
আজি বহু বছৰ হ’ল এই মাটিৰ সৈতে সাঙুৰ খাই পৰা, কিন্তু হেঁপাহ আজিও পলোৱা নাই। কিছু দিনৰ বিৰতিৰ মুৰত পুনৰ ওলাই পৰো এক অজান মুকুটাৰ সন্ধানত সেই একেই মেৰিনড্ৰাইভেদি, ফেনে ফুটুকাৰে অহৰহ পাৰ ধোৱাই থকা কলিংগ সাগৰৰ বিশাল ঢৌবোৰলৈ চাই চাই।
মোৰ আজিও মনত পৰে সাগৰৰ ঢৌবোৰক ৰূপালী ৰং সানি দিয়া সেই জোনাকী নিশাৰ কথা। পূৰ্ণিমাৰ জোনৰ পোহৰতে সাগৰৰ লুনীয়া পানীৰ স্পৰ্শত সেমেকি উঠা বালিত কথাৰ আঁৰতেই হাত বুলাই এক সুন্দৰ গৌতম বুদ্ধৰ মুখমণ্ডৰ তৈয়াৰ কৰি উলিয়াইছিল বিশ্বনাথ পাণ্ডই। কি অপূৰ্ব আছিল সেই দৃশ্য। মুখমণ্ডল প্ৰতিটো অংগই আছিল নিখুঁত। মাজ নিশা পাৰলৈ আগুৱাই অহা সামুদ্ৰি জল আৰু অহৰহৰ বলি থকা সামুদ্ৰি বায়ুৱে সেই বালি ছবিখনক নিঃচিহ্ন কৰিব পেলাব বুলি জানিও, তেওঁৰ নিজৰ সৃষ্টিশীল মনক স্তব্ধ নকৰি একান্ত মনে গঢ় দি গৈছিল। উৰিষ্যাত মই এটা কথা মন কৰিছো, ইয়াৰ চিত্ৰকলা, ভাস্কৰ্য কলাই হওঁক বা বলুকা শিল্পই হওঁক, প্ৰায় একেটা শৈলিৰে। এই ঠাইৰ পুৰণি মঠ-মন্দিৰত খোদিত হোৱা পাথৰৰ মূৰ্তি হুবহু ৰূপ পটচিত্ৰ কিম্বা বলুকা শিল্পটো দেখিবলৈ পোৱা যায়। স্বকীয় ভাস্কৰ্য কলাৰে গঢ় লৈ উঠা ইয়াৰ হাজাৰ বছৰ পুৰণি মন্দিৰ সমূহে অন্য ঠাইসমূহৰ দৰে নিজস্ব স্থাপত্য আৰ্হিৰে সগৌৰৱে আজিও থিয় হৈ আছে। কোৱা হয়, শিলত খোদিত কৰাৰ আগতে বা এজন নিপুণ চিত্ৰশিল্পী হোৱাৰ আগেয়ে নিজৰ হাতখনক পৰিপক্ক কৰি তুলিবলৈ শিল্পসকলে বালিৰ ওপৰত নিজৰ কল্পনাক আকাৰ দিয়াৰ প্ৰয়াস কৰে। ক’বলৈ গ’লে ভাস্কৰ্য কলা কিম্বা চিত্ৰকলাৰ মূল ভেঁটি হৈছে বলুকা কলা। আগৰ দিনত সমুদ্ৰ সৈকত সেমেকি উঠা বালিৰ মাজত চিত্ৰ তৈয়াৰ কৰা মানে নিজকে এজন সুদক্ষ ভাস্কৰ ৰূপে পৰিণত কৰাৰ প্ৰস্তুতি।
সূৰ্যোদয়ৰ আগে আগে পুনৰ সাগৰৰ পাৰে পাৰে বিচাৰি গৈছিলো গৌতম বুদ্ধৰ সেই মুখমণ্ডলক, কিন্তু তেতিয়ালৈ ৰৈ গৈছিল মাথো এখনি জহি-খহি যোৱা মুখমণ্ডলৰ অৱশেষ। বহু চেষ্টা কৰিলো সেই সুন্দৰ ৰূপ ঘূৰাই আনিবলৈ, কিন্তু মোৰ অপৰিপক্ক হাতেৰে সেয়া আৰু হৈ নুঠিল। বিশ্বানাথ পাণ্ডাক তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সেই গৌতম বুদ্ধৰ মুখমণ্ডল সৌন্দৰ্যক চেষ্টা কৰিও উভতাই আনিব নোৱাৰাৰ কথা কোৱাত, মানুহজনে হাঁহি হাঁহি মাত্ৰ এষাক কথাই ক’লে, ‘মেডাম, এয়া এদিন ফল নহয়, অধ্যৱসায় লাগে।’ সঁচাই, অধ্যৱসায়ৰ বলতেইটো মানুহজনে ইমান দিনৰ বিৰতিৰ মূৰতো এনে সুন্দৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি উলিয়াব পাৰিলে। কোনোবাই কৈছিল, সময়ে যেতিয়া বিচৰা পথৰ দুৱাৰ মুকলি নিদিয়ে, আমি নিজেই বাট বিচাৰি ওলিয়াই ল’বলৈ শিকিব লাগে। দৃঢ়তা আৰু একাগ্ৰতা থাকিলে, সপোন কোনোবা নহয় কোনো বাটেৰে নিজৰ ৰূপ লৈ উঠে। বহু বছৰৰ আগতে উৰিষ্যাৰ এজন দৰিদ্ৰ ঘৰৰ ল’ৰাৰ মনত চিত্ৰৰ প্ৰতি আগ্ৰহ জন্মিছিল।
কিন্তু সেই ল’ৰাজনৰ চাৰি বছৰ নহওঁতে দেউতাকে সিহঁতক মাজ বাটৰে এৰি গুচি গৈছিল। মাক, আইতাক আৰু তাৰ তিনি ভাইৰ সৈতে মাত্ৰ দুশ কি তিনিশ টকাৰ বৃদ্ধ পেঞ্চনেৰে ছয় জনিয়া পৰিয়াল চলাতো এক প্ৰকাৰেৰে অসম্ভৱ কথাই আছিল। ভোকৰ তাড়নাত ষষ্ঠম শ্ৰেণীতেই পঢ়া-শুনা সমাপ্ত কৰি কাষতে থকা চলচ্চিত্ৰকাৰ এজনৰ ঘৰত লগুৱাৰ কামত লাগি গৈছিল সি। দুবেলা দুসাজ খাবলৈ পোৱাৰ আশাতেই বিনা পইচাৰে সেই মানুহজনৰ সকলো ঘৰুৱা কাম কৰিছিল। যেতিয়া মালিকৰ ল’ৰা-ছোৱালীক চিত্ৰকাৰে ঘৰতে চিত্ৰ অঁকা শিকাবলৈ আহে, সি আলেঙে আলেঙে সেই ৰãীন চিত্ৰবোৰ চাইছিল। বগা কাগজৰ ওপৰত আঁকি থোৱা সাতোৰãী চিত্ৰবোৰে মনৰ এটি কোণত লাহে লাহে বিকশিত কৰাবলৈ ধৰা কল্পনাক আকাৰ দিবলৈ যেন তাক উদ্বিগ্ন কৰি তুলিছিল। কাগজ-ৰঙৰ অভাৱ হ’লেও সি নিতৌ সমুদ্ৰৰ সৈকত গৈ বাতিৰ ওপৰত নিজৰ কল্পনাক ৰূপ দিয়াৰ প্ৰয়াস কৰিছিল। এনেদৰেই বালিৰ ওপৰত চিত্ৰ আঁকি থাকোতেই সাগৰৰ পৰত ফুলিবলৈ অহা বিদেশী পৰ্যটকসকলৰ পৰা ভূয়সী প্ৰসংশা পাইছিল আৰু এদিন আনৰ ঘৰত লগুৱাৰ কাম কৰি খোৱাৰ কালতেই সকলোকে আচৰিত কৰি ল’ৰাজনে আমেৰিকা যুক্তৰাষ্ট্ৰ পৰা বলুকা শিল্প প্ৰদৰ্শন কৰাৰ নিমন্ত্ৰিণী পত্ৰ পাইছিল। খাবলৈ হাতত পইচা নথকা ল’ৰাটোৱে ওচৰ-চুবুৰীয়াৰ পৰা টিকটৰ পইচা সংগ্ৰহ কৰি যেতিয়া ভিজাৰ কাৰণে যায়, তাত তাক ইংৰাজী ক’ব নজনা আৰু বেংকত কোনো ধনৰাশি জমা নথকাৰ কাৰণে আমেৰিকালৈ যোৱাৰ ভিজা স্থায়ীভাৱে বাতিল কৰি দিছিল। চকুৰ আগতে ভাগ্যই সোণালী সুযোগ কাঢ়ি নিলেও সি নিজৰ মনোবলক ভাঙি পৰিবলৈ দিয়াৰ পৰিৱৰ্তে অধিক একাগ্ৰতাৰে বলুকা শিল্পত মনোনিৱেশ কৰাত লাগি গৈছিল। মাত্ৰ কিছু ক্ষণৰ কাৰণে বৰ্তি থকা এই কলাৰ মাজত নিজৰ মন-প্ৰাণ ঢালি দিছিল। অধিক সময় সাগৰৰ পাৰত অতিবাহিত কৰাৰ কাৰণে কামৰ পৰা উলিয়াই দিয়াৰ ধমকি পাইছিল যদিও পেটৰ ভোক আৰু নিজৰ বলুকা শিল্পৰ প্ৰতি থকা আকৰ্ষণ দুয়োকে সমানে চলাই নিয়াৰ উদ্দেশ্যেৰে ৰাতি তিনিটা বজাত উঠি সাগৰৰ পাৰলৈ গৈ অনুশীলন কৰিছিল। কষ্ট আৰু অধ্যৱসায়ৰ ফলত নিপুণ হৈ উঠা সেই হাতৰ চমক দেখুৱাবলৈ ভাগ্য এদিন আকৌ সুপ্ৰসণ্ণ হ’ল। সময় আহিলে তাৰ জীৱনলৈ, যেতিয়া দেশ-বিদেশৰ পৰা বলুকা শিল্প প্ৰদৰ্শনৰ কাৰণে তাক আমন্ত্ৰিত কৰা হ’ল। সেই ল’ৰাজনৰ জনপ্ৰিয়তা এনেদৰে চৌদিশে বয়পিবলৈ ল’লে, এদিন আমেৰিকা যুক্তৰাষ্ট্ৰই নিজে স্থায়ী ভিজা দি তেওঁলোকৰ দেশত এই কলাক আগুৱাই নিয়াৰ প্ৰস্তাৱ আগবঢ়ালে। কিন্তু নিজৰ মাটিৰ বুকুতে নিজৰ কলা-সংস্কৃতিক প্ৰসাৰিত কৰাৰ মানসেৰে সেই দৰিদ্ৰ ল’ৰাজনে নিজৰ দেশতে থাকি এই কাম কৰি যোৱাৰ পণ ল’লে।


কাগজ-ৰং কিনিবলৈ হাতত পইচা নথকা এই ল’ৰাজনেই হৈছে আজিৰ বিশ্বৰ শীৰ্ষস্থান অধিকাৰ কৰা ভাৰতীয় বলুকা শিল্পী শ্ৰীযুত সুদৰ্শন পাটনায়ক, যাক ভাৰতৰ পূৰ্ব আৰু প্ৰয়াত ৰাষ্ট্ৰপতি শ্ৰীযুত আব্দুল কালামেও ৰাষ্ট্ৰপতি নিবাসলৈ মাতি তেওঁৰ লগত কথা পতাই কেৱল নহয় তেওঁক ২০১৪ চনত পদ্মশ্ৰী বঁটাৰেও সন্মানিত কৰিছে। উৰিষ্যাৰ বলুকা শিল্পক বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰাত তেওঁৰ অৱদান চিৰযুগমীয়া। মই লগ পোৱা বিশ্বনাথ পাণ্ডাক বৰ্তমানে ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰ এজন বৈজ্ঞানিক হিচাপে কৰ্মৰত থাকিলেও, তেওঁৰ মনৰ মাজতো কোনোবা এডোখৰ ঠাইত আজিও এই বলুকা শিল্পই বাস কৰি আছে। সেই জোনাক নিশা আমাৰ সকলোকে অভিভূত কৰি শ্ৰীযুত পাণ্ডাই সাগৰৰ পাৰত বালুকাৰে গৌতম বুদ্ধৰ মুখমণ্ডলৰ সুন্দৰ আকৃতি তৈয়াৰ কৰি দেখুৱাইছিল। প্ৰাকৃতিক পৰিৱেশৰ মাজতে বহু পৰ তেখেতৰ লগত এই শিল্পৰ বিষয়ে কথা পাতিছিলো। কোৱা হয় এই বলুকা শিল্পৰ আৰম্ভণি বহু হাজাৰ বছৰ পূৰ্বেই হৈছিল। বলৰাম দাস নামেৰে এজন মহান কবি যিয়ে বহু ভক্তিমূলক কবিতা ৰচনা কৰাৰ লগতে উড়িয়া ৰামায়ণ লিখি থৈ গৈছিল। কিন্তু এজন বিদ্যান হ’লেও কোনো কোনো বদ অভ্যাসৰ বাবে মন্দিৰৰ পূজাৰীসকলে তেওঁক বৰকৈয়ে অৱজ্ঞা কৰিছিল।