মই কেনেকৈ মোৰ সন্তানক সিদ্ধান্ত লবলৈ শিকাইছিলো (ৰীতা চৌধুৰী) – Purbodix.com

মই কেনেকৈ মোৰ সন্তানক সিদ্ধান্ত লবলৈ শিকাইছিলো (ৰীতা চৌধুৰী)

মই বিচাৰিছিলোঁ মোৰ ল’ৰা ছোৱালী দুজনে প্ৰশ্ন কৰিবলৈ শিকক। দোমোজাত থিয় হৈ আনৰ মুখলৈ চাই থকাতকৈ নিজেই সিদ্ধান্ত ল’বলৈ শিকক। সন্তানক ডাঙৰ কৰোতে নাজানি অনেক ভুলো কৰিছোঁ। কামবোৰ সৰু সৰু। মই মাহত এবাৰ ডিপাৰ্টমেণ্টেল ষ্টোৰ এখনলৈ ঘৰৰ বাবে মাহটোৰ বজাৰ কৰিবলৈ যাওঁ। প্ৰয়োজনীয় বস্তুবোৰ কিনা হোৱাৰ পিচত বিস্কুটৰ চেকছনলৈ যাওঁ। তেওঁলোকক কওঁ – কি কি বিস্কুট লাগে লৈ লোৱা। তেওঁলোক সৰু সৰু, বৰ ভাল পায়। মন দি চাই চাই ভালপোৱা বিস্কুট কেই পেকেটমান কিনো সৰু ল’ৰা-ছোৱালীৰ টুথব্ৰাছ আদি প্ৰয়োজন হ’লে ল’বলৈ দিওঁ। তেওঁলোকে ভাবি চিন্তি ভালপোৱা ৰঙৰ বস্তুবোৰ বিচাৰি লয়।
এইটো কৰিলে এইটো দিম বুলি কেতিয়াও প্ৰতিশ্ৰুতি নিদিও। তেওঁলোকে যদি কয় এই কামটো এই বস্তুটো দিলেহে কৰিম মই নিৰ্বাকাৰভাৱে কৈ দিওঁ কৰিব নালাগে। কোনো দাবীৰ বিপৰীতে একোৱেই কেতিয়াও নিদিও।

ঘৰৰ বাবে যদি কিবা কাম কৰোঁ, ক’ৰবলৈ যদি ফুৰিবলৈ যোৱাৰ কথা ওলায়– মুঠতে তেওঁলোকে বুজি নোপোৱা সংসাৰৰ কথাবোৰৰ বাহিৰে সকলো কথাত আলোচনা কৰোঁ। তেওঁলোককেই সিদ্ধান্ত ল’বলৈ দিওঁ। ভুল কৰা যেন দেখিলে নিজৰ মতামত আগবঢ়াওঁ। কেতিয়াবা দৃঢ় ভাৱে জনায়ো দিওঁ যে এইটো বিষয়ত মোৰ জ্ঞান আৰু অভিজ্ঞতা বেছি – মোৰ কথা সেয়ে মানি লোৱা উচিত। মই সাধাৰণতে পৰস্পৰবিৰোধী কথা নকওঁ, পৰস্পৰবিৰোধী কামো নকৰো। কেতিয়াবা কেনেবাকৈ আগতে কৰা কাম বা কথাৰ বিপৰীত কিবা কৰিলে তেওঁলোকে আত্মবিশ্বাসেৰে যুক্তিৰে আঙুলিয়াই দিলে মোৰ যুক্তি থাকিলে দিওঁ নহ’লে ভুলটো মানি লওঁ। যুক্তি খুব কম কথাতেই দিব নোৱাৰো। মই নিজৰ কথা আৰু কামক লৈ বৰ সচেতন। আজি কেইটামান কথা ক’লো। সৰু সৰু এনে কথা আৰু বহুত আছে। ক’ম কেতিয়াবা। বহুতে কয় যি খোজে তাকেই আনি দিলে বেয়া হয়। হয় কথাটো মই এটা অন্য বাট লৈছিলোঁ– কিবা লাগে বুলি ক’লে কিয় লাগে তাৰ যুক্তিও লগতে দিবলৈ উৎসাহ দিওঁ। নিদিয়াকৈ নাথাকো যদি দিব পাৰোঁ। হেপাহঁবোৰ আধৰুৱা কৰি ৰাখিবলৈ সত নাযায়। বেলেগ বেলেগ বয়সৰ বেলেগ বেলেগ হেপাহ। বয়সবোৰতো আৰু উভতি নাহে। কিন্তু লগতে তেওঁলোকক মই মাজে মাজে খেলনা, চিডি আদি দোকানলৈ লৈ যাওঁ। কেতিয়াবা কওঁ– মোৰ হাতত আজি কিনিবলৈ দিব পৰাকৈ তিনিশ বা দুশ টকা আছে। এইখিনিৰে ভিতৰত লোৱা। তেওঁলোকে বহুত ভাবি-চিন্তি কিনে বা কেতিয়াবা নালাগে বুলি কয়। কেতিয়াবা কওঁ মোৰ লগত আজি তোমালোকৰ যি ভাল লাগে কিনিব পৰাকৈ পইচা আছে। কিবা লাগে যদি লোৱা। তেতিয়াও তেওঁলোকে কিনিম বুলি উবুৰি খাই নপৰে। ভাবি-চিন্তি লয়। মই কেতিয়াওঁ মিছা নকওঁ। তেওঁলোকক পৰিয়ালৰ সদস্য হিচাপে মৰ্যাদা দিওঁ। মতামতক সন্মান জনাওঁ। আলোচনা কৰো। বিতৰ্ক কৰোঁ। বিভিন্ন বিষয় বাচি লৈ তেওঁলোকৰ মতামত জানিব বিচাৰোঁ। তেওঁলোকে কেতিয়াও লাগিবই বুলি জেদ কৰি পোৱা নাই। অভাৱতো সহজ হৈ থাকে, প্ৰাচুৰ্যতো সহজ হৈ থাকে।
~ ৰীতা চৌধুৰী ~

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *