মুক্তিৰ বাবে সাজু অৰ্জুন (মিতালী দাস) – Purbodix.com

মুক্তিৰ বাবে সাজু অৰ্জুন (মিতালী দাস)

দৰ্শকৰ অপেক্ষাৰ অন্ত পেলাই শীঘ্ৰে মুক্তি লাভ কৰিব নতুন অসমীয়া চলচ্চিত্ৰ “অৰ্জুন”। অসমীয়া চলচ্চিত্ৰপ্ৰেমীৰ বাবে এই প্ৰত্যাশাৰ বাৰ্তা কঢ়িয়াই আনিছে বিদ্যা ফিল্মছে। গণেশ তামুলীয়ে প্ৰযোজনা কৰা এই ছবিখনৰ কাহিনী, চিত্ৰ্যনাট্য, সংলাপ আৰু পৰিচালনা ৰজনী বৰ্মনৰ। ‘পৃথিৱীৰ উপজীৱ্য প্ৰত্যেক বিধ সম্পদ ইটোৱে সিটোৰ পৰিপূৰক সেই কথা আমি সকলোৱে অৱগত। যেনে মানৱ জাতি জীয়াই থাকিবলৈ গছ-গছনি তথা অৰণ্য আমাক লাগিবই। অৰণ্য থাকিলেহে মানৱ জাতি জীয়াই থাকিব। গতিকে অৰণ্যখন সদায় সেউজীয়া কৰি ৰখাৰ দায়িত্ব আমাৰ। বিশ্ব বিৰল এশিঙীয়া গঁড় অকল অসমতে পোৱা যায়। এই সম্পদ সুৰক্ষা দিয়াৰ দায়িত্ব প্ৰতিজন অসমীয়াৰ। অৰণ্য আৰু এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ স্বাৰ্থত গণেশ তামুলী আৰু ৰজনী বৰ্মনে নিৰ্মাণ কৰা এই বহুল চৰ্চিত ছবিখনৰ মূল বিষয়বস্তু safe rhino safe forest। চিনেমাখনৰ নায়ক হৈছে এটা হাতী। যাৰ নাম অৰ্জুন। অৰ্জুনে যেনেকৈ কুৰুক্ষেত্ৰত যুদ্ধ কৰি শত্ৰুক বিনাশ কৰিছিল ঠিক তেনেকৈ অৰ্জুন নামৰ হাতীটোৱে অৰণ্যৰ চোৰাং চিকাৰীক হত্যা কৰি অৰণ্য ৰক্ষা কৰাৰ এক গধুৰ দায়িত্ব গ্ৰহণ কৰিছে। ছবিখনৰ সহঃপ্ৰযোজক গণেশ প্ৰসাদ। 

সংগীত পৰিচালনা কৰিছে অনন্ত বেজবৰুৱাই। ছবিখনৰ সম্পাদনা শ্যামল দাস আৰু প্ৰডাকচন কণ্ট্ৰোলাৰৰ দায়িত্ব পালন কৰিছে জয়ন্ত বৰুৱা (পাপু)। ইতিমধ্যে ছবিখনে প্ৰিমীয়াৰ শ্ব’ত দৰ্শকৰ পৰা ভূয়সী প্ৰসাংশা লাভ কৰিবলৈ সক্ষম হৈছে। অতি শীঘ্ৰেই অসমৰ সকলো প্ৰান্ততে ছবিখনে মুক্তি লাভ কৰিব। ছবিখনত বৰেণ্য অভিনেতা নিপন গোস্বামী, অতুল পাঁচনি, পৰাণ কমল, বিকি, পল ফুকন, হিৰণ্য দাস, টুনটুন শইকীয়া বৰ্মন, যতীন খনিকৰ, কৃষ্ণা কল্যাণী, প্ৰকাশ মেধি, তপন শইকীয়া, তৰুণ বৰুৱা, ইন্দ্ৰজিত কোঁৱৰ, নিতিশৰঞ্জন দাস, অজিত ৰাজবংশী, ৰাহুল শৰ্মা, জিতা গগৈ, পুষ্প মিচং, আমজেদ হুছেইন, চিৰাজুল হক, অৱনী বৰ্মন, মাইনু গগৈ, অজন্তা বৰুৱা, তনয়া নন্দী, দীপ্তি তামুলী শৰ্মা, পাপৰি বৰা, মনীয়া শইকীয়াৰ লগতে শিশুশিল্পী দিয়া বৰ্মন, শ্ৰেয়া বৰ্মন, দীছাশ্ৰী বৰ্মন আৰু বৰষা দাসে অভিনয় কৰিছে। কেৱল চিত্ৰগৃহতেই নহয় আমাৰ ৰাইজৰ সুবিধাৰ্থে ছবিখন গাঁৱে ভুৱে সকলোতে প্ৰদৰ্শন কৰাৰ সু-ব্যৱস্থা ৰাখিছে বিদ্যা ফিল্মছ পৰিয়ালে।

Leave a Reply

Your email address will not be published. Required fields are marked *