by Arup Kakoti
পৃথিৱীৰ প্ৰতিটো জাতি জনজাতি নিজস্ব ভাষা সংস্কৃতিৰে চহকী। ঠিক তেনেকৈ ভাৰতৰ পূবে অৱস্থিত অসমখনো ভাষা সংস্কৃতিৰ দিশত চহকী দেশ। আৰু এই অসমৰে জাতীয় উৎসৱ বিহু।
বিহু শব্দটো ক’ৰ পৰা আহিছে বা তাৰ অৰ্থ যিয়েই নহওক কিয় শব্দটোয়েই বৈশিষ্ট্যময়। সৰ্বসাধাৰণৰ বাবে বিহু হৈছে কৃষিৰ সৈতে জড়িত এটি উৎসৱ। ভাৰতৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত অসমৰ জাতীয় উৎসৱ হৈছে বিহু। শুকান ঋতুৰ পিছত মেঘৰ গাজনিৰে আৰু বাৰিষাৰ আগমনে পৃথিৱীৰ বুকু জীপাল কৰি তোলে। আৰু প্ৰকৃতি উৰ্বৰা হৈ উঠে তেতিয়াই ৰাইজে তাত কঠীয়া সিঁচে। অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে ভৰা। ইয়াৰ ভৌগোলিক জলবায়ু যেনেকৈ ভিন্ন তেনেকৈ প্ৰতিটো জাতি জনজাতিৰ কৃষ্টি-সংস্কৃতি ভিন্ন। বিহুৱে এই ভিন্ন কৃষ্টি-সংস্কৃতিক একতাৰ ঢোলেৰে বান্ধি ৰাখিছে নামেৰে ও স্বকীয় বৈশিষ্ট্যৰে। বিহুক বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ধৰণে পালন কৰিলেও সাধাৰণ অৰ্থত বিহু বিহুৱেই। ই কৃষিভিত্তিক উৎসৱ য’ত ৰং ৰইচেৰে খেতি কৰ্মত উদ্যমেৰে লাগিবলৈ উৎসাহিত কৰে।
বিহু প্ৰথমে কাৰ উদ্ভাৱন বা কেনেধৰণৰ হব লাগে সেই লৈ বাকবিতণ্ডা কৰাতকৈ সকলো জাতি জনজাতিৰ বৈশিষ্ট্যক সাঙুৰি আগবাঢ়ি গলেহে জাতিটো একগোট হ’ব। আচলতে বিহুত বিভিন্ন জাতি জনজাতিৰ সংস্কৃতি সানমিহলি হৈ এক হৈ পৰিছে।
এটা সময়ত বিহু আছিল ৰজাঘৰীয়াৰ উৎসৱ। ৰজাক সন্তুষ্টিৰ বাবে ৰাইজে বিভিন্ন ধৰণৰ গীত মাত পৰিৱেশন কৰে। যেনেকৈ কোঁচৰজাৰ দিনত বহু কবি মহাকবিয়ে ৰজাৰ প্ৰশস্তি গীত গাইছিল। ৰজাক লৈ গোৱা গীতৰ ভিতৰত “স্বৰ্গদেউ ওলালে বচৰাৰ মুখলৈ ঢুলীয়াৰ মুখলৈ চাই কাণতে জিলিকিলে নৰাৰ জাংফাই গাতে গোমচেংৰ চোলা।” এটা সময়ত ৰজা নোহোৱা হ’ল। অসমলৈ ইংৰাজ আহিল, মান আহিল, মোগল আহিল, আৰ্য্য, অনাৰ্য্য, মংগোলীয়া আহিল কিন্তু বিহু বিহুৱে হৈ ৰৈ গ’ল। অসমলৈ সময়ত বাৰিষা আহিবই, মাটি জিপাল হ’ব, ফচল সিচিব। সময়ত লখিমী চপাব আৰু তাৰ সৈতে জড়িত হৈ থাকিব ৰং ৰইচেৰে আমাৰ বিহুটি। আগৰ দিনত জ্যেষ্ঠজনে কৈছিল ডেকা গাভৰুসকলে বিহু নৃত্য কৰোঁতে ভৰিৰ স্পৰ্শত ধৰিত্ৰীয়ে প্ৰাণ পাই উঠে। লোক বিশ্বাস যিয়েই নহওক বিশ্বাসৰ ওপৰত বিহু ৰচনা নহয়। বিহুৰ ধাৰণা দিবলৈ কোনো জ্যামিতিক সজঁুলিৰ বা ব্যাকৰণৰ প্ৰয়োজন নাই। ই হৃদয়তে উঠে হৃদয়তে ফুলে।
