন কিছু পিছুৱাই দিয়া হৈছে বুলি প্ৰযোজকপক্ষই জানিবলৈ দিয়ে। অহা ৰঙালী বিহুৰ আগে আগে সমগ্ৰ অসমৰে চিত্ৰগৃহত মুক্তি লাভ কৰিব লগা চৰ্চিত ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ অসমৰ যশস্বী নাট্যকাৰ তথা চিত্ৰ নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ। ৰামধেনু প্ৰডাকেশ্যনৰ বেনাৰ নিৰ্মাণ হোৱা এই ছবিখন পৰিচালনা কৰিছে নৱ প্ৰজন্মৰ সম্ভাৱনাময় পৰিচালক মনজিত শৰ্মাই। ৰামধেনু প্ৰডাকশ্যনৰ হৈ ছবিখন প্ৰযোজনা কৰিছে শিৱচান্দ হাতীবৰুৱা, আবিদুৰ ৰহমান আৰু হিমাংশু বৰাই।
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমত তিনিগৰাকী সংবাদকৰ্মীৰ জীৱন যুদ্ধৰ নানা ঘাত-প্ৰতিঘাত, সংঘাতৰ মাজেদিয়েই ছবিখনৰ কাহিনীয়ে গতি কৰিছে বুলি জানিব পৰা গৈছে। লগতে দৰ্শকে ভালপোৱা প্ৰেম, ৰোমাঞ্চ, একচনৰ লগতে কাহিনীত আছে সমাজ সচেতনতা আৰু দায়বদ্ধতা। ছবিখনৰ মুখ্য তিনিটা চৰিত্ৰত অভিনয় কৰিছে অসমৰ বলিষ্ঠ অভিনেতা তপন দাস, নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ আৰু মোহময়ী বৰষাৰাণী বিষয়াই। তিনিওগৰাকীয়েই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ অতন্দ্ৰ প্ৰহৰী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে। জুবিন আৰু বৰষাক এইখন ছবিত দৰ্শকে ৰোমাণ্টিক যুটীৰ ৰূপত দেখিবলৈ পাব। ছবিখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ভ্ৰাম্যমান মঞ্চৰ জনপ্ৰিয় অভিনেতা সঞ্জীৱ শৰ্মাই। অন্যান্য চৰিত্ৰত অভিনয় কৰিছে মোহময়ী গীতাৱলী ৰাজকুমাৰী, ৰাজীৱ গোস্বামী, বেহাৰবাৰী আউটপোষ্টৰ কে.কে. খ্যাত সিদ্ধাৰ্থ শৰ্মা, দিগন্ত মজুমদাৰ, মহেশ বৰা, নীৰেন শৰ্মা, অসীম শৰ্মা, সীমান্ত ফুকন, অঞ্জলি মহন্ত, স্নিগ্ধৰাণী বৰুৱা, ক্ষীৰেশ্বৰ বৰা, ধৰ্মেন্দ্ৰ বৰবৰুৱা, ৰিজু বৰুৱা, মুক্তাৰুল হুছেইন, প্ৰকাশ বৰপূজাৰী, প্ৰশান্ত হাজৰিকা, নৱদ্বীপ শইকীয়া, সিদ্ধাংকু অংকুৰ বৰুৱাকে আদি কৰি বহুতো ন-পুৰনি শিল্পীয়ে। উল্লেখ্য যে, ‘কৃষ্ণচূড়া’ৰ পাছত সম্পূৰ্ণ পঁচিশ বছৰৰ বিৰতিৰ মূৰত তপন দাস আৰু গীতাৱলী ৰাজকুমাৰীক এইখন ছবিত দৰ্শকে একেলগে দেখা পাব। ছবিখনত দৃশ্যগ্ৰহণ কৰিছে অসমৰ বিশিষ্ট চিত্ৰগ্ৰহণকাৰী প্ৰদীপ দৈমাৰীয়ে। ছবিখনত সংগীত পৰিচালনা কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্না শিল্পী তৰালি শৰ্মা, জুবিন গাৰ্গ, জয়ন্ত কাকতি, অজয় ফুকন আৰু¸ দৰ্শনে। ছবিখনৰ আৱহ সংগীত পৰাণ বৰকটকী (জ’জ)ৰ। সম্পূৰ্ণ বাণিজ্যিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা ছবিখনত বাণিজ্যিক দিশৰ লগতে এখন সুন্দৰ বিষয়বস্তুৰ মননশীল ছবি অসমবাসী ৰাইজক উপহাৰ দিব বুলি কাহিনীৰ, পৰিচালক আৰু প্ৰযোজকপক্ষই জানিবলৈ দিয়ে। এই নিৰ্বাচনৰ বতৰতে অৰ্থাৎ ৰঙালী বিহুৰ আগে আগে ছবিখন অসমবাসী ৰাইজলৈ আগবঢ়াই দিব বুলিও প্ৰযোজকপক্ষই জানিবলৈ দিয়ে।