
গণতান্ত্ৰিক বাক্-স্বাধীনতাৰ আলমেৰে ব্যক্তি আৰু ৰা©ª সংঘাতে মৌলিক অধিকাৰক ভেঙুচালি কৰিছে।
বাক্ স্বাধীনতা বা বাক্ আৰু অভিব্যক্তি স্বতন্ত্ৰতা বুলিলে আমি ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৯(১) (ক) ত লিপিবদ্ধ সংবিধানিক অধিকাৰৰ দিশটো প্ৰধানকৈ উল্লেখ কৰিব পাৰোঁ। ব্যক্তিৰ বাক আৰু অভিব্যক্তি স্বতন্ত্ৰতা সাংবিধানিক হ’লেও অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত–
১। সাংবিধানিক ভাবেই বাধা আৰোপ;
২। আইনী বাধা, কঠোৰ অৰ্ধকঠোৰ নিয়ম আৰু অনুশাসন;
৩। ন্যায়ালয়ৰ পৰ্য্যবেক্ষণ আৰু নিৰ্দেশনাৰ দিশ সমূহ সমভাবেই সাঙোৰ খাই আছে।
ব্যক্তিৰ অভিব্যক্তি স্বতন্ত্ৰতাই উদ্দেশ্যহীন নীতিহীন আৰু আদৰ্শহীন মতপ্ৰকাশক পূৰ্বৰ পৰাই যুক্তিসংগত ভাবে বাধা আৰোপ কৰি আহিছে। লগতে সুষ্ঠ বাতাবৰণ বাহক মত-চিন্তা-বাক স্বতন্ত্ৰতাক বিধি প্ৰবৰ্তনৰ দ্বাৰা বা পূৰ্বে প্ৰবৰ্ত্তিত নিয়মৰ দ্বাৰা সন্মান স্থান আৰু স্বীকৃতি প্ৰদান কৰি আহিছে।
অনলাইন বাকস্বাধীনতা বা অভিব্যক্তি স্বতন্ত্ৰতা ভাৰতীয় নাগৰিক সকলক সাংবিধানিক ভাবে প্ৰদান কৰা অন্য এক আনুষ্ঠানিক আইনী ডিজিটেল সংস্কৰণ বুলি অভিহীত কৰা হয়। ডিজিটেল মাধ্যমত প্ৰকাশ আৰু সংস্কৰণৰ সৈতে বা এই সংস্কৰণক আনুষ্ঠানিক আইনীভাবে – (ক) মানৱ অধিকাৰ;
(খ) গণসংযোগ মাধ্যম আৰু অধিকাৰ;
(গ) ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় দ্ৰুত মত বিনিময়ৰ আহিলা আৰু অধিকাৰ হিচাবে অভিহিত হয়। যাক ‘ডিজিটেল ৰাইটচ্’ হিচাবে আইন আৰু ন্যাযালয়ৰ দ্বাৰা প্ৰতিপালিত। পিছৰ পয্যায়ত ‘ডিজিটেল ৰাইটচ্’ক সামাজিক মাধ্যমৰ দ্বাৰা প্ৰচাৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা দিনৰে পৰাই বহু ক্ষেত্ৰত মত-প্ৰকাশৰ ধাৰাটোৱে সহজ-সৰল গতি ল’লেও ইয়াৰ সৈতে বাৰেভুচহু-বেবেৰীবাং মত নাগৰিকৰ বাক স্বাধীনতাৰ অন্য এক অনাকাংশিত দিেশা উন্মোচিত হ’ল। উল্লেখ কৰা ভাল ডিজিটেল মাধ্যম আৰু গণসংয়োগ আজিৰ নতুন বিষয় নহয় সোতৰ শতিকাতেই বহুল ভাবে প্ৰসাৰিত বৈজ্ঞানিক ন-দিশ আজি ই সৰল সংস্কৰণ। কিন্তু আজিৰ সামাজিক মাধ্যম (Youtube, twitter, Facebook) সমূহে ডিজিটেল মাধ্যম আৰু গণসংযোগত নতুন সংযোগ (media Law and mass.com Research তথ্যৰ আধাৰত)। বাকস্বাধীনতা আৰু অনলাইন বাকস্বাধীনতা, মত প্ৰকাশত (ভিন্ন মাধ্যমেৰে) সন্মানজনক দিশত সংবিধান, আইন আৰু আদালতৰ বাধানিষেধ বিদ্যমান। ইয়াৰ মূলতঃ সীমাহীন স্বাধীনতাৰ ‘বে-আইনী পাৰদৰ্শিতাক’ বাধা আৰোপ কৰা। সীমাহীন অভিব্যক্তি স্বতন্ত্ৰতাই ভয়-ভাবুকিৰ দিশটো (menaceing) ৰ লগতে অপৰাধমূলক (Offensive) দিশত বাৰুকৈ সাৰ-পানী যোগায়। সেয়ে আইন-আদালতৰ বাধানিষেধ অতিব প্ৰয়োজন।