তিৰ্বত, বাৰ্মিজ, বড়ো, মিচিং, চুতীয়া, মৰাণ, মটক, কছাৰী, ডিমাছা, তিৱা, ৰাভা আৰু টাই সকলে বিহুক বৈছাশু, আলি আই লৃগাং, বিছু, বুচু, বিছুৱা, দোমাহী, পয়হু, পিহু আদি বিভিন্ন নামেৰে নামকৰণ কৰে। এই সকলোবোৰ উৎসৱ বসন্তকালীন আৰু কৃষি ভিত্তিক।
তেনে এক জনগোষ্ঠী হ’ল মৰাণ সকল। ইতিহাসে কয় মৰাণ সকল চীন দেশৰ চিন্দুইন উপত্যকাৰ পৰা প্ৰৱজন হৈ আহি শদিয়াত থিতাপি লৈছিল।
তেওঁলোকৰ বিহুৰ স্বকীয় বৈশিষ্ট্য আছে। তেওঁলোকে চ’তত বিহু পাতিছিল পূৰ্বতে। মঙ্গলবাৰে উৰুকা, বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰৰ পৰা মানুহ বিহু। তেওঁলোকে বাৰটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে। সেইয়ে বিহু গীতত গায় – “হাঁচতি ঐ চ’ত, বিচতি ঐ চ’ত।
বুধে বিৰচতি, মঙ্গলে উৰুকা।
বিহুগৈ আছিলি ক’ত•
প্ৰকৃতিৰ পৰিৱৰ্তনক অনুসৰণ কৰি আৰু জোন ওলোৱাৰ সময়ত সৈতে মিলাই ব’হাগৰ প্ৰথমটো বুধবাৰ গৰু বিহু বুলি লৈ সাতদিন সাতৰাতি বিহু পালন কৰে। মৰাণ ডেকা গাভৰুৱে চ’তৰ জোনক সাক্ষী কৰি বিহুৰ এপষেকৰ আগৰে পৰা বিহু নাযায়। যদি সেই সময়ত কোনোবাই যুৰীয়া জীৱনৰ সপোন ৰচনা কৰে তেন্তে বিহু সামৰি ব’হাগৰ ন পানীৰে গা ধুই যুৰীয়া জীৱনৰ পাতনি মেলিব পাৰে। এই ঐতিহ্য পুৰণি দিনৰ পৰা চলি অহা।
মৰাণ ডেকা গাভৰুৱে বিহু গাবৰ বাবে গৰু বিহুৰ দিনাই “বিহু ঘৰ” সাজে। দুই কোঠালিৰ ঘৰটোত চ’তিৰে মাজত ভাগ কৰা হয়। এই বিহু ঘৰক ‘বিহু খোলা” বুলিও কোৱা হয়। গাঁৱৰ আওহতীয়া ঠাইত গুটি লগা গছৰ তলত জেঙু গছৰ পাতেৰে চাওনিৰ ব্যৱস্থা কৰা হয়। কটকটীয়া নিয়মৰ মাজত শালীনতা বজাই ৰাখি ৰাতি বিহু গোৱাৰ নিয়ম। গুটি লগা গছৰ তলত কৰাৰ কাৰণে আছে। ভবা হয় গুটি লগা গছৰহে বংশ বৃদ্ধি হয়। আৰু প্ৰেম পিৰিতিৰ গীতেহে বসুমতীৰ প্ৰজনন বঢ়াব পাৰে। নহ’লে ভাল ফচল আশা কৰিব নোৱাৰি। ইয়াৰ এটাত ডেকাই আনটোত গাভৰুৱে বিহু গায়। একে গাঁৱৰ ডেকাই একেখন গাঁৱৰ ছোৱালীক নচোৱাৰ নিয়ম নাই। ছোৱালীয়ে তামোল-পান আগবঢ়াই ডেকাৰ সৈতে চিনাকি হয়। আৰু বিহু গাবলৈ গাভৰুৰ মৰমৰ টকাটো আগবঢ়াই দিয়ে। টকাৰে ডেকাই টকটকাই বজাই বিহুগীত জুৰে আৰু গাভৰুক নচোৱাই। ডেকাই গাভৰুৰ মন পাবলৈ গায় “ৰাতি সোমজীয়া যামে তোৰ ঘৰলৈ সাৰে পাই থাকিবি শুই লাহেকৈ উঠিবি ফুমাৰি জ্বলাবি ফলিয়া তুঁহৰে জুই।”
গাভৰুৱে গায়
“ৰাতি সোমজীয়াত নাহিবি চেনাইটি কেকায়ে পাবহি দেখা
ভুঁইৰে টঙিতে অকলে থাকোঁতে হেদাঙে হেদাঙে যাবি।”
গাভৰুৱে টকাটো ডেকাৰ হাতত দিলে গায়
“অতি মৰমৰ টকাটি দিলাহি
বিহু নাম গাবলৈ বুলি
গাবও নাজানোং বাবও নাজানোং
নাহাঁহাবি অকৰা বুলি”
ৰাতি বিহু গাবলৈ ডেকা গাভৰুৱে আলোচনা কৰি দিনবাৰ ঠিক কৰে। গাভৰুসকলক নচোৱাবলৈ নিবলৈ অভিভাৱকৰ পৰা অনুমতি লোৱা হয়। ডেকাসকলৰ দলপতিয়ে চুবুৰীয়ে চুবুৰীয়ে দলপতি পাতি দিয়ে আৰু সেই দলপতিয়ে তামোল পান বটা লৈ অভিভাৱকৰ পৰা ৰাতি বিহুৰ বাবে গাভৰুক খুজিবলৈ যায়। অভিভাৱকে ছোৱালীৰ দায়িত্বলৈ পালন কৰিব পাৰিব নে নাই সোধে। ডেকাসকলে দৃঢ়তাৰে কথা দিয়ে। অভিভাৱকে পুনৰ সুধে যদি নোৱাৰে• ডেকাসকলে পুনৰ নিৰ্ভয় দিয়ে তেতিয়া অভিভাৱকে দলপতিক সাক্ষী কৰি ছোৱালীজনীক ৰাতি বিহু গাবলৈ অনুমতি দিয়ে।
গোটেই ৰাতি জোনৰ জোনাকত নাচবাগ কৰাৰ পিছত পুৱা ডেকাসকলে গাভৰু সকলক অভিভাৱকৰ ওচৰত গতাই দিয়ে। ধৰ্ম হুচৰি-মৰাণসকলৰ সাংস্কৃতিৰ অনবদ্য অংগ। মৰাণ সকলে বৈষ্ণৱ ধৰ্মৰ লোৱা পৰা ধৰ্মই প্ৰসাৰতা লাভ কৰে। ধৰ্ম হুঁচৰিৰ যোগেদি বিহুৰ সৈতে ধৰ্মৰ যে ওচৰৰ সম্পৰ্ক আছে সেই কথা জানিব পাৰি। এই হুঁচৰি সত্ৰৰ পৰা খুজি আনি প্ৰণালীবদ্ধভাৱে গাঁৱৰ প্ৰতি ঘৰতে গাই পুনৰ সত্ৰত উভতাই দিয়া হয়। গীতপদ সমূহ ধৰ্মীয় ভাব থকা। বিহু উৰুৱা –
এই দিনটো মৰাণ সকলৰ উল্লেখযোগ্য দিন। ডেকা গাভৰুৰ মন উলাহে নধৰা হয়। নামঘৰ বা সত্ৰত বিহু উৰুৱা পতা হয়। সোনকালে ভাত পানী খাই সেইদিনা বিহু খোলালৈ যায়।
“বিহু গৈ পালেগৈ বাৰবাঁহৰ বাট
হুৰাই ল সাপৰ কলপ
বিহু থৈ আহোগৈ কাকতলত”
গাভৰুৱে গায়
“বগাকৈ বগলী ক’লাকৈ কেশ
আমাৰ বিহুখনি আজিৰ পৰা শেষ”
শেষত বিহুতলীৰ পৰা বিহুগীত গাই গাই শোভাযাত্ৰা কৰি সত্ৰ বা নামঘৰলৈ যায়। তাতে ভকতৰ সন্মুখত আঠু লৈ বিহুৰ আনুষ্ঠানিক সামৰণি মাৰে।
মৰাণসকলৰ দৰে নৈপৰীয়া জনগোষ্ঠীৰ লোক দেউৰীসকলে ৰঙালী বিহুক বিচু উৎসৱ হিচাপে পালন কৰে। বুধবাৰৰ পৰা এই উৎসৱ পালন কৰা হয়। দেওধনীয়ে দেওশালৰ মজিয়াত নৃত্য কৰাৰ পিছত ঘৰে ঘৰে বিহু গায়।
হাজেং সকলে আকৌ ব’হাগ মাহৰ আৰম্ভণিতে প্ৰকৃতিৰ সৈতে মিলাই কৃষিকৰ্মত লাগে। আৰু তেতিয়াই তেওঁলোকে বিষুৱা বা চৈত্ৰ সঙৰঙি উৎসৱ পালন কৰে। চ’ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনা ঘৰ দুৱাৰ মচি কাচি, ঘৰৰ সকলো বস্তু ধুই নিকা কৰি ধূপ ধূনা লগায়। সেইদিনা দৈ চিৰা আৰু বুকনি ভাত খায়। সেইদিনা ১০১ বিধ শাক ৰান্ধি খোৱা প্ৰায় প্ৰতিটো জনগোষ্ঠীৰ লগতে হাজং সকলৰো নিয়ম। গৰুক গা ধুৱাই ৰাতিলৈ নতুন পঘা পিন্ধোৱা আৰু যাক দিয়া বিহুৰ এটা নিয়ম।
তিৱা সকলেও জাকজমকতাৰে বিহু উৎযাপন কৰে।
ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ “ফাট” ম’হঘূলি চাপৰিত ষোল্ল শতিকাৰ পৰাই অনুষ্ঠিত হৈ অহা বিহু। আহোম ৰাজত্বকালত স্বৰ্গদেউ সকলে নৈৰ পাৰৰ একোডোখৰ ঠাইত বেহাবেপাৰ কৰিবলৈ সুবিধা কৰি দি ফাট বহুৱাইছিল। উত্তৰ অসমৰ ঢকুৱাখনাতো এনে ফাট বা হাট বহিছিল আৰু কৰ কাটল লোৱা হৈছিল। চাৰিকড়ীয়া নৈৰ ফাট বা ঘাটতেই পূৰ্বতে বহাগৰ সাত বিহু যোৱাৰ পিছত ঢকুৱাখনাৰ কেইবাটাও জনগোষ্ঠীৰ লোকে একেলগ হৈ বিহু মাৰিছিল।
অসমৰ কছাৰীসকলে বহাগ মাহৰ আৰম্ভণিতে বিহু উৎসৱ পাতে। বিহুৰ আগদিনাই গৰু গাইক ধুৱায়। এই উৎসৱক তেওঁলোকে বৈশাগু বুলি কয়। দ্বিতীয় দিনা বাথৌ পূজা কৰে। পাঁচ ঠেঙুলি থকা সিজুগছ হ’ল মহাদেৱৰ প্ৰতীক। বিহুৰ তৃতীয় দিনা গাভৰু ছোৱালী বিলাকে ফুলপাতৰ মালা গুঠি বুঢ়ী মানুহৰ ডিঙিত, কাণত, বাহুত আৰু ভৰিত পিন্ধায়।
আৰু গায় –
এলেং পেলেং ৰাসুতাৰ চেলেং।
হয় নেকি নহয়ে হয়ে লো হয়া’
নেফাৰ আদি সকলে উইং উৎসৱ বিহুৰ সৈতে প্ৰায় একেই। তেওঁলোকেও এই উৎসৱ এসপ্তাহ দিন ধৰি পাতে। মেথোনক নতুন পঘা পিন্ধোৱা, কপৌফুল উপহাৰ দিয়া, ডাঙৰক সেৱা-শুশ্ৰষা কৰা, আশীৰ্বাদ দিয়াবোৰ আমাৰ বিহুৰ সৈতে একেই। নৃত্যগীত এওঁলোকৰ উৎসৱৰ প্ৰধান অঙ্গ।
ফাগুনৰ প্ৰথমটো বুধবাৰৰ পৰা মিছিং সকলে আলি আই লিগাং উৎসৱ পালন কৰে। ইয়ো এক প্ৰকাৰৰ বিহু। ইয়ো কৃষি ভিত্তিক উৎসৱ। শস্য উৎপাদনৰ বাবে মিছিং ডেকা গাভৰু নাচি পুৰণাক বিদায় দি নতুনক আদৰে।
ডেকা গাভৰুৱে গায়।
“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়”
মিৰি ডেকা-গাভৰুৱে সমস্বৰে ধৰিলেঃ-
“দৰমিসি তুলায় ঐ তিৰমেকে তিৰমাঙায়
অকবে কম্বং আপুনে ৰেয়েপে ৰেয়াবায়”
আৰু গায়
“চৰাই মনেমতি শুয়ুৰি মাৰিলে –
কোটায়ি বেঙেনাৰ তলত।
কিনো দায়ে জগৰ লগালো চেনেঙ ঐ
নামাতে গদুলি পুৱা।”

বিহুগীত গাই ডেকা গাভৰুৱে নাচে
ৰনৈ চুমলি পৃণদুঃবঃ
পৌদং আচি পাঃ মালা
ঙককৌ আচিন পৃনদুঃবঃ
অইনক অগম পাঃ মালা
অসমীয়া বিহুগীতত বৰনৈ শুকাইছে
পানীৰে বেজাৰত
দিচাংনৈ শুকাইছে কিয়•
মই চেনাই শুকাইছো তোমাৰে বেজাৰত
তুমিনো শুকাইছা কিয়•
বড়োসকলেও বিহু উৎসৱ পালন কৰি
আহিছে।
তেওঁলোকে বিহুতে গায় –
বাৰী খোনানি খাসি জোৰ আৗ আদা মুলুক ছিংখাওনালৈ
নাই বায় আং
নাং খলৌ আঙী সেন নৌজৌৰ।
অসমীয়াত উজাই চালো মই ভতিয়াই চালো মই তোৰ সমান ধুনীয়া নাই।
প্ৰেয়সীৰ ৰূপৰ বৰ্ণনা এই বড়ো বিহুগীতসমূহত সুন্দৰভাৱে প্ৰতিফলিত হৈছে। বিবাৰ বিবাৰ গেওলাং
হাৰ্ছিঙৈ বাৰানৈ ৰহায় লাংবায়
জৌংনি বৈসৌ আবৌ ৰাগোলাং বায়
জৌংলনি বৈসৌআবৌ ৰাগোলাং বায়।
হে পূৰ্ণবিকাশত ফুল, অকলে মৰহি যাব লাগিছে। আমাৰ পূৰ্ণ যৌৱন, বয়সো তোমাৰ দৰে উৱলি যাব লাগিছে। অসমীয়াত “কেলেই ফুলিলি ৰূপহি মদাৰ ঐ… থাক তল ভৰি সৰি”। আকৌ “ যৌৱন গলে পাবলৈ নাই” ইত্যাদি।
নেফাৰ ৱাংচু নগাসকলৰ লাকু উৎসৱ, কুকি সকলৰ এৰেম উৎসৱ, ৰাভা সকলৰ বৈথু উৎসৱ আচলতে কৃষি ভিত্তিক উৎসৱ। এইবিলাক উৎসৱত ডেকা গাভৰুৱে প্ৰাণধালি নাচ গান কৰে।
চিটাগঙ্গৰ চাকমা সকলে বিহুৰ দৰে বিষু উৎসৱ পালন কৰে। দাক্ষিণাত্যৰ নায়াৰ সকলে নতুন বছৰত এই উৎসৱ পালন কৰে। আৰু তাৰ নাম দিয়ে বিষু। মালায়ালিসকলৰ বিষু উৎসৱ এপ্ৰিল মাহত পাতে ঠিক আমাৰ কৰে । চ’তৰ সংক্ৰান্তিৰ দিনাই এই উৎসৱ আৰম্ভ হৈ গোটেই মাহটোৱেই থাকে। নেপালতো বিহুৰ দৰে উৎসৱ পালন কৰা হয়। প্ৰচলিত বিহু সমূহক একটাৰ ঢোলেৰে বান্ধি নগৰ মুখী কৰিবলৈ প্ৰচেষ্টা কৰা হ’ল। এই মহান উদ্দেশ্য আগত ৰাখি বিহু ৰূপায়ণ কৰিবলৈ যাওঁতে সকলো প্ৰচেষ্টা বিকৃত কৰি পেলালে। নিসন্দেহে বিহু শব্দটো ব্যাপক ভাৱে প্ৰচাৰমুখী হ’ল। কিন্তু বিহু আৰু বিহু হৈ নাথাকিল। বাহ্যিকতাই সৰ্বগ্ৰাহী ৰূপলৈ বিহুৰ ঐতিহ্য আৰু পবিত্ৰতাক গ্ৰাস কৰি পেলালে।