ইয়াৰ সৈতে স্বাধীন ভাৰতৰ আইনী ব্যৱস্থাৰ সৈতে বহু ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আইন আৰু বাকস্বাধীনতাৰ দিশটো সৈতে মত বিৰোধ আৰু স্ববিৰোধী নীতি বা কৌশল চকুত পৰে। অনেক সময়ত স্বদেশ আৰু স্বজাতীয় ভূমি তথা ভৌগোলিক চাৰিবেৰত নিসিদ্ধ বুলি আইন আৰু বিধিৰ দ্বাৰা ঘোষিত মত-অভিমত আন্তঃৰাষ্ট্ৰীয় মঞ্চত সন্মানসূচক মত-আৰু বক্তব্য হিচাপে বিবেচিত হয়। সেয়ে বাকস্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতাৰ আন্তঃৰাষ্ট্ৰীয় নীতি বহু বেলেগ ইয়াৰ দেশৰ সংবিধান আৰু আইনৰ আওঁতাত উপলব্ধ নহয়।
হয় স্বাধীন সাৰ্বভৌম গণতান্ত্ৰিক দেশ এখনত ব্যক্তিৰ বাক স্বতন্ত্ৰতা সদাই সাংবিধানিক আৰু আইনৰ নীতিৰ গণ্ডিত হোৱাটো সামিচিন। অনেক সময়ত ব্যক্তিৰ বাক স্বাধীনতাত অ-সাংবিধানিক দিশ দোহাই দি আইনৰ অ-প্ৰয়োগ, অতি প্ৰয়োগ আৰু অপব্যাখ্যাৰ উদাহৰণ অনেক। সেই দিশৰ পৰা চালে দেশৰ সন্মানীয় নাগৰিক সমাজে বিশদ মত প্ৰকাশটো দূৰৰে কথা সাধাৰণ হয়- নহয় উচিত-অনুচিত আদি সাধাৰণ বিষয়ত মত প্ৰকাশৰ পৰা বিৰত থকাটো স্বভাৱত পৰিণত হৈছে। ইওঁ গণতান্ত্ৰিক দেশ এখনৰ বাবে চৰম পৰিতাপৰ বিষয়।
অসাংবিধানিৰ দিশ দোহাই দি আইনৰ অপ-প্ৰয়োগ আৰু ভুল ব্যাখ্যাৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ে Shreya Singhal v. Union of India গোচৰত ন্যায় প্ৰদান কৰি IT Act 2000 ৰ Section 66 (A) ক ৰ’দ কৰিছিল ২০১৫ চনতেই। Section 66(A)ত কোৱা হৈছিল Punishment for Sending offensive messages through “Communication Service” এই ধাৰণাৰ গয়না লৈ বহু ক্ষেত্ৰত এচাম ব্যক্তিয়ে ইয়াৰ অপ্ৰয়োগৰ দ্বাৰা ব্যক্তিৰ মত-প্ৰকাশ আৰু বাক স্বাধীনতাক অতি দমনৰ দ্বাৰা খৰ্ব কৰাই নহয় ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ১৯(১)(ক) বাক স্বাধীনতা-অনলাইন বাক স্বতন্ত্ৰতা আৰু মত প্ৰকাশৰ মৌলিক অধিকাৰকেই নস্যাৎ কৰি পেলাইছিল। সেয়ে ২৪ মাৰ্চ ২০১৫ চনত IT Act 2000 ৰ ধাৰা ৬৬(ক) দেশৰ উচ্চতম ন্যায়ালয়ে ৰ’দ (Struct down) কৰে।